নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী খেলুৱৈক অপহৰণ কৰিব আইছিছে

🔹 আইচিচি চেম্পিয়নছ ট্রফীত কূটাঘাটৰ ব্লুপ্রিণ্ট পাক সন্ত্রাসবাদীৰ

নিউজ ডেস্ক, ২৫ ফেব্রুৱাৰী : ডুবাই আৰু পাকিস্তানত চলি থকা আইচিচি চেম্পিয়নছ ট্রফীত সন্ত্রাসবাদী সংগঠন ইছলামিক ষ্টেটে আক্রমণৰ ব্লুপ্রিণ্ট ৰচিছে৷ ইছলামিক ষ্টেটে আইচিচি চেম্পিয়নছ ট্রফীত অংশ লোৱা বিদেশী খেলুৱৈক অপহৰণৰ বাবে ব্লুপ্রিণ্ট ৰচনা কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ পাকিস্তানী চোৰাংচোৱাই সন্ত্রাসবাদী সংগঠনৰ এই ভয়ংকৰ ব্লুপ্রিণ্টৰ তথ্য লাভ কৰাৰ পাছতেই নিৰাপত্তা বাহিনীক সতর্কবাণী জাৰি কৰিছে৷ লগে লগে বিদেশী খেলুৱৈৰ বাবে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ পাকিস্তানী নিৰাপত্তা বাহিনীয়ে বিদেশী খেলুৱৈক নিৰাপত্তা প্রদানৰ বাবে পাক ৰেঞ্জার্ছ আৰু স্থানীয় আৰক্ষী মোতায়েন কৰিছে৷ চলিত ক্রিকেট প্রতিযোগিতাখনত অংশ লোৱা বিদেশী খেলুৱৈৰ যাতে কোনো অনিষ্ট নহয়, তাৰ বাবে বিদেশী খেলুৱৈৰ অনুৰাগী আৰু শুভাকাংক্ষীৰ ক্ষেত্রতো কঠোৰ প্রতিবন্ধকতা জাৰি কৰা হৈছে৷ বিদেশী খেলুৱৈসকলকো ইছলামিক ষ্টেটৰ ব্লুপ্রিণ্টৰ প্রতি লক্ষ্য ৰাখি পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে অহেতুক অনুৰাগী অথবা শুভাকাংক্ষীৰ সৈতে অত্যধিক মিলামিছা নকৰিবলৈও সতর্ক কৰি দিছে৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তান, চমুকৈ টিটিপি, আইছিছ আৰু বালুচিস্তানস্থিত সন্ত্রাসবাদী সংগঠনকেইটাই বিদেশী খেলুৱৈক অপহৰণৰ ব্লুপ্রিণ্ট ৰচি ইতিমধ্যে সন্ত্রাসবাদী সংগঠনৰ দুর্ধর্ষ সদস্যই অপহৰণ সফল কৰি তুলিবলৈ অভিযান আৰম্ভ কৰা বুলিও পাকিস্তানী চোৰাংচোৱা সংস্থাই তথ্য লাভ কৰিছে৷ উল্লেখ্য যে ২৭ বছৰ পাছত পাকিস্তানে আইচিচিৰ শীর্ষ প্রতিযোগিতা আয়োজন কৰিবলৈ স্বত্ব লাভ কৰিছে৷ দেশখনত চলি থকা ৰাজনৈতিক অস্থিৰতা আৰু সন্ত্রাসবাদী সংগঠনৰ মুকলি বিচৰণে শীর্ষ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্রত দ্বিধাৰ সৃষ্টি কৰি আহিছে৷ ইয়াৰ মাজতো দেশখনত আইচিচি চেম্পিয়নছ ট্রফীৰ কিছু খেল অনুষ্ঠিত কৰিছে৷ পাকিস্তানৰ সৈতে ভাৰতৰ চিৰবৈৰিতাৰ পৰিপ্রেক্ষিতত ভাৰতৰ খেলসমূহ ডুবাইত আয়োজন কৰা হৈছে৷ পাকিস্তানৰ দলটোৱেও ভাৰতৰ সৈতে ডুবাইত অংশ লৈছে৷ ভাৰতীয় দলটোৱে আটাইকেইখন খেলেই ডুবাইত খেলিব৷ লক্ষণীয় যে প্রথমবাৰৰ বাবে আইচিচি চেম্পিয়নছ ট্রফী আয়োজন কৰা দেশ এখনে বিদেশত নিজৰ খেল খেলিবলৈ বাধ্য হৈছে৷ তাৎপর্যপূর্ণ যে ২০০৯ চনত পাকিস্তান ভ্রমণৰত শ্রীলংকাৰ ক্রিকেট দলটোক সন্ত্রাসবাদী সংগঠনে আক্রমণ কৰিছিল৷ সেই আক্রমণত কোনো এজন শ্রীলংকান ক্রিকেটাৰৰ অনিষ্ট হোৱা নাছিল যদিও এই আক্রমণৰ পিছত পাকিস্তানত খেল আয়োজন কৰাৰ ক্ষেত্রত আইচিচি উদ্বিগ্ণ হৈ আহিছে৷ ইয়াৰ মাজতো আইচিচি চেম্পিয়নছ ট্রফী আয়োজন কৰাৰ কেইদিনমান পাছতে সন্ত্রাসবাদী সংগঠনৰ ব্লুপ্রিণ্টে পুনৰ উদ্বিগ্ণ কৰিছে আইচিচিক৷

You might also like