নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰত সাত বছৰীয়া কিশোৰীক হ*ত্যা, ধ*ৰ্ষণৰ আশংকা

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ আকৌ এবাৰ ৰাজস্থানৰ জয়পুৰত মানৱতাক লজ্জিত কৰা এটা গোচৰ পোহৰলৈ আহিছে। জয়পুৰৰ প্ৰতাপ নগৰ থানা এলেকাত কালি সন্ধিয়া এগৰাকী নিৰীহ কিশোৰীক হত্যা কৰা হয়। নিৰীহ ছোৱালীজনীক ধৰ্ষণ কৰাৰ আশংকা কৰা হৈছে। গোচৰটোৰ তথ্য পোৱাৰ লগে লগে প্ৰতাপ নগৰ আৰক্ষী সেই স্থানত উপস্থিত হয়। তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত সোমবীৰ ছাইনীক। উল্লেখ্য যে কালি সন্ধিয়া প্ৰতাপ নগৰ থানাত নিৰুদ্দেশ হোৱা সাত বছৰীয়া কিশোৰীৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ছোৱালীজনীক বিচাৰিবলৈ আৰম্ভ কৰে। তালাচীৰ সময়তে কিশোৰীগৰাকীৰ ভাড়াঘৰৰ চাদত উদ্ধাৰ হয় মৃতদেহ। ইয়াৰ পিছত আৰক্ষীয়ে ঠাইডোখৰ পৰিদৰ্শন কৰি প্ৰমাণ সংগ্ৰহ কৰে। আৰক্ষীয়ে বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি আছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে অভিযুক্ত আৰু নিৰীহ ছোৱালীজনীৰ পিতৃয়ে একেখন ধাবাতে কাম কৰিছিল বুলিও পোহৰলৈ আহিছে।্

You might also like