নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফীত সর্বাধিক ৰানৰ অভিলেখ ইব্রাহিম জাদ্ৰানৰ

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ চেম্পিয়নছ ট্রফীৰ ইতিহাসত ব্যক্তিগতভাৱে সর্বাধিক ৰান কৰাৰ অভিলেখ ৰচিলে আফগানিস্তানৰ তাৰকা বেটাৰ ইব্রাহিম জাদ্রানে৷ চলিত আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ লাহোৰত ইংলেণ্ডৰ বিপক্ষে খেলা মেচখনত ইব্রাহিম জাদ্রানে ১৭৭ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ মাত্র ১৪৬টা বলত ১৭৭ ৰান কৰি ইব্রাহিমে চলিত চেম্পিয়নছ ট্রফীত কেইদিনমান পূর্বে ইণ্ডিয়াৰ বেন ডাকেটে কৰা সর্বাধিক ৰানৰ অভিলেখটো ভংগ কৰে৷ ডাকেটে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনত ১৬৫ ৰান কৰিছিল৷ ইব্রাহিম জাদ্রানে ডাকেটৰ অভিলেখটো ভংগ কৰি নতুন অভিলেখ স্থাপন কৰে৷ জাদ্রানৰ ইনিংছটোত আছিল ১২টা চাৰি আৰু ৬টা ছয়৷ ইফালে আফগানিস্তানৰ হৈ ব্যক্তিগতভাৱে সর্বাধিক ৰান কৰাৰ অভিলেখো গঢ়ে ইব্রাহিম জাদ্রানে৷ তাৰকা বেটাৰগৰাকীয়ে নিজৰেই অভিলেখ ভংগ কৰি নতুন নজিৰ গঢ়ে৷ ইয়াৰ পূর্বে ইব্রাহিমে ২০২২ চনত পাল্লিকেলত শ্রীলংকাৰ বিপক্ষে ১৬২ ৰানৰ দুর্দান্ত ইনিংছ খেলিছিল৷ আনহাতে পাকিস্তানত এদিনীয়া ক্রিকেটত ব্যক্তিগতভাৱে সর্বাধিক ৰান কৰা খেলুৱৈৰ তালিকাত চতুর্থ স্থান লাভ কৰিছে ইব্রাহিম জাদ্রানে৷ পাকিস্তানত এদিনীয়া ক্রিকেটত সর্বাধিক ৰান কৰা তালিকাৰ শীর্ষস্থানত আছে দক্ষিণ আফ্রিকাৰ গেৰী কার্ষ্টেনৰ নামত৷ ১৯৯৬ চনত ৰাৱালপিণ্ডিত ইউএইৰ বিৰুদ্ধে অপৰাজিতভাৱে ১৮৮ ৰান কৰিছিল কার্ষ্টেনে৷ ১৯৮৭ চনত কৰাচীত শ্রীলংকাৰ বিৰুদ্ধে ১৮১ ৰান কৰি ৱেষ্ট ইণ্ডিজৰ ভিভ ৰিচার্ডছে দ্বিতীয় আৰু ২০২৩ চনত ৰাৱালপিণ্ডিত নিউজিলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ ফখৰ জামানে অপৰাজিতভাৱে ১৮০ ৰান কৰি তৃতীয় স্থানটো অধিকাৰ কৰি আছে৷

You might also like