প্রয়াগৰাজত ৪৫ দিনত ৬৪ কোটি ভক্ত-সাধুৰ অমৃত স্নান
নিউজ ডেস্ক, ২৬ ফেব্রুৱাৰীঃ মহাশিৱৰাত্রিৰ স্নানেৰে সামৰণি পৰিল মহাকুম্ভমেলাৰ৷ উত্তৰ প্রদেশৰ প্রয়াগৰাজত আয়োজিত মহাকুম্ভমেলা ২০২৫ৰ অতি সফলতাৰে সামৰণি পৰে৷ বিশ্বৰ সর্ববৃহৎ সমাৱেশ হিচাপে পৰিগণিত মহাকুম্ভমেলাত দেশ–বিদেশৰ কোটি কোটি ভক্তই অমৃত স্নান কৰি আধ্যাত্মিক ভাবত বুৰ গ’ল৷ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈ ৪৫দিনীয়া এই মহাকুম্ভমেলাত ৬৪ কোটিতকৈও অধিক ভক্তই ত্রিবেণী সংগমত অমৃত স্নান কৰে৷ উদ্যোগ জগতৰ পৰা ক্রীড়া, ৰাজনীতি, সংস্কৃতি আদিৰ ৰথী–মহাৰথীসকলে প্রয়াগৰাজৰ গংগা–যমুনা আৰু সৰস্বতীৰ মিলনস্থলী ত্রিবেণী সংগমত স্নান কৰে৷ একতা আৰু বিশ্ব এক পৰিয়াল বার্তাৰে আয়োজিত এই মহাকুম্ভমেলাত সকলো ধর্মৰ লোকে হৃদয় উজাৰি সমর্থন আগবঢ়োৱাৰ সমান্তৰালকৈ ত্রিবেণী সংগমত স্নান কৰে৷ ডেৰশ কোটি টকা ব্যয়সাপেক্ষে আয়োজিত এই মহাকুম্ভমেলাই ৰাজ্যখনৰ অর্থনীতিলৈ তিনি লাখ কোটিতকৈও অধিক টকাৰ ৰাজহ অৰিহণা যোগায়৷ ১৫ লাখ জনসংখ্যাৰ চহৰ প্রয়াগৰাজে দেশ–বিদেশৰ ৬৪ কোটিতকৈও অধিক ভক্তক হাঁহিৰে আদৰণি জনোৱাটো কঠিন প্রত্যাহ্বান আছিল যদিও আয়োজকৰ সঠিক ব্যৱস্থাপনাৰ বাবে দুই–এটা বিক্ষিপ্ত ঘটনাক বাদে সুকলমে ৪৫দিনীয়া মহাকুম্ভমেলাৰ সামৰণি পৰে৷ ১৩ জানুৱাৰীত আৰম্ভ হোৱা এই মহাকুম্ভমেলাৰ অমৃত স্নানৰ ৪৫ দিনত মহাশিৱৰাত্রিৰ দিনা কেইবালক্ষ ভক্তৰ অমৃত স্নানেৰে সামৰণি পৰে৷ মহাশিৱৰাত্রিৰ দিনা অমৃত স্নানৰ বাবে ভিৰ কৰা ভক্তৰ ওপৰত ভাৰতীয় বায়ুসেনা বাহিনীয়ে হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি কৰে৷ এই মহাকুম্ভমেলাত দেশৰ ৰাষ্ট্রপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা কেবিনেট মন্ত্রীসকলৰ লগতে দেশৰ–ৰাজ্যসমূহৰ মুখ্যমন্ত্রী আৰু ৰাজনীতিকসকলে অমৃত স্নান কৰে৷ এই মহাকুম্ভমেলাত ৪০তকৈও অধিক দেশৰ কূটনীতিকে অমৃত স্নান কৰি একতা আৰু বিশ্ব এক পৰিয়াল বার্তাৰে আয়োজন কৰা মহাকুম্ভমেলাক সফল কৰি তোলে৷