নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ডিটেনচন কেম্পত বন্দী বাংলাদেশীক বিতাড়নৰ নির্দেশ

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ চিনাক্ত বিদেশী বিতাড়নৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে দেখুৱাই অহা হোঁহকা–পিছলা নীতিৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়৷ শেহতীয়াকৈ অসমৰ ডিটেনচন কেম্পত বন্দী হৈ থকা বাংলাদেশী লোকৰ বিতাড়নত বিলম্বৰ কাৰণ কি আৰু কি মুহূর্তৰ বাবে অপেক্ষা কৰিছে বুলি প্রশ্ন তুলিছিল উচ্চতম ন্যায়ালয়ে৷ পুনৰ এই সন্দর্ভত হোৱা শুনানিত অহা ২১ মার্চৰ ভিতৰত কেন্দ্রীয় চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব বুলি এক ইংগিত প্রদান কৰিলে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই৷ উচ্চতম ন্যায়ালয়ক তুষাৰ মেহতাই প্রকাশ কৰা অনুসৰি অসমত বিদেশী হিচাপে চিনাক্ত হোৱা ব্যক্তিসকলৰ বিতাড়ন সন্দর্ভত প্রশাসনীয় সর্বোচ্চ পর্যায়ত পর্যালোচনা চলি আছে৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কেন্দ্রীয় চৰকাৰক ইয়াৰ পূর্বৰ শুনানিত বিদেশী বিতাড়নৰ নির্দিষ্ট দিন স্থিৰ কৰি ন্যায়ালয়ক অৱগত কৰাৰ বাবে নির্দেশনা দিছিল৷ যোৱা ৪ ফেব্রুৱাৰীত বিষয়টো সন্দর্ভত হোৱা শুনানিত ন্যায়ালয়ে বিদেশী বিতাড়নৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা প্রক্রিয়াত অসন্তুষ্টি প্রকাশ কৰাৰ লগতে অসমৰ ডিটেনচন কেম্পত বন্দী হৈ থকা বিদেশীসমূহৰ ক্ষেত্রত সিদ্ধান্ত ল’বলৈও স্পষ্ট কৰি দিছিল৷ বিশেষকৈ অসমৰ গোৱালপাৰা জিলাৰ মাটিয়াৰ ডিটেনচন কেম্পত ২৭০জন বিদেশীক বন্দী কৰি ৰখাৰ ক্ষেত্রত বৈধ কাৰণ প্রকাশ নকৰাক লৈও ন্যায়ালয়ে অসন্তুষ্টি ব্যক্ত কৰিছিল৷ সমান্তৰালভাৱে এই কেম্পসমূহত থকা বিদেশী বন্দীসকলৰ চিকিৎসা আৰু তেওঁলোকৰ খাদ্যক লৈও প্রশ্ণ তুলি এইক্ষেত্রত অসম ৰাজ্যিক ন্যায়িক সেৱা প্রাধিকৰণক ডিটেনচন কেম্পসমূহ হঠাৎ পৰিদর্শন কৰি তাত থকা সা–সুবিধা তথা আন দিশসমূহ পৰীক্ষা কৰাৰো নির্দেশ দিছিল৷

You might also like