নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণ্ডল কংগ্ৰেছৰ সম্পাদকসহ শতাধিক কংগ্ৰেছীৰ অগপত যোগদান

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে লাহৰীঘাটত কংগ্ৰেছত খহনীয়া। মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদকসহ শতাধিক কংগ্ৰেছীৰ অগপত যোগদান। আজি লাহৰীঘাট বিধান পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত হয়। অগপৰ লাহৰীঘাট বিধান পৰিষদৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত  ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সভাৰ সভাপতিত্ব কৰে বিধান পৰিষদৰ সভাপতি গুলজাৰ হুছেইনে। সভাত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মানিক হুছেইন, কেন্দ্ৰীয় উপ-সভাপতি মহম্মদ আলী, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য হুৰমূজ আলী, বিধান পৰিষদৰ সম্পাদকদ্বয় নৱ কান্ত ডেকা আৰু মজিবুৰ ৰহমানকে ধৰি বহু কেইগৰাকী আৰু জিলা পৰ্য্যায়ৰ নেতা উপস্থিত থাকে। সভাত লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তুলসীবড়ী গাওঁ পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক শ্বফিকুল ইছলামৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মী আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰে। ইফালে আজি অনুষ্ঠিত সাধাৰণ সভাত বিধান পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ এখনি সমিতি গঠন কৰা হয়। শ্বফিকুল ইছলামক সভাপতি আৰু গুলাম কিব্ৰয়াক সাধাৰণ সম্পাদক হিচাপে লাহৰীঘাট বিধান পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নতুন কমিটি গঠন কৰা হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে স্হানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

প্ৰেৰক আবুল কালাম

You might also like