নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একতাৰ মহাকুম্ভ : এটা নতুন যুগৰ প্রত্যুষত

নৰেন্দ্র মোদী
ভাৰতৰ প্রধানমন্ত্রী

পৱিত্র নগৰী প্রয়াগৰাজত মহাকুম্ভৰ সফলতাৰে সামৰণি পৰিল৷ ইয়াৰ লগে লগে সম্পূর্ণ হ’ল একতাৰ এক বিশাল মহাযজ্ঞৰো৷ যেতিয়া এটা জাতিৰ চেতনা জাগ্রত হয়, যেতিয়া ই শতিকা প্রাচীন বশ্যতা স্বীকাৰৰ মানসিকতাৰ কঠিন শিকলিৰ পৰা মুক্ত হয়, তেতিয়াই জাতিটোৱে, দেশখনে নতুন শক্তিৰ সতেজ বতাহেৰে মুক্তভাৱে উশাহ ল’বলৈ সক্ষম হয়৷ মুক্ত চিন্তাৰে মুক্তভাৱে উশাহ ল’ব পৰাৰ পৰিৱেশ এটা ১৩ জানুৱাৰীৰ পৰা প্রয়াগৰাজত অনুষ্ঠিত হোৱা একতাৰ মহাকুম্ভত সুন্দৰ ৰূপত প্রত্যক্ষ কৰা হৈছে৷

২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ সময়ত মই দেৱভক্তি আৰু দেশভক্তিৰ কথা কৈছিলোঁ, মই কৈছিলোঁ ঈশ্বৰিক আৰু দেশৰ প্রতি থকা ভক্তি তথা আত্মোৎসর্গাৰ বিষয়ে৷ প্রয়াগৰাজৰ মহাকুম্ভত বিভিন্ন প্রান্তৰ পৰা অহা সাধু–সন্ত, মহিলা, শিশু, যুৱক–যুৱতী, জ্যেষ্ঠ নাগৰিক আৰু সকলো শ্রেণীৰ লোক একত্রিত হৈছিল৷ আমি এই মহাকুম্ভতেহ জাতিটোৰ জাগ্রত চেতনাৰ প্রতিফলন প্রত্যক্ষ কৰিলোঁ৷ এক কথাত এয়া আছিল একতাৰ মহাকুম্ভ, য’ত এই পৱিত্র অনুষ্ঠানৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ আৱেগ একে ঠাইতে, একে সময়তে জাগ্রত হৈছিল৷ প্রয়াগৰাজৰ এই পৱিত্র অঞ্চলটো হৈছে ঐক্য, সম্প্রীতি আৰু প্রেমৰ পৱিত্র ভূমি শৃংগভেৰপুৰ, য’ত প্রভু শ্রীৰাম আৰু নিশাদৰাজৰ সাক্ষাৎ হৈছিল৷ তেওঁলোকৰ এহ সাক্ষাৎ ভক্তি আৰু সদিচ্ছাৰ সংগমৰ প্রতীক আছিল৷ আজিও প্রয়াগৰাজত সেই ভক্তি আৰু সদিচ্ছাৰ ধ্বনি অনুৰণিত হৈ আছে, যিয়ে আমাক প্রতিপলতে অনুপ্রাণিত কৰি আহিছে৷

যোৱা ৪৫টা দিনত মই লক্ষ্য কৰিছো যে দেশৰ বিভিন্ন প্রান্তৰ পৰা কোটি কোটি লোকে সংগমলৈ বাট পোনাহছিল৷ সংগমস্থলীত আৱেগৰ ঢৌ উঠিছিল৷ ইয়ালৈ প্রতিগৰাকী ভক্তই এটাই উদ্দেশ্য লৈ আহিছিল– সেয়া হৈছে সংগমত পৱিত্র স্নান কৰা৷ গংগা, যমুনা, সৰস্বতীৰ পৱিত্র সংগমস্থলে প্রতিগৰাকী তীর্থযাত্রীক উৎসাহ, শক্তি, আত্মবিশ্বাসেৰে ভৰাই তুলিছিল৷ মই ভাবোঁ কোটি কোটি লোকে একে মনোভাবেৰে সমৱেত হোৱা প্রয়াগৰাজৰ এই মহাকুম্ভ আধুনিক ব্যৱস্থাপনাৰ সৈতে জড়িত পেছাদাৰী, পৰিকল্পনাকাৰী আৰু নীতি বিশেষজ্ঞৰ বাবে অধ্যয়নৰ এক বিশেষ বিষয় হোৱা উচিত৷ কাৰণ পৃথিৱীৰ আন ক’তো ইমান বিশাল পৰিসৰত আয়োজিত আনুষ্ঠানৰ উদাহৰণ নাই৷

সমগ্র বিশ্বই আশ্চর্যৰে ভৰা নয়েনে প্রত্যক্ষ কৰিলে কিদৰে প্রয়াগৰাজৰ নদীৰ সংগমস্থলীৰ পাৰত কোটি কোটি মানুহ গোট খাইছিল৷ এই অনুষ্ঠানলৈ সেই লোকসকলক কোনো আনুষ্ঠানিক নিমন্ত্রণ দিয়া হোৱা নাছিল, তালৈ কেতিয়া যাব লাগিব সেই সম্পর্কেও পূর্বে কাৰো সৈতে কোনো যোগাযোগ কৰা হোৱা নাছিল৷ তথাপি কোটি কোটি মানুহে নিজৰ ইচ্ছামতে মহাকুম্ভলৈ ৰাওনা হৈছিল আৰু সংগমৰ পৱিত্র পানীত স্নান কৰাৰ আনন্দ অনুভৱ কৰিছিল৷ সংগমত পৱিত্র স্নান কৰাৰ পিছত অপৰিসীম আনন্দ আৰু সন্তুষ্টিৰ বিকিৰণেৰে আলোকিত হৈ পৰা সেই মুখবোৰ মই কেতিয়াও পাহৰিব নোৱাৰিম৷ সেয়া আছিল ঈশ্বৰিক দ্যুতি, কিবা এক প্রাপ্তিৰ আনন্দত উজ্জ্বল হৈ পৰা মুখ৷ মহিলা, বয়োজ্যেষ্ঠ, আমাৰ দিব্যাংগ ভাই–ভনীসকল– সকলোৱে কেৱল প্রয়াগৰাজৰ সংগমৰ দিশে ঢাপলি মেলিছিল৷

প্রয়াগৰাজৰ মহাকুম্ভত ভাৰতৰ যুৱক–যুৱতীসকলৰ লক্ষণীয় অংশগ্রহণ দেখি মই বিশেষভাৱে উৎসাহিত হৈ পৰিছিলোঁ৷ মহাকুম্ভত নৱপ্রজন্মৰ এনে বিশাল উপস্থিতিয়ে এক গভীৰ বার্তা প্রেৰণ কৰিছে– সেয়া হৈছে ভাৰতৰ যুৱক–যুৱতীসকল আমাৰ গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ ধ্বজাবাহক হিচাপে পৰিগণিত হৈছে৷ আমাৰ গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে যুৱক–যুৱতীসকলে বুজি উঠিছে আৰু এইবোৰৰ সংৰক্ষণৰ প্রতি তেওঁলোকৰ দায়িত্ব উপলব্ধি কৰি ইয়াক আগুৱাই নিয়াৰ বাবে প্রতিশ্রুতিবদ্ধ হৈছে৷ প্রয়াগৰাজত এই মহাকুম্ভত উপস্থিত হোৱা লোকৰ সংখ্যাই নিঃসন্দেহে নতুন অভিলেখ সৃষ্টি কৰিছে৷ কিন্তু শাৰীৰিকভাৱে উপস্থিত থকাসকলৰ বাহিৰেও প্রয়াগৰাজত কায়িকভাৱে উপস্থিত হ’ব নোৱাৰা কোটি কোটি লোকো এই অনুষ্ঠানৰ সৈতে আৱেগিকভাৱে গভীৰভাৱে জড়িত হৈ পৰিছিল৷ তীর্থযাত্রীসকলে লগত লৈ যোৱা পৱিত্র পানী লাখ লাখ লোকৰ বাবে আধ্যাত্মিক আনন্দৰ উৎস হৈ পৰিছিল৷ মহাকুম্ভৰ পৰা উভতি অহা বহু লোকক সমাজে সন্মান জনাই নিজৰ গাঁৱলৈ শ্রদ্ধাৰে আদৰণি জনোৱাও দেখা গৈছিল৷

সঁচা অর্থত ক’বলৈ গ’লে যোৱা কেইসপ্তাহমানত যি ঘটিছে সেয়া আছিল অভূতপূর্ব আৰু ই আগন্তুক শতিকাবোৰৰ বাবে এক দৃঢ় ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ মানুহে কল্পনা কৰাতকৈও অধিক ভক্ত প্রয়াগৰাজত সমৱেত হৈছে৷ দৰাচলতে কুম্ভৰ পূর্বৰ অভিজ্ঞতাৰ ভিত্তিতে প্রশাসনে ভক্তৰ উপস্থিতিৰ আনুমানিক হিচাপ কৰিছিল৷ সেয়ে কোনো অসুবিধা নোহোৱাকৈ সকলো সুচাৰুৰূপে সম্পন্ন হৈছে৷ লক্ষণীয় কথাটো হ’ল আমেৰিকাৰ জনসংখ্যা যিমান, তাৰ প্রায় দুগুণ লোকে এই একতাৰ মহাকুম্ভত অংশগ্রহণ কৰিছিল৷ আধ্যাত্মিক পণ্ডিতসকলে যদি কোটি কোটি ভাৰতীয়ৰ এনে উৎসাহ ভৰা অংশগ্রহণৰ কথা বিশ্লেষণ কৰে, তেন্তে তেওঁলোকে দেখিব যে নিজৰ ঐতিহ্যক লৈ ভাৰতীয়সকল কিমান গৌৰৱান্বিত আৰু তেওঁলোকে এতিয়া নতুনকৈ আহৰণ কৰা নৱ উদ্দীপনা তথা শক্তিৰে আগবাঢ়িছে৷ মোৰ বিশ্বাস– এয়া এক নতুন যুগৰ সূর্যোদয়, যিয়ে নতুন ভাৰতৰ ভৱিষ্যতৰ চিত্রনাট্য ৰচনা কৰিব৷

হাজাৰ হাজাৰ বছৰ ধৰি মহাকুম্ভই ভাৰতৰ জাতীয় চেতনাক শক্তিশালী কৰি তুলিছে৷ প্রতিটো পূর্ণকুম্ভই সন্ত, পণ্ডিত আৰু চিন্তাবিদৰ সমাৱেশৰ সাক্ষ্য বহন কৰিছে৷ প্রতিটো কুম্ভত সমৱেত লোকসকলে নিজৰ সময়ৰ সামাজিক অৱস্থাৰ বিষয়ে আলোচনা কৰিছে৷ তেওঁলোকৰ চিন্তাৰ প্রতিফলনে দেশ আৰু সমাজখনক এক নতুন দিশ প্রদান কৰি আহিছে৷ প্রতি ছবছৰৰ মূৰে মূৰে অনুষ্ঠিত অর্ধকুম্ভৰ সময়ত এহ ধাৰণাসমূহ পুনৰ ফঁহিয়াই চোৱা হৈছে৷ ১৪৪ বছৰৰ পিছত ১২টা পূর্ণকুম্ভ অনুষ্ঠিত হোৱাৰ অন্তত সমাজত অচল হৈ পৰা পৰম্পৰাবোৰ, ধাৰণাবোৰ পৰিত্যাগ কৰা হৈছে৷ তাৰ ঠাইত নতুন ধাৰণাক আঁকোৱালি লোৱা হৈছে আৰু এনেদৰেই নতুন পৰম্পৰাৰ সৃষ্টি হৈ সময়ৰ লগে লগে সমাজখন আগবাঢ়ি গৈছে৷

১৪৪ বছৰৰ পাছত এই মহাকুম্ভত আমাৰ সাধু–সন্তসকলে পুনৰ ভাৰতৰ উন্নয়ন যাত্রাৰ বাবে আমাক এক নতুন বার্তা দিছে৷ সেই বার্তা হৈছে উন্নত ভাৰত– বিকশিত ভাৰত৷ এই একতাৰ মহাকুম্ভত জাতি, ধর্ম আৰু মতাদর্শ নির্বিশেষে ধনী বা দুখীয়া, ডেকা বা বুঢ়া, গাঁও বা চহৰৰ পৰা অহা লোক, ভাৰত বা বিদেশৰ পৰা অহা লোক, পূব বা পশ্চিমৰ পৰা অহা লোক, উত্তৰ বা দক্ষিণৰ পৰা অহা লোক, প্রতিগৰাকী তীর্থযাত্রীয়েই এক মনোভাবেৰে একত্রিত হৈছিল৷ কোটি কোটি মানুহৰ আস্থাৰে পৰিপূর্ণ এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ দৃষ্টিভংগীৰ এয়া আছিল এক মূর্ত ৰূপ৷ এতিয়া, উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাবে আমি একে মনোভাবেৰেই একত্রিত হ’ব লাগিব৷

মোৰ মনলৈ আহিছে সেই ঘটনাটোৰ কথা, য’ত বালক শ্রীকৃষ্ণই নিজৰ মুখৰ ভিতৰত থকা সমগ্র বিশ্বব্রহ্মাণ্ডৰ এটা ৰূপ তেওঁৰ মাতৃ যশোদাৰ সন্মুখত উদ্ভাসিত কৰিছিল৷ সেইদৰে এই মহাকুম্ভতো ভাৰতৰ সামূহিক শক্তিৰ ব্যাপক সম্ভাৱনাৰ কথাক প্রমাণ কৰি ভাৰতৰ লগতে বিশ্ববাসীৰ কোটি কোটি লোক একে ঠাইতে সমৱেত হৈছে৷ এতিয়া আমি এই আত্মবিশ্বাসকেই আধাৰ কৰি আগবাঢ়ি যাব লাগিব আৰু এখন উন্নত ভাৰত গঢ়াৰ দিশত নিজকে উৎসর্গা কৰিব লাগিব৷ পূর্বে ভক্তি আন্দোলনৰ সৈতে জড়িত সন্তসকলে সমগ্র ভাৰতবর্ষতে আমাৰ সামূহিক সংকল্পৰ শক্তি চিনাক্ত কৰি সেইবোৰক উৎসাহিত কৰিছিল৷ স্বামী বিবেকানন্দৰ পৰা আৰম্ভ কৰি শ্রী অৰবিন্দলৈকে প্রতিগৰাকী মহান চিন্তাবিদে আমাক আমাৰ সামূহিক সংকল্পৰ শক্তিৰ কথা সোঁৱৰাই দিছিল৷ আনকি মহাত্মা গান্ধীয়েও স্বাধীনতা আন্দোলনৰ সময়ত সামূহিক সংকল্পৰ শক্তিৰ কথা অনুভৱ কৰিছিল৷ স্বাধীনতাৰ পিছৰ এই সামূহিক শক্তিক যদি সঠিকভাৱে স্বীকৃতি দিয়া হ’লহেঁতেন আৰু সকলোৰে কল্যাণ বৃদ্ধিৰ দিশত ইয়াক ব্যৱহাৰ কৰা হ’লহেঁতেন তেন্তে ই নতুনকৈ স্বাধীনতাৰ সোৱাদ পোৱা জাতি এটাৰ বাবে এক বৃহৎ শক্তি হৈ পৰিলহেঁতেন৷ দুর্ভাগ্যজনকভাৱে আগতে তেনে কৰা হোৱা নাছিল৷ কিন্তু এতিয়া, এখন উন্নত ভাৰতৰ বাবে জনসাধাৰণৰ এই সামূহিক শক্তি একত্রিত কৰাৰ ধাৰণাটো পুনৰ জাগ্রত হোৱা দেখি মই আনন্দিত হৈ পৰিছোঁ৷ বেদৰ পৰা আৰম্ভ কৰি বিবেকানন্দলৈকে, প্রাচীন শাস্ত্রৰ পৰা আৰম্ভ কৰি আধুনিক কৃত্রিম উপগ্রহলৈকে ভাৰতৰ মহান পৰম্পৰাই এই দেশখনক সবল ৰূপত গঢ় দিছে৷ এজন নাগৰিক হিচাপে আমি এয়াই প্রার্থনা কৰোঁ যাতে আমি আমাৰ পূর্বপুৰুষ আৰু সন্তসকলৰ স্মৃতি তথা অভিজ্ঞতাৰ পৰা নতুন প্রেৰণা আহৰণ কৰিব পাৰোঁ৷ এহ একতাৰ মহাকুম্ভই আমাক নতুন সংকল্পৰে আগবাঢ়ি যোৱাত সহায় কৰক৷ আহক আমি ঐক্যক আমাৰ পথ প্রদর্শক নীতি হিচাপে গঢ়ি তোলোঁ৷ আহক আমি এই বুজাবুজিৰে কাম কৰোঁ যাতে আমাৰ মনত দেশৰ সেৱাই হৈছে ঈশ্বৰৰ সেৱাৰ দৰে মনোভাবৰ উদয় হয়৷ কাশীত নির্বাচনী প্রচাৰ চলোৱাৰ সময়ত মই কৈছিলোঁ, ‘মা গংগাই মোক মাতিছে৷’ এয়া কেৱল মোৰ বাবে আৱেগ নহয় বৰঞ্চ দায়িত্বৰ আহ্বানো আছিল৷ আমাৰ পৱিত্র নদীৰ পৰিষ্কাৰ–পৰিচ্ছন্ন ৰক্ষাৰ প্রতি এয়া আছিল মোৰ দায়িত্ব৷ প্রয়াগৰাজৰ গংগা, যমুনা, সৰস্বতীৰ সংগমস্থলীত থিয় হৈ মোৰ সংকল্প আৰু অধিক শক্তিশালী হৈ পৰিল৷ আমাৰ নদীৰ পৰিষ্কাৰ–পৰিচ্ছন্ন আমাৰ নিজৰ জীৱনৰ লগত গভীৰভাৱে জড়িত৷ আমাৰ সৰু–বৰ নদীবোৰক জীৱনদায়িনী মাতৃ হিচাপে জ্ঞান কৰাটো আমাৰ দায়িত্ব৷ এই মহাকুম্ভই আমাক আমাৰ নদ–নদীসমূহৰ পৰিষ্কাৰ–পৰিচ্ছন্ন দিশত কাম কৰি যাবলৈ অনুপ্রাণিত কৰিছে৷

মই জানো যে ইমান বৃহৎ অনুষ্ঠান এটা আয়োজন কৰাটো কোনো সহজ কাম নাছিল৷ মা গংগা, মা যমুনা আৰু মা সৰস্বতীক প্রার্থনা জনাইছো যাতে আমাৰ ভক্তিত কিবা অভাৱ থাকিলে, কিবা খুঁত ৰৈ গ’লে আমাক ক্ষমা কৰি দিয়ে যেন৷ জনতা জনার্দনক মই দেৱতাৰ মূর্তি হিচাপে জ্ঞান কৰিছো৷ যদি তেওঁলোকৰ সেৱাৰ ক্ষেত্রতো আমাৰ প্রচেষ্টাত কিবা খুঁত ৰৈ গৈছে, তেন্তে ৰাইজৰ ওচৰতো ক্ষমা বিচাৰিছো৷ মহাকুম্ভলৈ ভক্তিৰসত নিমজ্জিত হৈ কোটি কোটি মানুহ আহিছিল৷ তেওঁলোকৰ সেৱা কৰাটোও আছিল ভক্তিৰ অনুভূতিৰেই পালন কৰা এটা দায়িত্ব৷ উত্তৰ প্রদেশৰ এজন সংসদ সদস্য হিচাপে মই গৌৰৱেৰে ক’ব পাৰোঁ যে যোগীজীৰ নেতৃত্বত প্রশাসন আৰু ৰাইজে একেলগে কাম কৰি এই একতাৰ মহাকুম্ভ সফল কৰি তুলিলে৷ ৰাজ্যহ হওক বা কেন্দ্রই হওক, হয়াত কোনো শাসক বা প্রশাসক নাছিল, তাৰ পৰিৱর্তে ইয়াত সকলোৱে আছিল একো একোগৰাকী নিষ্ঠাৱান সেৱক৷ অনাময় কর্মী, আৰক্ষী, নাৱৰীয়া, গাড়ী চালক, খাদ্য পৰিৱেশন কৰা লোক–সকলোৱে অক্লান্তভাৱে কাম কৰিছিল৷ প্রয়াগৰাজৰ ৰাহজে বহু অসুবিধাৰ সন্মুুখীন হৈও যিদৰে মুক্ত হৃদয়েৰে তীর্থযাত্রীসকলক আদৰণি জনাহছিল সেয়া বিশেষভাৱে প্রেৰণাদায়ক কথা আছিল৷ তেওঁলোকৰ লগতে উত্তৰ প্রদেশৰ জনসাধাৰণৰ প্রতি মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ প্রকাশ কৰিছো৷

আমাৰ দেশখনৰ উজ্জ্বল ভৱিষ্যতক লৈ মোৰ সদায় অদম্য আস্থা আছে৷ এহ মহাকুম্ভৰ সাক্ষী হৈ মোৰ প্রত্যয় আৰু বহুগুণে শক্তিশালী হৈ পৰিল৷ ১৪০ কোটি ভাৰতীয়ই একতাৰ মহাকুম্ভক যিদৰে বিশ্বজনীন অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিলে সেয়া সঁচাকৈয়ে আচৰিত কথা৷ আমাৰ জনসাধাৰণৰ নিষ্ঠা, ভক্তি আৰু প্রচেষ্টাত অনুপ্রাণিত হৈ শীঘ্রেই ১২টা জ্যোতির্লিংগৰ ভিতৰত প্রথম শ্রীসোমনাথৰ ওচৰলৈ গৈ এই সামূহিক জাতীয় প্রচেষ্টাৰ ফল তেওঁৰ ওচৰত অর্পণ কৰিম আৰু প্রতিজন ভাৰতীয়ৰ বাবে প্রার্থনা কৰিম৷ মহাশিৱৰাত্রিত মহাকুম্ভৰ ৰূপে হয়তো সফলতাৰে সমাপ্তিৰ ৰূপ পৰিগ্রহ কৰিছে, কিন্তু গংগাৰ চিৰন্তন প্রবাহৰ দৰেই মহাকুম্ভই জাগ্রত কৰা আধ্যাত্মিক শক্তি, জাতীয় চেতনা আৰু ঐক্যই আগন্তুক প্রজন্মৰ লগতে আমাক অনুপ্রাণিত কৰি যাব৷

You might also like