নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিছুৱাই দিয়া হ’ল ধুবুৰীৰ অশোকাষ্টমী মেলা

ক’ৰোনা ভাইৰাছক লৈ সতর্কতা

নিয়মীয়া বার্তা, ১৬ মার্চঃ ক’ৰোনা ভাইৰাছৰ সম্ভাব্য প্রাদুর্ভাৱ ৰোধ কৰাৰ স্বার্থত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে ধুবুৰীৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী মেলা ৷ ধুবুৰী মেলা পৰিচালনা কমিটীৰ সম্পাদক গণেশ সেনে সদৰী কৰা অনুসৰি, স্থানীয় ‘মেলা ময়দান’ত অহা ১ এপ্রিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেলাখন সাৱধানতামূলক পদক্ষেপ ৰূপে জিলা প্রশাসনে অহা ১৫ এপ্রিললৈকে সাময়িকভাৱে স্থগিত ৰখাৰ নির্দেশ দিছে ৷ উল্লেখ্য যে এইবেলি ৫২ বছৰত ভৰি দিবলগীয়া ১৫দিনীয়া এই অশোকাষ্টমী মেলাখনলৈ কেৱল ধুবুৰী জিলাৰেই নহয়, ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ পৰাও মেলাখন চাবলৈ অলেখ লোকৰ সমাগম ঘটে ৷ অৱশ্যে মেলাখন সাময়িকভাৱে স্থগিত ৰখা হ’লেও প্রতিবছৰৰ দৰে এইবাৰো মেলাথলীত আয়োজিত হৈ অহা বাসন্তী পূজাৰ কার্যসূচী যথা সময়তে অনুষ্ঠিত হ’ব বুলিয়েই প্রকাশ ৷ উল্লেখ্য যে ধুবুৰী পৌৰসভাৰ তদানীন্তন অধ্যক্ষ তথা প্রখ্যাত অধিবক্তা প্রয়াত কমল দে’ বক্সিৰ উদ্যোগত ১৯৬১ চনত প্রথমবাৰৰ বাবে ধুবুৰীৰ এই অশোকাষ্টমী মেলাখন আৰম্ভ হৈছিল ৷

You might also like