এডভাণ্টেজ আছামত বজালীৰ জহাচাউলৰ সুগন্ধিয়ে মুহিলে পৰ্যটকক
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ গুৱাহাটী খানাপাৰা খেল পথাৰত অনুষ্ঠিত হোৱা Advantage Assam 2.0 ত অসমৰ কৃষি খণ্ডকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীৰে সু-সজ্জিত ভাৱে প্ৰদৰ্শিত হোৱা আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা খনত ৰাষ্ট্ৰীয় পৰ্যয়াৰ প্ৰতিষ্ঠিত উদ্যোগপতিয়ে অংশ গ্ৰহণ কৰাৰ পাছত লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বাণিজ্যিক সংস্থা সমূহে অংশ গ্ৰহণ কৰে। এই মেলাতে ৪ নং হ’লৰ ৭৪ নং ষ্ট’লত সুন্দৰকৈ সজাই পৰাই প্ৰদৰ্শিত কৰা হয় বজালীৰ পৰা অংশ গ্ৰহণ কৰা আনন্দ পুৰ জৈৱিক কৃষি সমবায় সমিতি লিমিটেডৰ বিভিন্ন জাতৰ সুগন্ধি জহা চাউল। বিশেষকৈ কেতেকী জহা, কুণকুনি জহা, তুলসী জহা, ক’লা জহা আদি জাতৰ জহা চাউল উক্ত মেলাত প্ৰদৰ্শন কৰা হয়। বজালী জিলাৰ মৰিপুৰ আনন্দ পুৰ গাঁওৰ প্ৰয়াত বনমালী নাথ আৰু কিৰণ বালা নাথৰ জ্যেষ্ঠ পুত্ৰ আদৰ্শ জৈৱিক কৃষক গুণজিৎ কুমাৰ নাথ বিভিন্ন সামাজিক, ৰাজনৈতিক ক্ষেত্ৰ খনত সক্ৰীয় ভাৱে আগবঢ়াই সেৱা আগবঢ়ায় আহিছে যদিও কোনো দিন চৰকাৰী চাকৰিৰ পিছে পিছে নদৌৰি যুৱ উদ্যমি নাথে কৃষি ক্ষেত্ৰ খনতে জীৱনৰ সপোন ৰচনা কৰে। নিজ ঘৰৰ প্ৰায় দহ বিঘা কৃষি ভূমিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে জহা ধানৰ খেতি কৰাৰ লগতে আনন্দ পুৰ শিৱ পূজা সমিতিৰ নামত থকা ম্যাদি পট্টাৰ প্ৰায় একশ বিঘা কৃষি ভূমি লীজত লৈ জৈৱিক ভাৱে জহা ধানৰ লগতে ৰণজিৎ চাব – ওৱান আদি খেতি কৰি যথেষ্ট লাভৱান হৈছে। এইবাৰ চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত পাঁচশ মোন ৰণজিৎ চাব-ওৱান ধান বিক্ৰী কৰিবলৈ সক্ষম হয়। চাহিদা অনুপাতে অধিক উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতি গৰাকী কৃষকক জৈৱিক ভাৱে জহা ধানৰ খেতি কৰাৰ বাবে আহ্বান জনোৱাৰ বাবে নাথে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়। উল্লেখযোগ্য যে সম্প্ৰতি তেখেতৰ এই কাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ অঞ্চলৰ বহুতো নিবনুৱা যুৱক- যুৱতী, কৃষক- ৰুৱনি আগবাঢ়ি আহি কৃষি কৰ্মত যোগদান কৰিছে। ২০২২ চনৰ পৰা আনন্দপুৰ জৈৱিক কৃষি সমবায় সমিতি লিমিটেড নামেৰে আৰম্ভ কৰা কৃষি ভিত্তিক অনুষ্ঠানটোৰ সদস্য সংখ্যা প্ৰতিদিনে বাঢ়ি আছে। আন দহ জনৰ বাবে প্ৰেৰণা হৈ পৰা গুণজিৎ কুমাৰ নাথে সভাপতি হিচাপে নেতৃত্ব প্ৰদান কৰা সমিতি খনত অবসৰপ্ৰাপ্ত চৰকাৰী অভিযন্তা, অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰী,কৃষক ,মহিলা ক্ৰমে হেমন্ত কুমাৰ নাথ, নৰ নাৰায়ণ নাথ, কনক নাথ, ফুলেন্দ্ৰ কুমাৰ নাথ, টংকেশ্বৰ নাথ, বীৰেন নাথ, দণ্ডিৰাম নাথ, ফুলেন্দ্ৰ নাথ, অনিল নাথ, গদাধৰ চৌধুৰী, চন্দ্ৰকান্ত নাথ, শকুন্তলা নাথ,ৰাজো বালা নাথ, বীৰেন নাথ , জগদীশ নাথ, সুৰেন নাথ, জয়ন্ত নাথ, মহেন্দ্ৰ নাথ, দেবজিত নাথৰ লগতে আন বহুতো সদস্যই উক্ত অনুষ্ঠানত যোগদান কৰি কৃষি কৰ্মত নিজকে আত্মনিয়োগ কৰি প্ৰশান্তি লাভ কৰিছে।
প্ৰেৰক উৎপল মেধি