নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক প্ৰতিৰোধ কৰিবলৈ গামোচাৰে মাস্ক প্ৰস্তুত গহপুৰৰ এজন লোকৰ

নিয়মীয়া বার্তা, ১৬ মার্চঃ সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ আতংৰ পাছতে ভাৰতৰ লগতে অসমটো মাস্ক আৰু ছেনিটাইজাৰৰ চাহিদা বৃদ্ধি পাইছে । কিন্তু পৰ্যাপ্ত পৰিমানে ফাৰ্মাচী বা বজাৰসমূহত মাস্ক আৰু ছেনিটাইজাৰ উপলব্ধ নোহোৱাত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে ।

ইফালে বজাৰৰ এনে ব্যয়বহুল মাস্ক ভিতৰুৱা অঞ্চলৰ লোকে ক্ৰয় কৰিব নোৱাৰাৰ উপৰিও বৰ্তমান মাস্কৰ নাটনিৰ বাবে গহপুৰত অন্য এক পদ্ধতি ব্যৱহাৰ কৰা হৈছে ৷ ক’ৰোনা ভাইৰাছৰ বাবে গামোচাৰ জড়িয়তে মাস্ক বনোৱাত ব্যস্ত হৈ পৰিছে গহপুৰৰ ডাঠকলা ফনিন্দ্ৰ প্ৰধান নামৰ লোকজন ৷

ইতিমধ্যে বহু মাস্ক মেচিনেৰে চিলাই সেইসমূহ ডেটল পানীৰে পৰিস্কাৰকে ধুই শুকুৱাই মুখত পিন্ধিব পৰাকৈ তৈয়াৰ কৰিছে লোকজনে ৷ এনেধৰণে দিনে নিশাই মাস্ক বনোৱাত ব্যস্ত হৈ থকা ফনিন্দ্ৰ প্ৰধানে একোখন মাস্ক বহু কম দামত বিক্ৰী কৰিছে ৷ যাৰ বাবে অঞ্চলটোৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্তত এই মাস্কে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

You might also like