🔹 পাথাৰকান্দিৰ এটা গোচৰত সকাহ
ষ্টাফ ৰিপ’টাৰ, ৪ মার্চ : ধনৰ বিনিময়ত শিক্ষার্থীক অধিক নম্বৰ লাভৰ সুযোগ দিয়াৰ অভিযোগত গ্রেপ্তাৰ হোৱা ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকনল’জী, মেঘালয় (ইউএছটিএম)ৰ আচার্য মহবুবুল হকে এটা গোচৰত কালি জামিন লাভ কৰিছে৷ শ্রীভূমি জিলাৰ পাথাৰকান্দিত ৰুজু হোৱা ৫৪/২০২৫ নম্বৰৰ গোচৰটোত তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰে৷ অৱশ্যে উচ্চ ন্যায়ালয়ত সাময়িক সকাহ লাভ কৰিলেও কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ এতিয়াও প্রশস্ত হোৱা নাই হকৰ৷ কিয়নো তেওঁৰ বিৰুদ্ধে ৫৫/২০২৫ নম্বৰৰ আন এটা গোচৰ ৰুজু হৈ আছে৷ এই গোচৰটোত জামিন লাভ কৰিলেহে তেওঁ কাৰাগাৰাৰ পৰা মুক্তি লাভ কৰিব৷ প্রাপ্ত তথ্য অনুসৰি, উক্ত গোচৰটোত জামিন আবেদনৰ শুনানি আজি উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব৷
২৪ লাখ শিশুৰ জীৱন ৰক্ষা কৰা অষ্ট্রেলিয়াৰ ৰক্তদাতা হেৰিছনৰ বিয়োগ
উল্লেখ্য যে শ্রীভূমি জিলাৰ পাথৰকান্দিত থকা ই আৰ ডি এফ ফাউণ্ডেচনৰ চেন্ট্ৰেল পাব্লিক স্কুলৰ পৰীক্ষা কেন্দ্রত একাংশ শিক্ষার্থীক ধনৰ বিনিময়ত নম্বৰ লাভৰ সুযোগ প্রদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়৷ ২১৪জন শিক্ষার্থীক পৰীক্ষাৰ সময়ত ৩০ নম্বৰৰ এম চি কিউৰ উত্তৰ অসৎ উপায়েৰে লিখিবলৈ সুযোগ দিয়াৰ আশ্বাস দিয়াৰ অভিযোগ উঠিছে৷ কিন্তু স্থানীয় ৪৫জন শিক্ষার্থীক কর্তৃপক্ষই সহায় কৰাৰ পৰিৱর্তে বহিঃজিলাৰ প্রার্থীসকলক কোনো সুযোগ প্রদান নকৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ আনকি এই সন্দর্ভত বিভিন্ন ধাৰাৰ অধীনত হকৰ বিৰুদ্ধে গোচৰ ৰুজু হয়৷ ইয়াৰ ভিত্তিতে যোৱা ২১ ফেব্রুৱাৰীত হকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ সম্প্রতি কাৰাগাৰত থকা হকৰ হৈ অধিবক্তাই ৫৪/২০২৫ আৰু ৫৫/২০২৫ নম্বৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে৷ যোৱা শুকুৰবাৰে ৫৪/২০২৫ নম্বৰৰ গোচৰটোৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হয়৷ শুকুৰবাৰে উচ্চ ন্যায়ালয়ে জামিন আবেদনৰ ৰায়দান সংৰক্ষিত ৰাখে৷
তৌকিৰ শ্বেখৰ সৈতে সম্পৰ্ক আছে JNUৰ অসমীয়া অধ্যাপকৰো : মন্তব্য মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ।