নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ আতংক দেশজুৰি অব্যাহত থকাৰ মাজতে এইবাৰ আহিছে এক সুখবৰ । আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে এতিয়া সমগ্ৰ দেশতে সুস্থ হৈ উঠিছে অসংখ্যজন । কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি ৰাজস্থানৰ ৩ জন ৰোগীসহ মুঠ ক’ৰোনাত আক্ৰান্ত ১৩ জন লোক সুস্থ হৈ উঠিছে ।
জয়পুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ক’ৰোনা ভাইৰাছ আক্ৰান্ত ৪ জন ৰোগীক । ইয়াৰ মাজৰে তিনিজন বৰ্তমান সুস্থ হৈ উঠিছে । চৰকাৰী হাস্পতালত ভৰ্তি হোৱাৰ পাচত সুস্থ হৈ উঠা এই তিনিগৰাকীৰ ভিতৰত আছিল ইটালীৰ এক দম্পতী । মেলেৰিয়া, ছোৱাইন ফ্লু আৰু এইচ আইভিৰ ঔষধ ব্যৱহাৰৰ ফলতেই সুস্থ হৈ উঠিছে এই তিনিগৰাকী ৰোগী ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে মুঠ ১১০ গৰাকী লোক । ১৫ মাৰ্চ পৰ্যন্ত ১২,৭৬,০৪৬ গৰাকী লোকক ক’ৰোনা সন্দেহত পৰীক্ষা কৰোৱা হৈছে সমগ্ৰ দেশত ।