নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকঃ মানকাচৰৰ ভাৰত- বাংলাদেশ সীমান্ততো স্বাস্থ্য পৰীক্ষা

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছক লৈ ভাৰত তথা অসমতো চৰকাৰ- প্ৰশাসন-স্বাস্থ্য বিভাগে ইতিমধ্যে বিভিন্ন জৰুৰী নিৰ্দেশনা জাৰি কৰিছে৷ ভাৰত-বাংলাদেশ সীমান্তৰ মানকাচৰৰ সাহাপাৰা সীমান্ততো কৰ’ণা ভাইৰাছক লৈ অৱলম্বন কৰা হৈছে বিশেষ সতৰ্কতা মূলক ব্যৱস্থা। মানকাচৰৰ সাহাপাৰা সীমান্ত দি বাংলাদেশৰ পৰা পাৰপত্ৰ থকা বাংলাদেশী পৰ্যটক, ব্যৱসায়ী সকলে ভাৰতত সোমায়।যাৰ ফলত মানকাচৰৰ সাহাপাৰা সীমান্তত যোৱা কেইবা দিন ধৰি স্বাস্থ্য বিভাগে স্থাপন কৰা অস্থায়ী শিৱিৰত এতিয়া কৰ’ণা ভাইৰাছৰ স্ক্ৰিনিং চলি আছে। ভাৰত-বাংলাদেশৰ দুয়োখন দেশৰ প্ৰতিগৰাকী লোককে চিকিৎসক- স্বাস্থ্যকৰ্মীৰ দ্বাৰা কৰা হৈছে পৰীক্ষা৷ যি কাৰ্যত সহযোগ আগবঢ়াইছে সীমান্তত চেক পোষ্টত থকা বি এছ এফ জোৱানে৷ গাড়ী ৰখাই প্ৰতিগৰাকী লোককে ক’ৰোনা স্ক্ৰিনিং কৰিবলৈ বাধ্য কৰাইছে এছএছবিৰ জোৱানে৷ যোৱা এসপ্তাহত ৪৪ গৰাকী বাংলাদেশী লোকে মানকাচৰৰ সীমান্তদি পাৰ হৈছে যদিও কোনো এজন ব্যক্তিৰ গাত ক’ৰণা ভাইৰাছৰ লক্ষণ লাভ কৰা নাই বুলি স্বাস্থ্য কৰ্মীয়ে সদৰী কৰিছে।

You might also like