নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুটিক খেলিবলৈ দিয়ক

আপোনাৰ শিশুটিয়ে খেলেনে? বন্ধ কোঠাত চকীত বহি ম’বাইল বা লেপটপত খেলাৰ কথা কোৱা নাই৷ চোতালত বা খেলপথাৰত, ঘৰৰ বাৰাণ্ডাত সমনীয়াৰ লগত খেলেনে? এনে কৰিলে শিশুৰ আপোনপেটীয়া স্বভাৱটো নোহোৱা হয়৷ মিলাপ্রীতিৰে কাম কৰিবলৈ শিকে৷ খেল–ধেমালিয়ে শিশুক সমাজপ্রিয় কৰি তোলে৷
এটা সুস্থ মনে এটা সুস্থ শৰীৰত প্রভাৱ পেলায়৷ যেতিয়া মন সুস্থ থাকে, তেতিয়া পঢ়া–শুনাৰ পৰা বিভিন্ন প্রতিযোগিতালৈকে সকলোতে ভাল ফল দেখুৱায়৷ এনে আচৰণ খেল–ধেমালিৰ জৰিয়তেহে সম্ভৱ৷ জঁপিওৱা, নচা, দৌৰা আদি ব্যায়ামে শিশুৰ মগজুৰ কোষ বৃদ্ধিতো সহায় কৰে৷
এজন বয়স্ক মানুহে শৰীৰ সুস্থ ৰখাৰ বাবে জীমলৈ অহা–যোৱা কৰিব পাৰে৷ এইটো শিশুৰ ক্ষেত্রতো কৰিব পাৰে যদিও এই অনুশীলনত সিহঁত সন্তুষ্ট নহয়৷ সেয়ে মিলিজুলি বিভিন্ন খেল খেলিবলৈ শিশুক উৎসাহ দিব লাগে৷

You might also like