নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহ মন্ত্রালয়ৰ ক্লীয়াৰেঞ্চতহে অসমত হ’ব নার্ছিং-ডেণ্টেল কলেজ

🔹 ক’চিং চেণ্টাৰক লগাব নাকী

🔹 জিলা পৰিবহণ বিষয়াৰ কার্যালয় নহয়, এতিয়াৰে পৰা ড্রাইভিং ইনষ্টিটিউটেহে দিব ড্রাইভিং লাইচেঞ্চ

বিশেষ বাৰ্তা, ১০ মার্চ : ৰাজ্যত এতিয়াৰে পৰা কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ক্লীয়াৰেঞ্চতহে হ’ব নার্ছিং–ডেণ্টেল কলেজ–ফার্মাচী প্রতিষ্ঠান৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকে এই সন্দর্ভত এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ মূলতঃ ৰাষ্ট্রীয় নিৰাপত্তাৰ খাতিৰতে এনেধৰণৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেলযোগে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শ্রীমন্ত শংকৰদেৱ ইউনিভার্ছিটী অৱ হেলথ ছায়েঞ্চ সম্পর্কীয় আইনখনতো কেবিনেটত বিশেষ সংশোধন অনা হৈছে৷ এতিয়াৰে পৰা অসমত নার্ছিং কলেজ–ডেণ্টেল কলেজ আৰু ফার্মাচী শিক্ষা প্রতিষ্ঠান স্থাপনৰ বাবে প্রথমতে ৰাষ্ট্রীয় নিৰাপত্তাৰ দিশৰ পৰা ক্লীয়াৰেঞ্চ ল’ব লাগিব৷ এতিয়াৰে পৰা কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রমাণ–পত্র দিয়াৰ পিছতহে ৰাজ্য চৰকাৰে এনেধৰণৰ প্রতিষ্ঠান স্থাপনৰ ক্ষেত্রত অনুমোদন দিব৷ ইয়াৰ লগে লগে এই প্রতিষ্ঠানসমূহে ৰাষ্ট্রৰ ধর্মনিৰপেক্ষ নীতি মানিব লাগিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট ভাষ্য– প্রত্যক্ষ–পৰোক্ষভাৱে ধর্মান্তৰকৰণৰ লগত নিজকে এনেধৰণৰ প্রতিষ্ঠানত জড়িত কৰিব নোৱাৰিব৷ যিটো ইতিমধ্যে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ক্ষেত্রত অনা হৈছে৷ সেইধৰণৰ একেখন বিধেয়ক শংকৰদেৱ ইউনিভার্ছিটী অৱ হেলথ ছায়েঞ্চৰ ক্ষেত্রতো অনা হ’ব বুলি তেওঁ সদৰী কৰে৷ তদুপৰি অসমত মেডিকেল প্রৱেশ পৰীক্ষা এনইইটিৰ ক্ষেত্রতো কেবিনেটে গ্রহণ কৰা এক সিদ্ধান্তৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত এনইইটিক লৈ ৰাইজৰ মাজত ইমানদিনে চিন্তাচর্চা চলি আছিল৷ চিকিৎসা মহাবিদ্যালয়ৰ একাংশ অধ্যাপকে আমাক কৈছে– ছাত্র–ছাত্রীৰ নামভর্তি হৈছে, কিন্তু তেওঁলোকৰ ব্যৱহাৰিক–শৈক্ষিক জ্ঞান একেবাৰে সীমিত৷ এই বিষয়টো তদন্তৰ কাৰণে আমি প্রায় ডেৰ বছৰ পূর্বেই স্পেচিয়েল ব্রাঞ্চক নির্দেশ দিছিলোঁ৷ তেওঁলোকে আমাক জনালে– প্রৱেশ পৰীক্ষা ব্যক্তিগত শিক্ষানুষ্ঠানত অনুষ্ঠিত হয়৷ কটন বা কামৰূপ একাডেমীত পৰীক্ষা কেন্দ্র নাই৷ কিন্তু হোজাইৰ দৰে ঠাইত তিনিখন ব্যক্তিগত শিক্ষানুষ্ঠানত পৰীক্ষা কেন্দ্র আছে৷ হাইলাকান্দিতো এখন ব্যক্তিগত শিক্ষানুষ্ঠানত পৰীক্ষা কেন্দ্র আছে৷ সেয়েহে আমি কেন্দ্রীয় চৰকাৰক অনুৰোধ কৰি তিনিটা সিদ্ধান্ত লৈছোঁ– এইবাৰ প্রৱেশ পৰীক্ষা অকল চৰকাৰী শিক্ষানুষ্ঠানত হ’ব৷ অসম চৰকাৰৰ প্রত্যক্ষ নিযুক্তি পৰীক্ষা যিদৰে জিলা আয়ুক্ত–আৰক্ষী অধীক্ষকসকলে নিৰীক্ষণ কৰে, সেইদৰে তেওঁলোকৰ নিয়ন্ত্রণত হ’ব৷ বায়’মেট্রিক টেষ্ট কৰিহে যাতে পৰীক্ষার্থীসকলে পৰীক্ষা কেন্দ্রত প্রৱেশ কৰিব পাৰে, তাৰো ব্যৱস্থা কৰা হ’ব৷ এই বিষয়টো কেন্দ্রীয় চৰকাৰৰ৷ সেয়েহে মুখ্য সচিবক কেবিনেটে কর্তৃত্ব দিছে, যাতে তেওঁ নেচনেল টেষ্টিং অথ’ৰিটীৰ সঞ্চালকৰ লগত যোগাযোগ কৰে৷ মই নিজেও কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানৰ সৈতে এই সন্দর্ভত আলোচনা কৰিম৷ ইফালে, ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা ক’চিং চেণ্টাৰসমূহক নাকী লগাবলৈ ৰাজ্য চৰকাৰে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সন্দর্ভত কেবিনেট বৈঠকে এক প্রস্তাৱত মঞ্জুৰি দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়ে সদৰী কৰি কয় যে অসম বিধানসভাৰ চলিত অধিৱেশনত আছাম ক’চিং ইনষ্টিটিউট কন্ট্ৰ’লৰ বাবে এখন আইন অনা হ’ব৷ যাৰ জৰিয়তে ৰাজ্যত বর্তমানে চলি থকা ক’চিং ইনষ্টিটিউটসমূহক এটা ব্যৱস্থাৰ মাজলৈ অনা হ’ব৷ হকে–বিহকে ক’চিং ইনষ্টিটিউট খোলাটো নিয়ন্ত্রণ কৰিবলৈ আমি বিধানসভাত এখন আইন প্রণয়ন কৰিম৷ লগতে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ আইনত এটা সৰু সংশোধন অনাৰ উপৰি কামৰূপ আৰু মৰিগাঁও জিলাত দুখন মেগা ঔদ্যোগিক পার্ক স্থাপন কৰিবলৈ কেবিনেটে ভূমি আবণ্টন দিয়া বুলিও তেওঁ সদৰী কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, কেবিনেটৰ আন এক গুৰুত্বপূর্ণ সিদ্ধান্ত হ’ল– জিলা পৰিবহণ বিষয়াৰ কার্যালয়ত এতিয়াৰে পৰা নাথাকিব ড্রাইভিং লাইচেঞ্চ দিয়াৰ কর্তৃত্ব৷ ইয়াৰ পৰিৱর্তে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিতে স্থাপন হ’ব এক্রিডিয়েটেড ড্রাইভিং টেষ্টিং চেণ্টাৰ৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ৷ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ পৰিৱর্তে অসমৰ প্রতিটো সমষ্টিতে এক্রিডিয়েটেড ড্রাইভাৰ ট্রেইনিং ইনষ্টিটিউট থাকিব৷ যাক ড্রাইভিং লাইচেঞ্চ লাগে তাত পৰীক্ষা দিব আৰু এই ইনষ্টিটিউটখনে অনুমোদন দিব৷ কেবিনেটে এই বিষয়ত মঞ্জুৰি দিছে৷ কেবিনেটে এমএছইৰ দ্বাৰা পৰিচালিত সন্তুলিত অর্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে চিডবিউ ক্লাষ্টাৰ ডেভেলপমেণ্ট ফাণ্ডৰ অধীনত প্রকল্প হাতত লোৱাৰ বাবে ২১.৫২ কোটি টকাৰ অনুমোদন জনায়৷ লগতে পর্যটকক আকর্ষিত কৰিবলৈ ভিভাণ্টা গুৱাহাটীৰ সম্প্রসাৰণ আৰু উন্নীতকৰণৰ বাবে পর্যটন বিভাগক ভূমি আবণ্টনতো অনুমোদন দিয়ে৷

You might also like