নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী হিচাপে পৰিগণিত হব ডিব্রুগড়

অসম মালা আঁচনিৰ অধীনত প্রতিখন জিলাতে নির্মাণ হ’ব ২৫ কিঃমিঃ পথ
পাথাৰকান্দিত স্থাপন হ’ব কৃষি মহাবিদ্যালয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে  বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰা চলিত বর্ষৰ বাজেটত এলানি ৰূপান্তৰকাৰী প্রকল্প হাতত লোৱাৰ কথা ঘোষণা কৰিছে৷ সেই অনুসৰি অসম মালাৰ অধীনত এক জিলা এক পথ প্রকল্পৰ অধীনত প্রতিখন জিলাতে ২৫ কিঃমিঃ দৈর্ঘ্যৰ পথ নির্মাণ কৰা হ’ব৷ আনহাতে, ডিব্রুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্পৰে ডিব্রুগড়ত এটা বিধানসভা ভৱন আৰু বিধায়ক হোষ্টেল নির্মাণ কৰা হ’ব৷ নতুনকৈ গঠিত সম–জিলাসমূহত ১৭টা স্থায়ী কার্যালয় গৃহ নির্মাণ কৰা হ’ব৷ বিত্তমন্ত্রীগৰাকীয়ে ঘোষণা কৰা অনুসৰি কার্বি আংলঙত এখন কৃষি মহাবিদ্যালয়, এখন পশু চিকিৎসা মহাবিদ্যালয় আৰু শ্রীভূমি জিলাৰ পাথাৰকান্দিত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ দশম আৰক্ষী বেটেলিয়নক গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হ’ব৷ ইয়াৰ দ্বাৰা জনজাতীয় লোকসকলে তেওঁলোকৰ জনজাতীয় বেল্টত থকা ভূমি বেদখলৰ পৰা সুৰক্ষা লাভ কৰিব৷

You might also like