আপোনাৰ আজিৰ দিনটো
মেষ : নিজৰ বিচাৰ–বুদ্ধিক কামত লগাওঁতে দুবাৰ চিন্তা কৰাটো উচিত বুলি ধৰক৷ দাম্পত্যত জটিলতা কম৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে বিশেষ গুৰুতৰ নহ’লেও চিন্তা থাকিব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১৷
বৃষ : যোৱা দিনৰ তুলনাত আজি ফৰকাল৷ ঘৰুৱা পৰিৱেশ আপোনাৰ অনুকূল৷ সতি–সন্ততিৰ বাবে বিশেষ দুর্ভাবনা দেখা নাযায়৷ কর্মক্ষেত্রত আপোনাৰ ব্যক্তিত্ব অক্ষুণ্ণ থাকিব৷ ভ্রমণত সাৱধান হওক৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৩৷
মিথুন : আর্থিক ক্ষেত্রত সাধাৰণ জটিলতা থাকিব৷ বুদ্ধিৰ অপব্যৱহাৰ হোৱাৰ আশংকা থাকিব৷ প্রেম–প্রীতিত মধ্যম মনোযোগ৷ ঘৰুৱা উন্নতিৰ প্রচেষ্টা৷ বন্ধুৰ আগমন৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
কর্কট : আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক৷ বিদ্যাত তেনে আহুকাল দেখা নাযায়৷ বন্ধু–বর্গৰ লগত বিশেষ সান্নিধ্য নকৰাই উচিত হ’ব৷ নতুন কোনো আশাৰ সন্ধান পালেও গোপনে ৰাখক৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
সিংহ : যোগাযোগৰ ইচ্ছুকে উৎসাহ লাভ কৰিব৷ কর্মসন্ধানীয়ে হঠাৎ সুসংবাদ লাভ কৰিব পাৰে৷ অৱশ্যে জটিল চক্রৰ সাৱধান হওক৷ ঘৰুৱা মধ্যম৷ সন্তানৰ শুভ৷ প্রেমত উৎসাহ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
কন্যা : দিনটো প্রায় ভালেৰে পাৰ হ’ব৷ বিদ্যাত কিছু সমস্যা আহিব পাৰে৷ কর্মস্থানত শৰীৰ ভালে ৰখাৰ যত্ন কৰক৷ ভ্রমণ সম্ভৱ৷ পিচে সাৱধান হওক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
তুলা : অশুভ প্রভাৱ হ্রাস পাব৷ বিদ্যার্থীয়ে আদৰ পাব৷ সংবাদত সুখী হ’ব৷ কর্মক্ষেত্রত যোগ্যতা থাকিব৷ ঘৰুৱা জটিলতা সকলোৰে সমান হ’ব৷ ব্যৱসায়–বাণিজ্যত বেছি লাভৱান নহ’ব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
বৃশ্চিক : মজলীয়া দিন৷ কোনো আত্মীয়ৰ বাবে চিন্তা থাকিব৷ বিদ্যার্থীৰ সময়টো খুব বেয়া নহ’ব৷ দাম্পত্যত চঞ্চলতা থাকিব যদিও বিশেষ আহুকাল নাই৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে উৎসাহ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
ধনু : শৰীৰ খুব ভাল নহ’লেও বিশেষভাৱে কোনোৱে সন্মানিত হোৱাৰ যোগ৷ পাৰিবাৰিক আৰু কর্মক্ষেত্রত ভালেই দেখা যায়৷ আর্থিকত মধ্যম৷ পঢ়া–শুনাত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
মকৰ : মানসিক দিশত উন্নত দিন৷ বিদ্যাতো মনোযোগ বঢ়াব পাৰিব৷ শৰীৰৰ প্রতি বিশেষ চিন্তা নাই৷ দাম্পত্যত বুজা পৰা থাকিব৷ কিবা প্রাপ্যাদি থাকিলে যত্ন কৰক৷ যোগাত্মক ফল পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
কুম্ভ : সম্ভাৱনীয় দিশত পোনে পোনে সফল নহ’ব৷ নিজৰ বুদ্ধিত কিছু কৌশল প্রয়োগ কৰক৷ দাম্পত্যত সামান্য ওফোন্দ–মিল দৃষ্ট হ’ব৷ সন্তানৰ ভালেই৷ আর্থিকত মধ্যম৷ শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা ১৷
মীন : কর্মত কোনো লোকৰ দ্বাৰা যাতে বাধা নাপায় লক্ষ্য কৰক৷ ঘৰুৱাত বেয়া নহ’ব৷ বিদ্যাত মন দিয়ক৷ শৰীৰৰ সামান্য বাধাৰ বাহিৰে বাকী শুভ৷ ভ্রমণ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, সংখ্যা ৪৷