নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত আজি পুৱতিনিশা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)-এ চলোৱা এক অভিযানত দুজন ব্যক্তি কৰায়ত্ত হোৱাৰ উপৰিও ধৃতদ্বয়ৰ পৰা নগদ ১ লাখ টকা উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত আজি পুৱতি নিশা ৩-৩০টা মান বজাত ৬৬ বিএন বিএছএফৰ এটি দলে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত বাংলাদেশ সীমান্তৰ সশ্তাৰঘাট দ্বিতীয় খণ্ড অঞ্চলত এক অভিযান চলাইছিল। সেই অভিযানত বিএছএফৰ অভিযানকাৰী দলটোৱে ভাৰতীয় ৫০০ টকীয়া মুদ্ৰাত নগদ ১ লাখ টকাসহ দুজন ভাৰতীয় নাগৰিকক কৰায়ত্ত হয়। ধৃত আব্দুৰ ৰছিদ (২২) আৰু আয়নাল হ’ক (২৭) নামৰ যুৱকদ্বয় গৰুৰ চোৰাং বেহা তথা গৰুৰ চোৰাং সৰবৰাহকাৰী চক্ৰৰ ধন সৰবৰাহৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা হৈছে। জব্দ হোৱা ধনসহ ধৃত যুবক দুজনক ইতিমধ্যে ধুবুৰী সদৰ থানাত চমজাই দিছে বিএছএেফ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী