নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ ৪০,৬৯৭ পদৰ বিজ্ঞাপন প্রকাশ, ১,১৯,৮৯৯জনক চাকৰি প্ৰদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ প্রতিশ্রুতি অনুসৰি বর্তমানৰ ৰাজ্য চৰকাৰখনে যুৱক–যুৱতীসকলক্ দিয়া ১ লাখ নিযুক্তি প্রদানৰ প্রতিশ্রুতি সফলভাৱে সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক ২০২৫–২৬ বিত্তীয় বর্ষৰ বাবে বিধানসভাৰ মজিয়াত দাখিল কৰা বাজেটত বিত্তমন্ত্রী অজন্তা নেওগে ইয়াৰ বিস্তৃত তথ্য সন্নিৱিষ্ট কৰিছে৷ বিত্তমন্ত্রী নেওগে সদৰী কৰা মতে চলিত বর্ষৰ জানুৱাৰী মাহ পর্যন্ত স্বচ্ছ আৰু নিকা প্রক্রিয়াৰ জৰিয়তে ১,১৯,৮৯৯গৰাকী যুৱক–যুৱতীৰ নিযুক্তি সম্পূর্ণ কৰা হৈছে৷ এইসকল যুৱক–যুৱতী ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ–সঞ্চালকালয় খণ্ডৰ উদ্যোগ–স্বায়ত্তশাসিত্ পৰিষদসহ ৫৪ কার্যালয়ত নিযুক্ত হৈছে৷ তথ্য অনুসৰি প্রশাসনিক সংস্কাৰ, প্রশিক্ষণ আৰু ৰাজহুৱা ওজৰ–আপত্তি বিভাগত ৩৭, কৃষি বিভাগত ১৫৩, পশুপালন বিভাগত ১,৯১১, বড়োলেণ্ড ক্ষেত্রীয় পৰিষদত ৩,৮৮২, সীমা সুৰক্ষা–উন্নয়ন বিভাগত ৬, সমবায় বিভাগত ৩৭১, সাংস্কৃতিক পৰিক্রমা বিভাগত ১০৩, নির্বাচন বিভাগত ১২, বন বিভাগত ৩,৩৯৫, আবকাৰী বিভাগত ৩৩৭, বিত্ত বিভাগত ১,৫৬১, মীন বিভাগত ১৫৫, খাদ্য বিভাগত ২৯৭, সাধাৰণ প্রশাসন বিভাগত ১,৫০৩, ৰাজ্যপালৰ সচিবালয় বিভাগত ১০, হস্ততাঁত বিভাগত ৬২০, স্বাস্থ্য বিভাগত ৫,৫২২, উচ্চ শিক্ষা বিভাগত ৪,১২২, পার্বত্য অঞ্চল বিভাগত ৫, গৃহ–ৰাজনৈতিক বিভাগত ১৭,৯৮০, গৃহ নির্মাণ বিভাগত ৪০৪, খিলঞ্জীয়া তথা জনজাতি বিশ্বাস বিভাগত ৫০, উদ্যোগ বিভাগত ২৮৭, তথ্য–প্রযুক্তি বিভাগত ৬, জনসংযোগ বিভাগত ১০০, জলসিঞ্চন বিভাগত ১,৬৯৪, ন্যায়িক বিভাগত ১২, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত ৮৪২, শ্রমিক কল্যাণ বিভাগত ২৫১, বিধায়িনী বিভাগত ২৩, চিকিৎসা বিজ্ঞান শিক্ষা বিভাগত ৩,২৭৯, খনিজ সম্পদত বিভাগত ৯৯, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদত ৭৬৭, গ্রামোন্নয়ন বিভাগত ২,১৫৯, কর্মচাৰী বিভাগত ২৭১, শক্তি বিভাগত ৪৯৮, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৮২২, লোকনির্মাণ (গৃহ) বিভাগত ১,৭৯১, লোকনির্মাণ (পথ) বিভাগত ২,৭৩০, ৰাজহ বিভাগত ৮৭৫, বিদ্যালয় শিক্ষা বিভাগত ৫৫,৮৫৬, বিজ্ঞান প্রযুক্তি–জলবায়ু পৰিৱর্তন বিভাগত ৬, দক্ষতা আৰু উদ্যমিতা বিভাগত ৩৯৬, সামাজিক ন্যায়–সবলীকৰণৰ বিভাগত ২১, ভূমি সংৰক্ষণ বিভাগত ১৮৮, ক্রীড়া বিভাগত ২৭১, চাহ জনজাতি কল্যাণ বিভাগত ১, পর্যটন বিভাগত ১৩২, ৰূপান্তৰ–উন্নয়ন বিভাগত ৪১৬, পৰিবহণ বিভাগত ৩২৯, জনজাতি পৰিক্রমা বিভাগত ২৮২, জলসম্পদ বিভাগত ২,৬৬৭, সংখ্যালঘু কল্যাণ বিভাগত ১ আৰু মহিলা–শিশু বিকাশ বিভাগত ৪০১গৰাকীয়ে নিযুক্তি লাভ কৰিছে৷ তদপুৰি ইতিমধ্যে ৪০,৬৯৭টা পদৰ নতুনকৈ বিজ্ঞান প্রকাশ কৰা বুলি উল্লেখ কৰি বিত্তমন্ত্রী নেওগে কয়– এতিয়া আমি আমাৰ ১ লাখ নিযুক্তিৰ প্রতিশ্রুতিৰ সীমা অতিক্রম কৰি অধিক চাকৰি প্রদানৰ দিশে আগবাঢ়িছোঁ৷ ইতিমধ্যে ৪০,৬৯৭ টা পদৰ বিজ্ঞাপন প্রকাশ হৈছে৷ তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ চৰকাৰে প্রদান কৰা চাকৰিৰ সংখ্যা ১,৬০,৫৯৬লৈ বৃদ্ধি হ’বলৈ গৈ আছে৷ নিযুক্তি প্রক্রিয়া সম্পূর্ণ হোৱাৰ পিছত ২০২৫ চনৰ অক্টোবৰ মাহত প্রতিজন বাছনিকৃত প্রার্থীৰ নামসহ বিস্তাৰিত ৰূপত এখন পুস্তিকা প্রকাশ কৰা হ’ব৷

You might also like