নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩০ত অসমত নির্মূল হ’ব দৰিদ্রতা : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ মাৰ্চঃ অৰুণোদয় আঁচনিৰ পৰা মহাকাশলৈ যাত্রা আৰম্ভ কৰা অসমে ২০৩০ চনৰ ভিতৰত ৰাজ্যখনৰ পৰা দৰিদ্রতা নির্মূলৰ লক্ষ্য স্থিৰ কৰিছে৷ ইয়াৰ বাবে ২০১৮ চনৰ অক্টোবৰতেই চৰকাৰে এইক্ষেত্রত কর্মসূচী পর্যন্ত গ্রহণ কৰিছে৷ সদনত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিধায়ক অখিল গগৈৰ এক লিখিত প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই আজি সদনত কয় যে অসমৰ পৰা ২০৩০ চনৰ ভিতৰত দৰিদ্রতা নিবাৰণৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে৷ অসম চৰকাৰে ২০১৮ চনৰ অক্টোবৰ মাহত প্রকাশ কৰা কর্মসূচী অসম ২০৩০ত বহনক্ষম উন্নয়নৰ কথা উল্লেখ কৰা হৈছে৷ অসম চৰকাৰে দৰিদ্রতা নির্মূল কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছে৷ তাৰ ভিতৰত আছে– বিত্তীয় সংযোজন আঁচনি, নিয়োগ সৃষ্টিৰ প্রয়াস, সমাজ কল্যাণ আঁচনি, ৰাষ্ট্রীয় সামাজিক সাহায্য আঁচনি, ৰাজ্যিক পৃষ্ঠপোষকতা কৰা আঁচনি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, অৰুণোদয় আঁচনি আদি৷ এই আঁচনিসমূহৰ মূল উদ্দেশ্য হ’ল– বিত্তীয় সহায়তা আগবঢ়োৱা, নিয়োজনৰ সুবিধা, বিপদসংকুল অৱস্থাত সমাজিক সুৰক্ষা প্রদান কৰা৷ মাইক্র’ ফাইনেঞ্চ প্রতিষ্ঠান আৰু আত্মসহায়ক গোটসমূহে অসমৰ জনসাধাৰণক বিত্তীয় সেৱা আগবঢ়োৱাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ ইয়াত কম কম টকা সঞ্চয় আৰু ঋণ লাভৰ সুবিধা আছে৷ ইয়াৰ দ্বাৰা ক্ষুদ্র ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ পূর্বৰ ব্যৱসায় বঢ়াবও পাৰে৷ তদুপৰি বিভিন্ন অনা–চৰকাৰী সংগঠন, আন্তঃৰাষ্ট্রীয় অনুষ্ঠান আৰু সমূহীয়া সংগঠনে দৰিদ্রতা নিবাৰণৰ হকে অসমত সক্রিয়তাৰে কাম কৰি আছে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ২০২৪–২৫ বর্ষত অসমৰ প্রতিজন নাগৰিকৰ গড় জনমূৰি আয় ১,৫৪,২২২ টকা৷ সেইদৰে ২০২৪–২৫ বর্ষত ভাৰতৰ প্রতিজন নাগৰিকৰ গড় জনমূৰি আয় ২,০০,১৬২টকা৷

You might also like