নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত আক্রান্তৰ সংখ্যা ১১৬জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ দেশব্যাপী ঘাতক ক’ৰোনা ভাইৰাছৰ সংক্রমণ দিনে দিনে বৃদ্ধি পাইছে ৷ প্রতিৰোধী ব্যৱস্থা আৰু সজাগতা অভিযান চলাই থাকিলেও দেশৰ ন ন প্রদেশলৈ সংক্রমণ প্রসাৰিত হৈছে ৷ সোমবাৰে ওড়িশাত প্রথমজন ক’ৰোনা ভাইৰাছত আক্রান্ত লোক চিনাক্ত কৰা হৈছে ৷ ইপিনে সর্বাধিক আক্রান্তৰ তালিকাত থকা মহাৰাষ্ট্রত পুনৰ ৫জনৰ দেহত ক’ভিড–১৯ নিশ্চিত হোৱাত দেশত এই ঘাতক ভাইৰাছটোত আক্রান্তৰ সংখ্যা ১১৬জনলৈ বৃদ্ধি পালে ৷ ইতিমধ্যে ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা নিশ্চিত হোৱাৰ পাছতেই মহাৰাষ্ট্র, দিল্লী, উত্তৰ প্রদেশ, পশ্চিমবংগ, কেৰালা, ৰাজস্থান, মধ্যপ্রদেশ, কর্ণাটক, তেলেংগানা, অন্ধ্রপ্রদেশ আদিত ৩১ মার্চলৈ শৈক্ষিক প্রতিষ্ঠান, মল, চিনেমা গৃহ বন্ধ ঘোষণা কৰাৰ পাছত সোমবাৰে গোৱা, গুজৰাট, ত্রিপুৰা আদি ৰাজ্যতো ৩১ মার্চলৈ শৈক্ষিক প্রতিষ্ঠান, ক্লাব, মল আদি বন্ধ ঘোষণা কৰা হৈছে ৷ আনপিনে, চলি থকা বাজেট অধিৱেশনৰ কার্যকাল সামৰণি নৌপৰোঁতেই বিহাৰ, ছত্তিশগড় বিধানসভাৰ অধিৱেশন  অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে ৷

লক্ষণীয় যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ শংকাত প্রতিৰোধী ব্যৱস্থা হিচাপে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা, গুচৰীয়া, সাংবাদিকৰ থার্মেল স্ক্রীনিং কৰা হৈছে৷ আনহাতে, নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জে এন ইউ) ছাত্রাৱাস খালী কৰিবলৈ কর্তৃপক্ষই নির্দেশ জাৰি কৰিছে ৷ অহা ৩১ মার্চলৈ শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰা পশ্চিমবংগ চৰকাৰে এই সময়সীমা সম্প্রসাৰণ কৰি ১৫ এপ্রিললৈ বন্ধ পিছুৱাই দিছে ৷ উল্লেখ্য যে ওড়িশাত চিনাক্ত হোৱা প্রথমজন ক’ৰোনা ভাইৰাছত আক্রান্ত লোকে ইটালী ভ্রমণ কৰি দেশলৈ উভতি আহিছে ৷ ইটালীৰ পৰা দিল্লী বিমানবন্দৰত অৱতৰণ কৰি তাৰ পৰা বিমানৰ পৰিৱর্তে ৰে’লেৰে ভুবনেশ্বৰলৈ আহিছিল ৷ বিমানত স্ক্রীনিং টেষ্টৰ পৰা আঁতৰাই ৰখা বাবেই ৰে’লেৰে ভ্রমণ কৰা ব্যক্তিজনক ভুবনেশ্বৰ কেপিটেল হাস্পতালত ভর্তি কৰোৱাৰ পাছতেই ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত হয় ৷ মন কৰিবলগীয়া যে দেশৰ সর্বাধিক ৩৮গৰাকী লোক মহাৰাষ্ট্রত আক্রান্ত হৈছে ৷ ইয়াৰে মুম্বাইত ৬জন, পিপৰি চিঞ্চ ৱাড়ত ৯, পুনেত ৭, নাগপুৰত ৪, নবী মুম্বাইত ২, পানভেলত ১, কল্যাণত ১, য়াৱতমলত ৩, ৰাজগড়ত ১, আহমেদ নগৰত ১ আৰু ঔৰাংগবাদত ১ ৷ মহাৰাষ্ট্রৰ নবী মুম্বাই পানভেল চৰকাৰী চিকিৎসালয়ত ডুবাইৰ পৰা ক্রিকেট খেলি উভতি অহা ১১জন লোকক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহত বিশেষ নিৰীক্ষণত ৰখা হৈছে ৷ বিহাৰ চৰকাৰে ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ সকলো খৰচ মুখ্যমন্ত্রী চিকিৎসা সাহায্য কোষ যোজনাৰ পৰা বহন কৰিব বুলি মুখ্যমন্ত্রী নীতিশ কুমাৰে ঘোষণা কৰিছে ৷

ইপিনে ক’ভিড–১৯ সন্দর্ভত কাৰাগাৰত কি পদক্ষেপ গ্রহণ কৰিছে, সেই সন্দর্ভত প্রতিবেদন বিচাৰি উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ কাৰাগাৰ সঞ্চালকপ্রধান আৰু মুখ্য সচিবলৈ জাননী জাৰি কৰিছে ৷ অহা ২০ মার্চৰ ভিতৰত ক’ভিডক লৈ কাৰাগাৰে কি পদক্ষেপ লৈছে, তাৰ প্রতিবেদন উচ্চতম ন্যায়ালয়ক দাখিল কৰিব লাগিব ৷ দেশৰ ৰাজধানী দিল্লীত ক’ৰোনা ভাইৰাছত আক্রান্ত লোক এজন সুস্থ হৈ উঠাৰ সুবার্তাই অঞ্চলবাসীক শংকামুক্ত কৰা নাই ৷ সদাব্যস্ত দিল্লীত নিমাওমাও পৰিৱেশ সৃষ্টি হৈছে ৷  প্রাণঘাতী ভাইৰাছটোক লৈ শংকা অব্যাহত আছে ৷ সোমবাৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সযোগে সকলো জিলা কর্তৃপক্ষৰ সৈতে ক’ভিড–১৯ক লৈ গ্রহণ কৰা পদক্ষেপক পর্যালোচনা কৰে ৷ দিল্লী সচিবালয়ত মুখ্যমন্ত্রী কেজৰিৱালে ভিডিঅ’ কনফাৰেন্সযোগে জিলা স্বাস্থ্য বিষয়াসকলৰ সৈতে বার্তালাপৰ সময়ত উপ–মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্রী, মুখ্য সচিব আৰু স্বাস্থ্য সচিব উপস্থিত থাকে ৷

ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা ছার্জিকেল মাস্কৰ নামত চাৰি লাখ টকা প্রতাৰণা কৰাৰ অভিযোগত সোমবাৰে মুম্বাই আৰক্ষীয়ে দক্ষিণ মুম্বাইৰ আব্রাৰ মুস্তাক নামৰ ব্যৱসায়ী এজনক গ্রেপ্তাৰ কৰিছে ৷ দেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত ইউ এ ই, কাটাৰ, অ’মান আৰু কুৱেইটৰ পৰা অহা যাত্রীক নূ্যনতম ১৪ দিনৰ বাবে বিশেষভাৱে সজ্জিত কোঠাত থকাটো বাধ্যতামূলক কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ তদুপৰি ইউৰোপীয় সংঘ, তুৰস্ক আৰু  গ্রেট ব্রিটেইনৰ যাত্রীক ভাৰতত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ অহা ১৮ মার্চৰ পৰাই ইউৰোপীয় সংঘ, তুৰস্ক আৰু গ্রেট ব্রিটেইনৰ পৰা অহা যাত্রীৰ আগমনত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

You might also like