নলবাৰীত ভয়াৱহ ঘটনা, ৰে’লৰ চেপাত মাতৃ-কন্যাৰ মৃত্যু
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মাৰ্চঃ নলবাৰীত ভয়াৱহ ঘটনা ৷ নলবাৰীৰ বাউসীয়াপাৰত এই ভয়াৱহ কাণ্ড সংঘটিত হয়। ৰেলৰ চেপাত মাতৃ-কন্যাৰ মৃত্যু। উজনিমুৱা কামৰূপ এক্সপ্ৰেছত এই অঘটনটো ঘটে। মৃত মহিলাগৰাকীৰ নাম জুৰি দাস আৰু মহিলাগৰাকীৰ জীয়াৰীৰ নাম মেঘালী দাস। নলবাৰীৰ চৰিয়াৰ নৃপেন দাস নামৰ পৰিয়ালটোৰ ভয়াৱহ সিদ্ধান্ত। ইফালে দুই কণমানি পুত্ৰ সৌভাগ্য ক্ৰমে ৰক্ষা পৰে মৃত্যুৰ পৰা। দুই নাবালক শিশু এতিয়া ৰেলৱে আৰক্ষীৰ হাতত। ঘটনা সন্দৰ্ভত জানিব পৰা মতে নৃপেন দাসৰে পত্নী জুৰি দাসৰ হৈছিল কাজিয়া। এই কাজিয়াৰ পৰিণতিতেই এই দুখজনক ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।