নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ঐতিহাসিক শিৱসাগৰৰ শুকান পুখুৰী অঞ্চলত যোৱা ১৩ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে সংকল্পিত মহাপালনাম। কালি প্ৰতিকুল বতৰকো নেওচি ৰঙৰ উৎসৱ ফাকুৱাৰ দিনটোতো হৰিনামৰ পবিত্ৰ ধ্বনিৰে মুখৰিত হৈ পৰে শুকান পুখুৰী অঞ্চল। কালি পুৱা শৰাই অৰ্পণেৰে আৰম্ভ হোৱা দ্বিতীয় দিনাৰ অনুষ্ঠানৰ ধৰ্মধ্বজা উত্তোলন কৰে কৃষ্ণসূৰ্য নাম সমাজৰ সভাপতি ভৱেন সন্দিকৈয়ে। সমান্তৰালভাৱে অন্যান্য প্ৰতিনিধিসকলে ১০০ খন পতাকা উত্তোলন কৰে। শোভাযাত্ৰা উদ্বোধন কৰে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে। অনুষ্ঠানত আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীক কৃষ্ণসূৰ্য নাম সমাজ আৰু গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা “সত্ৰ সৌৰভ” বঁটা প্ৰদান কৰা হয়। এই বঁটা গ্ৰহণ কৰাৰ লগতে মহাপালনাম উদ্বোধন কৰি ডেকা সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীয়ে কয় যে এটা নিৰ্দিষ্ট সময়লৈকে ভগৱন্তৰ নাম লৈ প্ৰণালীবদ্ধ পদ্ধতিৰে পালে পালে নাম লৈ অখণ্ডতা ৰক্ষা কৰা হয়। সেই নামেই হৈছে পালনাম। বিভিন্ন শাস্ত্ৰত পালনামৰ আৰ্হি উল্লেখ আছে। সত্যযুগত শিৱই ব্ৰহ্মতত্ব লাভৰ সংজ্ঞা উদ্ভাৱন কৰাৰ যি পদ্ধতি সেয়াই পালনাম। ব্ৰহ্মাই পাপ মোচনৰ বাবে শিৱৰ সপ্তনাগ নমাই আনি একান্তভাৱে চৰ্চা কৰাৰ যি ব্যৱস্থা আছিল সেয়াই পালনাম। অসমত এই পালনাম শংকৰদেৱৰ দিনতে পোন প্ৰথমবাৰৰ বাবে প্ৰচলিত হয়। ভূঞাসকলৰ হাতী ৰখাক কেন্দ্ৰ কৰি পালনাম সৃষ্টি হৈছিল। আহোম ৰজাৰ শাসনকালত ভূঞাসকলৰ মাজৰ পৰা হৰি জোঁৱাই আৰু মাধৱদেৱক ৰাজআজ্ঞা পালনত ব্যৰ্থ হোৱাৰ বাবে আহোম ৰাজসভালৈ ধৰি নিয়া হৈছিল। এই অপৰাধত ৰজাই হৰি জোঁৱাইক মৃত্যুদণ্ড দিছিল। মাধৱদেৱক ৰাজদ্ৰোহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভকতসকলে শংকৰদেৱৰ পৰা আজ্ঞা লৈ অখণ্ড মহাপালনামৰ আয়োজন কৰিছিল। এই পালনামৰ মহিমাতে মাধৱদেৱে মুক্তি লাভ কৰিছিল। তেতিয়াৰ পৰাই অসমৰ বিভিন্ন সত্ৰ আৰু নামঘৰত মহাপালনামৰ প্ৰচলন হৈ আহিছে বুলি দেবানন্দ দেৱগোস্বামীয়ে মন্তব্য কৰে। বিয়লি বিশিষ্ট সমাজকৰ্মী অচ্যুত চুতীয়াই দিহানাম উদ্বোধন কৰাৰ পাছত মূল বন্তি প্ৰজ্বলন কৰে নামাচাৰ্য অনিল বৰুৱাই। ইয়াৰ পাছতেই পালনামত অংশগ্ৰহণ কৰে মুখ্য নামাচাৰ্য হীৰেন বাৰুৱতীয়ে। আজি আইমাতৃসকলৰ আধ্যাত্মিক জ্ঞানৰ সম্পৰ্কত বক্তৃতা প্ৰদান কৰে তিতাবৰৰ জেষ্ঠ বুঢ়া ভকত সোণাৰাম শৰ্মাই। দিহানামৰ জনপ্ৰিয় শিল্পী সংগীতা বৰাই দিহানাম পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে। বিয়লি সংগীতময় ভাগৱত প্ৰৱচনৰ পাছত সন্ধিয়া কুহেলিকা নাট্য গোষ্ঠীয়ে “গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দ্বিগবিজয়” ভাওনা প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে।
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই