স্পেচ ষ্টেচনত স্পেচএক্স, শীঘ্রেই পৃথিৱীলৈ উভতিব সুনীতা–উইলমোৰ
নিউজ ডেস্ক, ১৭ মাৰ্চঃ আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ)ত উপস্থিত হৈছে এলন মাস্কৰ স্পেচএক্সৰ মহাকাশযান৷ ক্রিউ–১০ৰ চাৰিগৰাকী মহাকাশচাৰীয়ে আইএছএছত পদার্পণ কৰে৷ ভাৰতীয় বংশোদ্ভৱ আমেৰিকান নভোচৰ সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুশ্ব উইলমোৰৰ সৈতে এই চাৰি মহাকাশচাৰীৰ সাক্ষাৎ হৈছে৷ ইমান দিনৰ পিছত সহকর্মীসকলক কাষত পাই উচ্ছ্বসিত হৈ পৰে সুনীতা আৰু উইলমোৰ৷ তেওঁলোকৰ উল্লাসৰ আলিংগনৰ মুহূর্ত ধৰা পৰিছে কেমেৰাত৷ মার্কিন টেলিভিছন চেনেলত এয়া লাইভ সম্প্রচাৰিতও হৈছে৷ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ তৰফৰ পৰা ছ’চিয়েল মিডিয়াত প্রকাশ কৰা হৈছে এই ভিডিঅ’৷ তাত দেখিবলৈ পোৱা গৈছে মহাকাশযানৰ দুৱাৰ খোল খোৱাৰ পিছতেই ইয়াৰ পৰা চাৰিগৰাকী মহাকাশচাৰী ওলাই আহে৷ ইফালে তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে সুনীতা উইলিয়ামছ, উইলমোৰ আৰু অন্য নভোচৰসকলে৷ মহাকাশত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তি নথকাৰ বাবে শূন্যতেই তেওঁলোক ওপঙি থকা দেখিবলৈ পোৱা গৈছে৷ শূন্যত ওপঙি ওপঙিয়েই তেওঁলোকে পৰস্পৰে পৰস্পৰক আলিংগন কৰিছে৷ চেহেৰাত দেখিবলৈ পোৱা গৈছে উল্লাস৷ সহকর্মীসকলক দেখা পোৱাৰ পিছতেই সুনীতাই উল্লেখ কৰে যে তেওঁলোকক দেখি তেওঁ অতি আনন্দিত৷ এয়া এক ‘অসাধাৰণ দিন’ বুলিও উল্লেখ কৰে সুনীতা উইলিয়ামছে৷ ইফালে নাছাৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে স্পেচএক্সৰ ড্রেগন মহাকাশযানৰ দুৱাৰ খোল খাইছিল কালি ১১.০৫ বজাত (ভাৰতীয় সময় অনুসৰি)৷ পুৱা ৯.৩০ বজাত মহাকাশযানখন উপস্থিত হয় আইএছএছত৷ ইয়াৰ পিছতে নিৰাপত্তা সম্পর্কীয় বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলোৱাৰ পিছত মহাকাশযানখনৰ দুৱাৰ খুলি দিয়া হয়৷ যি চাৰিগৰাকী নভোচৰে এই যানখনেৰে উপস্থিত হৈছে তেওঁলোক হৈছে– নাছাৰ এন মাক্লেন, নিকোল আয়ার্ছ, জাপানৰ মহাকাশ গৱেষণা সংস্থা জাক্সাৰ প্রতিনিধি টাকুৱা ওনিছি আৰু ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰছকছমছৰ প্রতিনিধি কিৰিল পেছকোভ৷ আগন্তুক বুধবাৰে দুপৰীয়া ১.৩০ বজাত সুনীতাসহ চাৰিগৰাকী মহাকাশচাৰীক লৈ স্পেচএক্সৰ যানে পৃথিৱী অভিমুখে ৰাওনা হ’ব৷ সুনীতা আৰু উইলমোৰৰ সৈতে পৃথিৱীলৈ উভতিব নাছাৰ নিক হগ আৰু ৰুছ নভোচৰ আলেকজেণ্ডাৰ গর্বুনভ৷ স্মর্তব্য যে মাত্র আঠদিনৰ বাবে আইএছএছলৈ গৈ মহাকাশযানৰ বিজুতি ঘটাৰ ফলত সুদীর্ঘ ৯ মাহ ধৰি সুনীতা আৰু উইলমোৰ আইএছএছত আবদ্ধ হৈ পৰে৷