নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম : নৱ ভাৰতৰ বিকাশৰ ইঞ্জিন

🔹 লোকেশ এ সিংহল

হিমালয়ৰ পাদদেশত চিৰ প্রবাহিত মহাবাহুৰ পাৰত উত্তৰ–পূব ভাৰতৰ অসমভূমি৷ এতিয়ালৈকে অসমক সকলোৱে চাহ আৰু পেট্ৰ’লিয়াম উদ্যোগৰ বাবে জানিছিল, চিনিছিল, কিন্তু এতিয়া দৃশ্যপট সলনি হৈছে৷ আজিৰ অসমক অতি কম দিনৰ ভিতৰতে বিশ্বই ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্র’নিক সামগ্রীৰ বাবেও চিনিবলৈ আৰম্ভ কৰিব৷ এই নতুন অসমে ৰাষ্ট্র নির্মাণত অৰিহণা আগবঢ়াহ ঔদ্যোগিক দিশত এক শক্তিশালী ৰাজ্যৰ ভূমিকা পালন কৰিব৷ এয়া সর্বজনবিদিত যে এছিয়াৰ ভিতৰতে প্রথম খাৰুৱা তেলৰ খনি আৱিষ্কাৰ হোৱা স্থান আৰু বিশ্বৰ আটাহতকৈ পুৰণি আৰু বর্তমানো কার্যক্ষম তেল শোধনাগাৰ আছে অসমৰ ডিগবৈত৷ অসমে আজিও ভাৰতৰ মুঠ চাহৰ ৫০ শতাংশতকৈও অধিক উৎপাদন কৰাৰ লগতে অন্যান্য বহু গুৰুত্বপূর্ণ ক্ষেত্রত অৰিহণা আগবঢ়াই আহিছে৷
দেশ স্বাধীন হোৱাৰ সময়ত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) ৰাষ্ট্রীয় গড়তকৈ বেছি আছিল আৰু সেই সময়ত অসম দেশৰ অৰিহণা যোগোৱা ঘৰুৱা উৎপাদনত ৰাজ্য আছিল৷ সময় অতিবাহিত হোৱাৰ পাছত দীর্ঘ সময়ৰ ৰাজনৈতিক উদাসীনতাই অসমক পিছুৱাই লৈ গ’ল৷ কালক্রমত অসম এক নির্ভৰশীল ৰাজ্য হৈ পৰিল৷ তদুপৰি এই উদাসীনতাই অসমবাসীক ভাৰতৰ মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন অনুভৱ কৰিবলৈ বাধ্য কৰোৱালে৷ ’৮০ৰ দশকত বাংলাদেশৰ পৰা হোৱা অনুপ্রৱেশে ৰাজ্যখনতে এক বৃহৎ জনগাঁথনিগত অস্থিৰতাৰ সৃষ্টি কৰিলে৷ অসমত আৰম্ভ হ’ল প্রতিবাদ আৰু ধর্মঘটৰ এক অধ্যায়৷ সেই সময়ৰ অসমৰ ছাত্র সমাজৰ নেতৃত্বত এক গণ আন্দোলনৰ সূচনা হৈছিল আৰু ইয়াৰ সমাধান স্বৰূপে ১৯৮৫ চনত স্বাক্ষৰিত হয় অসম চুক্তি, য’ত উল্লেখ কৰা হৈছিল খিলঞ্জীয়াৰ সুৰক্ষাৰ৷ কিন্তু এই অস্থিৰতাৰ মাজতে বহুজনে প্রতিষ্ঠান বিৰোধিতাৰে হাতত অস্ত্র তুলি ল’লে৷ এই সময়ে জনসাধাৰণৰ লগতে ৰাজ্যখনৰ বিকাশৰ গতিকো বাধাগ্রস্ত কৰি তুলিলে৷ অসমত সৃষ্টি হোৱা পৰিৱেশে বহু ব্যক্তিৰ লগতে বহু ব্যৱসায়ীকো ৰাজ্য এৰি যাবলৈ বাধ্য কৰালে৷ এই সশস্ত্র বিদ্রোহে ৰাজ্যখনক প্রায় ৩০টা বছৰ বাৰুকৈয়ে জুৰুলা কৰিলে৷ ইয়াৰ মাজত অসংখ্য সুযোগ আমি সকলোৱে হেৰুৱালোঁ৷
২০১৪ চনৰ লোকসভা নির্বাচনত এক নতুন বার্তা আহিল৷ ভাৰতৰ প্রধানমন্ত্রী হৈয়ে নৰেন্দ্র মোদীয়ে উত্তৰ–পূব ভাৰতৰ জনসাধাৰণৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিলে৷ প্রধানমন্ত্রী মোদীয়ে এই অঞ্চলটোৰ ভৌগোলিক গুৰুত্ব উপলব্ধি কৰি ইয়াৰ লোকসকলক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সম্পূর্ণৰূপে সংহত কৰিবলৈ উদ্যোগ গ্রহণ কৰিলে৷ তেওঁৰ সামগ্রিক উন্নয়ন নীতিয়ে অসমক স্পর্শ কৰিলে৷ বিভিন্ন শান্তি চুক্তিৰ জৰিয়তে অন্তর্ভুক্তিকৰণৰ প্রয়াস আৰম্ভ হ’ল৷ তেওঁৰ ব্যক্তিগত ভ্রমণ আৰু কেন্দ্রীয় মন্ত্রীসভাৰ সদস্যসকলৰ ভ্রমণ অঞ্চলটোলৈ বৃদ্ধি পালে৷
তদুপৰি ২০১৬ চনত পৰিৱর্তনৰ প্রতিশ্রুতিৰে অসমত গঠন হোৱা নতুন ৰাজ্যিক চৰকাৰখনে কেন্দ্রৰ সৈতে সংহতভাৱে এই প্রচেষ্টাক দুগুণ উজ্জীৱিত কৰি তুলিলে৷ পূর্বৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রচেষ্টাই হওক বা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা ব্যাপক জনমুখী কর্মই হওক, বিগত দশকটিত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন ১২.৬ শতাংশ হাৰত বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে৷ ইয়াতে উল্লেখ কৰিব লাগিব যে এই দশকটোৰ তিনিটা বছৰত ক’ভিড অতিমাৰীৰ বাবে বিশ্বৰ বিকাশৰ গতি স্তব্ধ হৈ পৰিছিল৷ বর্তমান ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন যোৱা বিত্তীয় বর্ষত (AE) এই বৃদ্ধিৰ হাৰ হৈছে ১৯ শতাংশ, যিটো ৰাষ্ট্রীয় গড়তকৈ অধিক৷ ইয়াৰ আঁৰত আছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এক বিশেষ প্রচেষ্টা৷
২০২১ চনত মুখ্যমন্ত্রী হোৱাৰ পিছৰে পৰা তেওঁ ব্যক্তিগতভাৱে সন্ত্রাসজর্জৰ সময়ত ৰাজ্য এৰি যোৱা লোক আৰু প্রতিষ্ঠানসমূহৰ ওচৰ চাপিছিল আৰু তেওঁলোকক অসমৰ বিকাশৰ যাত্রাৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছিল৷ তেওঁলোকক এক উদ্যোগ অনুকূল পৰিৱেশ প্রদান কৰিবলৈ চেষ্টা অব্যাহত আছিল৷ এনে ক্ষুদ্র ৰাজনৈতিক প্রচেষ্টাই বিকশিত অসমৰ ভেটি পুনৰ নির্মাণৰ দিশত প্রয়োজনীয় বিশ্বাসৰ এক শক্তিশালী আধাৰ সৃষ্টি কৰিছিল৷ মুখ্যমন্ত্রীৰ গতিশীলতা আৰু কর্মোদ্যমে উদ্যোগপতিসকলক অসমত আকৌ এক নতুন সুযোগৰ সন্ধান কৰিবলৈ অনুপ্রাণিত কৰিছিল৷ তেনে এক আৰম্ভণিৰেই ২০২৪ চনত টাটা গ্রুপে অসমৰ জাগীৰোডত ২৭,০০০ কোটি টকা বিনিয়োগেৰে এক আডটছ’ৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্টিং প্লাণ্ট স্থাপনৰ বিষয়ে ঘোষণা কৰে৷ এই প্রতিষ্ঠানটোৱে অসমত প্রত্যক্ষ আৰু পৰোক্ষভাৱে ৩০,০০০ যুৱক–যুৱতীৰ সংস্থাপন সৃষ্টি কৰিব৷ এনে এক উচ্চ প্রযুক্তিৰ তথ্য–প্রযুক্তি উদ্যোগ দক্ষিণ ভাৰতৰ ৰাজ্যৰ বিপৰীতে অসমত স্থাপন হোৱাটো কল্পনাৰো অগোচৰ আছিল৷ এক নতুন পথৰ অন্বেষণ যাত্রাৰ যেন সামৰণি পৰি অসমে সেই নতুন অগ্রগামী পথত খোজ পেলালে৷ এনে এটা বৃহৎ উদ্যোগে এই যাত্রা যে অনিৰুদ্ধ হ’ব তাৰো ভৱিষ্যদ্বাণী কৰিলে৷
টাটা– এনে এটা নাম, যি অন্যান্য উদ্যোগৰ বাবেও বিশ্বাস আৰু আস্থাৰ প্রতীক, অর্থাৎ অসম আন উদ্যোগৰ বাবেও আজি হৈ পৰিছে এক চর্চিত স্থান৷ ইয়াৰ বাবে প্রশাসন আৰু নেতৃত্ব থমকি ৰোৱা নাই৷ কাৰণ এতিয়া এই বৃহৎ উদ্যোগসমূহক অসমলৈ বাট দেখুৱাবলৈ তেওঁলোকেই পোহৰৰ সৃষ্টি কৰিব লাগিব৷
এডভাণ্টেজ আছাম ২.০ সন্মিলন অনুষ্ঠিত হৈ যায় যোৱা ২৫–২৬ ফেব্রুৱাৰীত৷ এই সন্মিলনত অংশগ্রহণ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ ইতিবাচক পৰিৱর্তনৰ বিষয়ে আলোকপাত কৰে আৰু উদ্যোগপতিসকলক ৰাজ্যখনত বিনিয়োগ কৰিবলৈ আহ্বান জনায়৷ প্রধানমন্ত্রীয়ে প্রায়ে উল্লেখ কৰে যে অসম কেৱল উত্তৰ–পূব ভাৰতৰ প্রৱেশদ্বাৰ নহয়, এই ৰাজ্যখন হৈছে সমগ্র দক্ষিণ–পূব এছিয়াৰ প্রৱেশদ্বাৰ৷ ‘এক্ট ইষ্ট নীতি’ৰ জৰিয়তে চৰকাৰে প্রধানমন্ত্রীগৰাকীৰ এই ভাষ্যক প্রতিপন্ন কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে ৭০তকৈও অধিকবাৰ উত্তৰ–পূব ভাৰত ভ্রমণ কৰিছে আৰু এয়া পূর্বৰ সকলো প্রধানমন্ত্রীৰ ভ্রমণৰ মুঠ সংখ্যাতকৈও বেছি, যি এই অঞ্চলৰ সামগ্রিক উন্নয়নৰ প্রতিশ্রুতিৰ প্রতি যে তেওঁ ভৌতিক, ডিজিটেলী আৰু আৱেগিকভাৱে অটল ইয়াকেই প্রমাণ কৰিছে৷
এডভাণ্টেজ আছাম–২.০ অনুষ্ঠানৰ পূর্বে দেশৰ প্রধান চহৰসমূহৰ লগতে ভূটান, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আদিত বহুতো বৈঠক আয়োজন কৰা হৈছিল৷ বিশ্বজুৰি থকা দূতাৱাসসমূহৰ জৰিয়তে ‘অসম সপ্তাহ’ৰ আয়োজন কৰি অসমৰ অর্থনৈতিক সুযোগ আৰু সাংস্কৃতিক ঐতিহ্যৰ প্রচাৰ কৰিছিল৷ ২৪ ফেব্রুৱাৰীৰ সন্ধিয়া ‘ঝুমইৰ বিনন্দিনী’ৰ আয়োজন কৰা হৈছিল, য’ত প্রায় ৮০০খন চাহ বাগিচাৰ পৰা ৮,০০০তকৈও অধিক শিল্পীয়ে অসমৰ চাহৰ ২০০ বছৰ পূর্ণ হোৱা উপলক্ষে তেওঁলোকৰ সমৃদ্ধ পৰম্পৰা আৰু সংস্কৃতি প্রদর্শন কৰে৷
এডভাণ্টেজ আছাম–২.০ উপলক্ষে অসমলৈ বৈদেশিক প্রতিনিধি দলক অসমৰ অর্থনৈতিক সম্ভাৱনা, সাংস্কৃতিক ঐতিহ্য আৰু প্রাকৃতিক সৌন্দর্য অভিজ্ঞতা প্রদানৰ বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছিল৷ সন্মিলনখনত বহুকেইগৰাকী কেন্দ্রীয় মন্ত্রীয়েও অংশগ্রহণ কৰিছিল আৰু ৰাজ্যখনৰ বাবে বহুকেইটা বৃহৎ প্রকল্পৰ ঘোষণা কৰি অসমক উত্তৰ–পূবৰ বিকাশৰ ইঞ্জিন হিচাপে পুনৰ প্রতিপন্ন কৰিছিল৷ সন্মিলনখনত ভাৰতৰ উদ্যোগপতিসকলৰ অভূতপূর্ব অংশগ্রহণে দৃষ্টি আকর্ষিত কৰিছিল৷ টাটা, ৰিলায়েঞ্চ, আদানি, বেদান্ত, জেএছডব্লিউ আদিৰ উপস্থিতি আছিল উল্লেখযোগ্য৷ মুঠ ২,৮৮৮খন বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হৈছিল আৰু ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ পৰা মুঠ বিনিয়োগৰ প্রতিশ্রুতিয়ে ৫.১৮ লাখ কোটি টকা (৬০ বিলিয়ন আমেৰিকান ডলাৰ)ৰ পৰিসংখ্যা স্পর্শ কৰে আৰু এয়া ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ প্রায় ৮০ শতাংশতকৈও অধিক৷ উল্লেখ কৰিব পাৰি যে ভৌগোলিক–কৌশলগত অৱস্থান, প্রচুৰ প্রাকৃতিক আৰু দক্ষ মানৱ সম্পদৰ সৈতে অসমে ২০২৪ চনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৬৯ বিলিয়ন আমেৰিকান ডলাৰ পৰিমাণক ২০৩০ চনত অর্থনীতি দুগুণ কৰাৰ এক উচ্চাকাংক্ষী পৰিকল্পনা গ্রহণ কৰিছে৷
ৰাজহুৱা খণ্ডত বৃহৎ প্রকল্পৰ ঘোষণাৰ ভিতৰত উল্লেখযোগ্য আছিল এক মেগা সংহত ইউৰিয়া সাৰ কাৰখানা, ৰে’লৰ দবা প্রস্তুত কাৰখানা, এক্সপ্রেছ ৱেক্স, তেল আৰু গেছ অনুসন্ধান, ব্রহ্মপুত্রত পানীৰ তলেৰে সুৰংগ আদি৷ ব্যক্তিগত খণ্ডত টাটাই ম’বাইল উৎপাদন গোট স্থাপন কৰিবলৈ আৰু সৌৰ নৱীকৰণযোগ্য শক্তি উৎপাদনত বিনিয়োগৰ ঘোষণা কৰে, ৰিলায়েঞ্চে এ আই ডেটা চেণ্টাৰ, গ্রীন এনার্জী প্রকল্প, আদানিয়ে এয়াৰপ’ৰ্ট, এয়াৰচিটী আৰু অন্যান্য আন্তঃগাঁথনি প্রকল্পত বিনিয়োগৰ ঘোষণা কৰাৰ লগতে আন ব্যক্তিগত প্রতিষ্ঠানেও বিভিন্ন খণ্ডত বিনিয়োগৰ ঘোষণা কৰে৷
অসমলৈ অহা এই বিনিয়োগসমূহে আৰু ৰাজ্যখনৰ প্রতি গঢ় লৈ উঠা এই আস্থা নজিৰবিহীন আৰু এতিয়া আমাৰ ওপৰত নির্ভৰ কৰিব যে আমি এই সুযোগৰ কেনেদৰে সদ্ব্যৱহাৰ কৰোঁ৷ ইমান কম সময়ত টীম অসমে এই সন্মিলনখন সুচাৰুৰূপে সম্পন্ন কৰাটোৱে ৰাজ্যখনৰ গতিশীল আৰু কর্মঠ শক্তিকেই প্রতিপন্ন কৰিছে৷ এনে পদক্ষেপৰ বাবে মই প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু একতাৰে কাম কৰা সকলোকে ধন্যবাদ জনাইছোঁ৷ আজি এনে এক সম্ভাৱনাৰ সৃষ্টি হৈছে যে ৰাজ্যৰ যুৱক–যুৱতীসকলে ভাল চাকৰিৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱাৰ পৰিৱেশ নোহোৱা হ’ব৷ নিজৰ ৰাজ্যতে একে গুণগত মান আৰু দৰমহাৰ চাকৰিৰ সৃষ্টি হ’ব৷ মাত্র ২২.৭ বছৰ গড় বয়সৰ অসমে ভৱিষ্যতত মানৱ সম্পদ প্রদানকাৰী হিচাপেও সেৱা আগবঢ়াব পাৰে৷
অৱশ্যে আমাৰ যুৱচামে চাকৰি কৰিম বুলি বাট নাচাই নিয়োগ সৃষ্টিকাৰী হিচাপে গঢ় লৈ উঠাৰ এক পৰিৱেশ আজি আহিছে৷ সহজ আৰু সুলভ নীতি তথা সহযোগে সুযোগ প্রদান কৰিছে৷ আমাৰ উদ্দেশ্য হোৱা উচিত যে ৰাজ্যৰ উন্নয়নত আমি আমাৰ ভূমিকা পালন নিশ্চিত কৰিব লাগে আৰু ৰাষ্ট্র নির্মাণত অৰিহণা যোগাব লাগে৷ কোনো কোনো মুহূর্তত মনলৈ আহে যে সন্ত্রাসজর্জৰ পৰিৱেশৰ বাবে আমি যদি ৩০টা বছৰ নেহেৰুৱালোঁহেঁতেন তেন্তে অসমৰ স্থান আজি দেশৰ শীর্ষত থাকিলহেঁতেন৷ পলম হ’ল কিন্তু পথ ৰুদ্ধ হোৱা নাই৷ ইতিহাসৰ এখিলা নতুন পাতৰ আৰম্ভণি এয়া, সোণালী আখৰেৰে লিখিবলৈ এটা পথ৷ এতিয়া আমাৰ দায়িত্ব এই ৰাজ্যখনৰ অর্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ দেহে–কেহে সমর্পণ কৰা৷ ভাৰতৰ অর্থনীতিৰ প্রধান ৰাজ্যৰ ভূমিকা পালন কৰাৰ হূত গৌৰৱ ঘূৰাই অনাৰ দায়িত্বও আমাৰ কান্ধত৷ এয়া অসমৰ বাবে এক পুনৰ জীৱন৷ এয়া হৈছে মা কামাখ্যাৰ পুনৰ সৃষ্টিৰ শক্তিৰে মহীয়ান অসমৰ বাবে এক পুনৰ জীৱন৷ বিকশিত অসমে গঢ়িব এক বিকশিত অষ্টলক্ষ্মী, যি সূচনা কৰিব এক বিকশিত ভাৰতবর্ষৰ৷ আহক, অসমৰ এই বিকাশ যাত্রাৰ অংশ হওঁ! জয় হিন্দ! জয় আই অসম!

ফোন : ৯৭০৭০–২০০১১

You might also like