নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো জাতিৰ উত্তৰণত বৃহৎ ভূমিকা এবছুৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত কোকৰাঝাৰৰ দতমাত আয়োজিত নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ ৫৭সংখ্যক বার্ষিক অধিৱেশনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ এবছুৰ সভাপতি দ্বীপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই বডোফা উপেন্দ্র নাথ ব্রহ্মৰ প্রতি গভীৰ শ্রদ্ধা জ্ঞাপন কৰি কয় যে নিখিল বড়ো ছাত্র সন্থাই বডো জাতিৰ উত্তৰণত বৃহৎ ভূমিকা গ্রহণ কৰি আহিছে৷ ১৯৬৭ চনৰ ১৫ ফেব্রুৱাৰীত কোকৰাঝাৰৰ ট্ৰাইবেল ৰেষ্ট হাউছত নিখিল বড়ো ছাত্র সন্থা গঠনৰ গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছিল৷ সেই দিনটোৰ পৰা সুদীর্ঘ সময়ছোৱাত নিখিল বড়ো ছাত্র সন্থাই অৰাজনৈতিক সংগঠন হিচাপে বড়ো জাতিৰ সর্বতোপ্রকাৰৰ বিকাশৰ মূল নায়কৰ ভূমিকা গ্রহণ কৰি আহিছে৷ ১৯৮৬ চনৰ ৩১ মে’ত দৰং জিলাত অনুষ্ঠিত অধিৱেশনত বডোফা উপেন্দ্র নাথ ব্রহ্মই নিখিল বডো ছাত্র সন্থাৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল৷ তেওঁৰ নেতৃত্বতে বড়ো সমাজে আত্মনিয়ন্ত্রণৰ সপোন দেখিছিল৷ সেই সপোনৰ পম খেদি ২০২০ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মার্গদর্শনত তথা বডো জাতি আৰু বডোলেণ্ডবাসীৰ আশীর্বাদত গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত নিখিল বডো ছাত্র সন্থা, এন ডি এফ বিৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হৈছিল৷ শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰে পৰা বড়ো জাতি আৰু বডোলেণ্ডৰ সর্বাংগীণ বিকাশৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নিখিল বড়ো ছাত্র সন্থাৰ বার্ষিক অধিৱেশনত উপস্থিত থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মার্গদর্শনত বড়োভূমিলৈ শান্তি উভতি আহিছে৷ বড়ো জাতিৰ আত্মনিয়ন্ত্রণৰ অধিকাৰক আজি স্বীকাৰ কৰি লৈছে সমগ্র দেশে৷ অধিৱেশনত উপস্থিত থকাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে৷ বডোফা উপেন্দ্র নাথব্রহ্মৰ সপোনক চৰকাৰে বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে কোকৰাঝাৰ বিশ্ববিদ্যালয়ক পূর্ণাংগ ৰূপ দিবলৈ যাৱতীয় পদক্ষেপ লৈছে৷ যিটোৱে বড়ো সমাজলৈ এক নতুন বৌদ্ধিক গতি নমাই আনিব৷ লগতে ৰাজ্য চৰকাৰে ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা নতুন চৌহদ নির্মাণ কৰিব৷ অহা ৩ বছৰৰ ভিতৰত ওদাগুৰিত এখন নতুন চিকিৎসা মহাবিদ্যালয় নির্মাণৰ কাম হাতত লোৱা হ’ব বুলিও তেওঁ সদৰী কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত গেলেফু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰে’ললাইন নির্মাণৰ প্রস্তাৱ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই নতুন ৰে’ললাইনটোৱে সমগ্র বড়োলেণ্ডৰ আর্থ–সামাজিক পৰিৱেশলৈ ব্যাপক পৰিৱর্তন আনিব৷ বড়োলেণ্ডৰ শৈক্ষিক উন্নয়নৰ বাবে নিখিল বডো ছাত্র সন্থাৰ লগত আলোচনা কৰি বডো মাধ্যমক উচ্চতৰ মাধ্যমিক পর্যায়লৈ আৰু পৰৱর্তী সময়ত স্নাতক পর্যায়লৈ শিক্ষাৰ মাধ্যম হিচাপে অন্তর্ভুক্ত কৰাৰ দিশতো পদক্ষেপ লোৱা হৈছে৷ অসম বিধানসভাত কৰা ঘোষণাৰ বিষয়ে দোহাৰি তেওঁ কয় যে বডোলেণ্ড অঞ্চলৰ ৩৫খন উচ্চ মাধ্যমিক বিদ্যালয়ক মডেল হাইস্কুললৈ ৰূপান্তৰ কৰা হ’ব, যাতে বডোলেণ্ডত শিক্ষাৰ এক নতুন পৰিৱেশ গঢ় লৈ উঠে৷ চলিত বছৰৰ অক্টোবৰ মাহত ৮ৰ পৰা ১০ হাজাৰ যুৱক–যুৱতীক লৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বৰদৈচিখলা বিশ্বৰ বুকুত প্রতিষ্ঠা কৰাৰ বাবে সামূহিক প্রদর্শনৰ পদক্ষেপ লোৱা হৈছে৷ বড়োলেণ্ডত ১,২০০ মেগাৱাটৰ আৰু এটা নতুন শক্তি উৎপাদন কেন্দ্রকে ধৰি সমগ্র বিটিআৰৰ আর্থ–সামাজিক উন্নয়নৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয় যে নিখিল বড়ো ছাত্র সন্থাৰ অনুৰোধমর্মে ৩১ মার্চত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ ওপজা দিনতো সমগ্র ৰাজ্যতে ‘ছাত্র দিৱস’ হিচাপে পালন কৰি অহা হৈছে৷ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে দতমাত থকা বডোফাৰ সমাধিস্থলী ৰাজ্যিক পর্যায়ৰ সমাধি হিচাপে স্বীকৃতি দি ইয়াক সুন্দৰভাৱে সজাই–পৰাই তুলিব আৰু প্রতিবছৰে ১ মে’ত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ মৃত্যুৰ দিনটো ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰে আনুষ্ঠানিকভাৱে পালন কৰিব৷ চৰকাৰে বডো চুক্তি আখৰে আখৰে ৰূপায়িত হোৱাটো বিচাৰে আৰু বডো চুক্তিৰ পিছত বিটিআৰত নতুনকৈ গাঁও অন্তর্ভুক্ত কৰা হৈছে৷ বডো ভাষা সংৰক্ষণৰ কাৰণে সঞ্চালকালয় প্রতিষ্ঠা কৰাৰ লগতে বিটিআৰৰ বাহিৰত থকা বডো লোকসকলৰ বাবে বডো–কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ শোণিতপুৰ, বিশ্বনাথকে ধৰি সকলো ঠাইতে থকা বডো লোকসকলক ভূমিস্বত্ব প্রদানৰ বাবে ব্যৱস্থা লোৱাৰ প্রসংগ উনুকিয়াই তেওঁ কয় যে বড়ো চুক্তি অনুসৰি আর্থ–সামাজিক প্রকল্পসমূহ এটাৰ পিছত আনটো আগবঢ়াই লৈ যোৱাৰ বাবে চৰকাৰে প্রয়াস অব্যাহত ৰাখিছে৷ আজি বডোলেণ্ড শান্তিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰিত হৈছে৷ যোৱা ১৭ ফেব্রুৱাৰীত অসম বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰি এক নতুন ইতিহাস ৰচনা কৰা হৈছে৷ একেখন অসমৰ তলতে বাস কৰা বড়ো লোকসকলৰ আত্মনিয়ন্ত্রণ, অধিকাৰ আগবঢ়াই লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্রকাৰৰ সহযোগিতা আগবঢ়াই যাব৷ বিটিআৰক সমৃদ্ধি, শান্তি আৰু উন্নয়নৰ এক নতুন দিগন্তলৈ ৰূপান্তৰ কৰা হ’ব৷

You might also like