নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল এৰেষ্টৰ নামত বৃদ্ধাৰ পৰা লুটিলে ২০ কোটি

নিউজ ডেস্ক, ১৮ মাৰ্চঃ ‘ডিজিটেল এৰেষ্ট’ৰ নামত প্রতাৰকৰ ফান্দত ভৰি দি হেৰুৱাবলগীয়া হ’ল ২০ কোটি টকা৷ আধাৰ কার্ড আৰু অন্যান্য ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি অবৈধ কার্যকলাপ চলা বুলি এগৰাকী বৃদ্ধাক জনাইছিল প্রতাৰকে৷ এইক্ষেত্রত ভয় পায় মহিলাগৰাকীয়ে৷ সেই ভয় আৰু ভুলৰ বাবেই ভৰিবলগীয়া হ’ল ২০ কোটি টকা৷ বৃদ্ধাগৰাকীক তিনি মাহ ধৰি ‘ডিজিটেল এৰেষ্ট’ৰ কথা কৈ এনেদৰে বৃহৎ অংকৰ ধন লুটি নিলে প্রতাৰকে৷ আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে৷ ৮৬ বছৰীয়া বৃদ্ধাগৰাকী মুম্বাইৰ বাসিন্দা৷ আৰক্ষীক বৃদ্ধাগৰাকীয়ে জনোৱা অনুসৰি যোৱা ২৬ ডিচেম্বৰত তেওঁৰ ওচৰলৈ প্রতাৰকৰ প্রথম ফোনটো আহিছিল৷ ফোনত আৰক্ষী বিষয়াৰ পৰিচয় দিছিল এই ব্যক্তিজনে৷ বৃদ্ধাগৰাকীক এই প্রতাৰকে কৈছিল যে তেওঁৰ মোবাইল নম্বৰ, আধাৰ কার্ড আৰু অন্যান্য ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি অবৈধ কার্যকলাপ চলাই আছে অপৰাধী চক্রই৷ আধাৰ নম্বৰৰ জৰিয়তে এটা বেংক একাউণ্ট খোলা হৈছে বুলিও জনোৱা হৈছিল বৃদ্ধাগৰাকীক৷ এই বেংক একাউণ্টত অবৈধ ধনৰ লেনদেন হোৱা বুলি প্রতাৰকে বৃদ্ধাক জানিবলৈ দিছিল৷

You might also like