নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক উৎপাদক সংস্থা মেলাত অংশগ্ৰহণ অতুল বৰাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মাৰ্চঃ অসমৰ দৰে ৰাজ্য এখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকল সংঘৱদ্ধ নহ’লে ঈপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰে। একোবিধ মানবিশিষ্ট শস্যৰ উৎপাদনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এখন নিশ্চিত বজাৰ পাবলৈ কৃষক উৎপাদক সংস্থা গঠন কৰাৰ বিকল্প নাই। আমাৰ কৃষক, পশুপালক, দুগ্ধ উৎপাদক আদিয়ে নিজ নিজ ক্ষেত্ৰত সংঘৱদ্ধভাৱে মিলিত হৈ কৃষক উৎপাদক সংস্থা গঠন কৰি প্ৰগতিৰ পৰা সমৃদ্ধিলৈ যাত্ৰা কৰাৰ প্ৰচুৰ থল আছে। এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ। অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছ’ৰ্টিয়ামৰ সহযোগত গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত কৃষক উৎপাদক সংস্থা মেলাত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই লগতে কয় যে কৃষক ৰাইজক সংঘৱদ্ধ কৰি কৃষিক উপাৰ্জনৰ নিশ্চিত ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা বহুবোৰ আঁচনিৰ অন্যতম হ’ল  কৃষক উৎপাদক সংস্থা বা এফ পি ও গঠন। আজি দেশৰ প্ৰায় ৩০ লাখ কৃষক এই এফ পি ও আন্দোলনৰ সৈতে জৰিত হৈ পৰিছে আৰু ইয়াৰ ভিতৰৰ ৪০ শতাংশই মহিলা। মুখ্যমন্ত্ৰী ডহিমন্ত বিশ্ব শৰ্মাইও অসমত এফ পি ও আন্দোলনক শক্তিশালী কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে আৰু এইবাৰৰ বাজেটত মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ অধীনত এফ পি ও সমূহক শক্তিশালী কৰি তোলাৰ বাবে ব্যৱস্থা লোৱা হৈছে। কৃষি যান্ত্ৰিকীকৰণ, শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনা, কৃষকৰ সক্ষমতা বৃদ্ধি আৰু এফ পি ও সমূহৰ কৃষি কাৰ্য পৰিচালনা ব্যয়ৰ বাবে ৰাজ্যখনৰ প্ৰায় ৫০০ টা এফ পি ওক ১০ লাখকৈ টকা আগবঢ়োৱাৰ বাবে বাজেটত প্ৰস্তাৱ কৰা হৈছে। এফ পি ও সমূহক বন্ধকমুক্ত ঋণ প্ৰদান কৰিব পৰাকৈ এইবাৰৰ বাজেটত ক্ৰেডিট গেৰাণ্টি ফাণ্ড আঁচনিৰো প্ৰস্তাৱ কৰা বুলি কৃষিমন্ত্ৰী বৰাই কয়। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড শৰ্মাৰ পৰামৰ্শক্ৰমে এইবাৰৰ বাজেটত ধান, মাকৈ আৰু সৰিয়হৰ ক্ষেত্ৰত কৃষকসকলে লাভ কৰা ন্যূনতম সমৰ্থন মূল্যৰ উপৰি প্ৰতি কুইণ্টল ধান আৰু মাকৈত ২৫০ টকাকৈ আগবঢ়োৱাৰ লগতে প্ৰতি কুইণ্টল সৰিয়হত ৫০০ টকাকৈ চৰকাৰী সাহায্য আগবঢ়োৱা হৈছে। আনহাতে ৰাজ্যখনত সৰিয়হৰ উৎপাদন বৃদ্ধিৰ  লগতে সৰিয়হ তেল উৎপাদন কৰিবলৈ  জিলা সৰিয়হ অভিযান গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। অসমত কৃষি বিভাগ, উদ্যান শস্য বিভাগ, এপাৰ্ট, নাবাৰ্ড, নেৰামেক আদিকে ধৰি বিভিন্ন চৰকাৰী সংস্থাই গঠন কৰা ৭৪৬ টা এফ পি ও-ই সঠিকভাৱে কাম কৰিলে ৰাজ্যখনৰ কৃষি আৰু ইয়াৰ সহযোগীখণ্ডসমূহত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হ’ব বুলিও মন্ত্ৰী বৰাই কয়। কেন্দ্ৰীয় চৰকাৰৰ সংস্থা এপেডাৰ উদ্ধৃতি দি বিগত ৭ টা বছৰত অসমত কৃষি ৰপ্তানিৰ বিকাশ ৮৫ শতাংশলৈ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে  নৱ প্ৰজন্মৰ কৃষকসকলে সংঘৱদ্ধ হৈ গঠন কৰা এফ পি ও আৰু এফ পি চি সমূহৰ জৰিয়তে আজি এই সফলতা সম্ভৱ হৈ উঠিছে। বিগত ৮ টা বছৰত কৃষি বিভাগে ৰাজ্যখনৰ কৃষকৰ মাজত ৩৬ হাজাৰখনতকৈও অধিক সংখ্যক পাৱাৰ টিলাৰ আগবঢ়োৱাৰ লগতে ১ লাখ ৭৭ হাজাৰৰো অধিক সংখ্যক বিভিন্ন কৃষি যন্ত্ৰপাতি কৃষকৰ মাজত বিতৰণ কৰা বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত কৃষি উৎপাদন আয়ুক্ত আৰু কৃষি সচিব অৰুণা ৰাজ’ৰিয়া, নাবাৰ্ডৰ মুখ্য মহা প্ৰৱন্ধক লোকেন দাস, ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছ’ৰ্টিয়ামৰ উপদেষ্টা হৰি বড়োৱেও ভাষণ দিয়ে। মেলাত অসমৰ বিভিন্ন জিলাৰ ৪০টা  এফ পি ও-ই তেওঁলোকে উৎপাদন কৰা সামগ্ৰী প্ৰদৰ্শন কৰে।

You might also like