নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাসংকটত মহাবাহু : গৰৈমাৰীত মৰুভূমিত পৰিণত ব্ৰহ্মপুত্ৰৰ বক্ষ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ গৰৈমাৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ উদ্বেগজনকভাবে হ্রাস পোৱাত নৈপৰীয়া ৰাইজ একপ্ৰকাৰ শংকাত ভূগিছে৷ অসম আৰু অসমীয়াৰ জীৱন ৰেখাসদৃশ ব্রহ্মপুত্র ব্ৰহ্মপুত্ৰৰ জলস্তৰ উদ্বেগজনকভাবে হ্রাস পোৱাত মৰুভূমিত পৰিণত হৈছে। উজনিৰ পৰা নামনিলৈ দ্রুতগতিত বৰলুইতৰ জলস্তৰ হ্ৰাস পোৱাত ব্রহ্মপুত্ৰৰ পাৰত বসবাস কৰা ৰাজ্যৰ লাখ লাখ লোকৰ জীৱন-জীৱিকালৈ ভাবুকি কঢ়িয়াই আনিছে৷ দ্ৰুতগতিত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্রাস পোৱাত ব্রহ্মপুত্ৰৰ বুকুত চকুৰে মণিব নোৱাৰালৈকে দেখিবলৈ পোৱা গৈছে মাথোঁ বালি৷ ইপিনে গৰৈমাৰীৰ নৈপৰীয়া অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ বুকুত কাহানিও নেদেখা এক পৰিৱেশ দেখা গৈছে৷ ভৰ বাৰিষা ফেনে ফুটুকাৰে ওফন্দি উঠা ব্রহ্মপুত্ৰত এতিয়া নাই পানী। ক্রমান্বয়ে শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ ভূ-গর্ভ। বিশাল এলেকাত বাৰিষাৰ দিনত সাগৰসদৃশ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে খৰালিত ব্ৰহ্মপুত্ৰত মৰুভূমিসদৃশ পৰিবেশে বিৰাজ কৰিছে। মাত্রাধিক হাৰত ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি হৈছে বালিচৰ, গজিছে ঘাঁহ-বন। পূর্বতে যি স্থানত নাও চলিছিল, সেই স্থানত এতিয়া যান-বাহন চলিছে। বিশাল ব্ৰহ্মপুত্ৰৰ এনে পয়ালগা অৱস্থাক লৈ স্বাভাৱিকতেই শংকিত হৈ পৰিছে নৈপৰীয়া। ইপিনে নৈপৰীয়াই পশু পালকৰ লগতে মৎস্যজীৱীলৈও ঘোৰ অন্ধকাৰ নামি আহিছে। ভয়ংকৰ খৰাঙে ব্রহ্মপুত্ৰৰ বুকুত থকা জীৱকুললৈও প্ৰত্যাহ্বান কঢ়িয়াই আনিছে৷ ব্রহ্মপুত্ৰত খনন কার্য চলাই জলপথৰ ব্যৱসায়-বাণিজ্যক নতুন গতি প্ৰদান কৰাৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী পৰিকল্পনা গ্রহণ কৰিছে যদিও বাস্তৱত সেয়া কিমানদূৰ কাৰ্যকৰী হ’ব তাক লৈ প্রশ্নৰ উদয় হৈছে। কিন্তু ইয়াৰ মাজতেই যুগে যুগে সমন্বয়ৰ বার্তা দি অহা বুঢ়া লুইতৰ এনে অৱস্থাই অতি সোণকালে ভয়ংকৰ দিনৰ আগজাননী মাতি আনিব পাৰে৷ ব্ৰহ্মপুত্ৰৰ পানীৰ অভাৱে অসমৰ জলসিঞ্চন, কৃষি আদিত প্ৰভাৱ পেলাব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷
প্ৰেৰক আনোৱাৰ হুছেইন
You might also like