আজি ২১ মার্চ,চ’ত মাহৰ ৭ তাৰিখ
শুকুৰবাৰঃ তিথি– কৃষ্ণা সপ্তমী, নক্ষত্রঃ জ্যেষ্ঠা, যাত্রাঃ নাই
মেষঃ সমাজ কর্মত সুনাম বৃদ্ধি৷ পাৰিবাৰিক দায়বদ্ধতাও বৃদ্ধি পাব৷ উচ্চ বিদ্যাত যত্ন কাৰক৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷
বৃষঃ ঘৰুৱা ভাল দেখা যায়৷ কর্ম লাভৰ যোগ৷ মাতৃৰ স্বাস্থ্য ভাল নাযায়৷ ধন বিনিয়োগ নকৰা ভাল৷ শুভ ৰং নীলা৷
মিথুনঃ চুটি ভ্রমণ আছে৷ প্রেমত ভাল দেখা যায়৷ দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ শুভ ৰং বগা৷
কর্কটঃ গৱেষণা কর্মত সাফল্য লাভ৷ পিতা–মাতাৰ স্বাস্থ্যৰ প্রতি নজৰ ৰাখক৷ ভ্রমণ সফল হ’ব পাৰে৷ শুভ ৰং মেৰুন৷
সিংহঃ ধনৰ মাধ্যম৷ যৌথ ব্যৱসায়ত সতর্ক দৃষ্টি ৰাখক৷ আর্থিক দিশতো সতর্ক থাকক৷ প্রেমত অশুভ৷ শুভ ৰং ক’লা৷
কন্যাঃ প্রেম–দাম্পত্যত ভাল বুলি ক’ব পৰা যায়৷ পিতা–মাতাৰ তীর্থ ভ্রমণ যোগ৷ ভ্রমণত কষ্ট৷ শুভ ৰং হালধীয়া৷
তুলাঃ দূৰ ভ্রমণ ৰদ হ’ব পাৰে৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ নিম্ন লোকে প্রতাৰণা কৰিব পাৰে৷ ভ্রমণ নাই৷ শুভ ৰং সেউজীয়া৷
বৃশ্চিকঃ লৌহ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে৷ ভ্রমণ নাই৷ প্রেমত কষ্ট৷ শুভ ৰং মেৰুন৷
ধনুঃ পাৰিবাৰিক অশান্তি বৃদ্ধি পাব৷ সতর্ক থাকক৷ কর্মত শনিৰ দৃষ্টি থকা কাৰণে মাধ্যম ফল৷ সন্তানৰ শুভ৷ শুভ ৰং কমলা৷
মকৰঃ নিবনুৱাৰ ভাল ক’ব পৰা যায়৷ ঘৰত আলহীৰ সমাগম৷ প্রেমত গতানুগতিক৷ চুটি ভ্রমণ হ’ব পাৰে৷ শুভ ৰং ৰঙা৷
কুম্ভঃ আপোনাৰ দুর্বলতাৰ কাৰণে অইন লোকে অন্যায়ভাৱে সুযোগ ল’ব পাৰে৷ দিয়া ধন আদায় হ’ব পাৰে৷ বিবাহৰ যোগ৷ শুভ ৰং বগা৷
মীনঃ ধনাগমন বৃদ্ধি পাব৷ যান–বাহন ক্রয় কৰিব পাৰে৷ দাম্পত্যত সুখ৷ কর্মত শনিৰ দৃষ্টি থকা কাৰণে মাধ্যম ফল৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷
ব’হাগ বিহুৰ পিছতে অসমত পঞ্চায়ত নির্বাচন