নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক প্রতিৰোধ কৰিব পাৰে কিউবাৰ ঔষধে

বিশেষজ্ঞ এডুৱার্ডো মার্টিনেজৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ বিস্তাৰ ঘটাৰ লগে লগে দেশে দেশে চিকিৎসা বিশেষজ্ঞসকলে ইয়াৰ প্রতিষেধক উদ্ভাৱনৰ বাবে গৱেষণা চলাই থকা সময়তে আটলাণ্টিক দ্বীপৰাষ্ট্র কিউবাত এই মাৰাত্মক ভাইৰাছৰ প্রতিৰোধ কৰিব পৰা কেইবাবিধো দৰব উদ্ভাৱন হোৱা বুলি দেশখনৰ চৰকাৰে ঘোষণা কৰিছে ৷ দেশখনৰ বায়’কিউবা ফার্মা গ্রুপৰ মুৰব্বী এডুৱার্ডো মার্টিনেজে ঘোষণা কৰিছে যে ইতিমধ্যে সমাজবাদী ৰাষ্ট্রখনে ২২ বিধ দৰব উদ্ভাৱন কৰিছে ৷ এই দৰববোৰৰ ব্যৱহাৰৰ জৰিয়তে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ পৰা বিশ্ববাসীয়ে পৰিত্রাণ পাবলৈ সক্ষম হ’ব বুলিও বিশেষজ্ঞ চিকিৎসক মার্টিনেজে সংবাদ মাধ্যমক জনাইছে ৷ লক্ষণীয়ভাৱে কিউবাই প্রস্তুত কৰা এই দৰববোৰৰ এবিধ হৈছে ইণ্টাৰফাৰ’ন বি৷ এই দৰববিধৰ জৰিয়তে এতিয়ালৈকে ডেৰ সহস্রাধিক ক’ৰোনা আক্রান্ত লোকক আৰোগ্য কৰি তোলা হৈছে৷ উল্লেখনীয় যে চীনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে ক’ৰোনা আক্রান্ত লোকক সুস্থ কৰিবলৈ ব্যৱহাৰ কৰা ৩০ বিধ দৰবৰ ভিতৰত ইণ্টাৰফাৰ’ন বি অন্যতম ৷ ১৯৮৬ চনত চেণ্টাৰ ফৰ জেনেটিক ইঞ্জিনীয়াৰিং এণ্ড বায়’টেকন’লজীয়ে এই দৰববিধ উদ্ভাৱন কৰিছিল৷ কিউবাৰ স্বাস্থ্য ক্ষেত্রত এই দৰববিধ পূর্বৰে পৰা ব্যৱহাৰ হৈ আহিছে ৷ স্মর্তব্য যে চীন আৰু কিউবাই ঐক্যবদ্ধভাৱে বহু দৰব উদ্ভাৱন কৰিছে ৷

You might also like