নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্ স্বাধীনতা আৰু দায়বদ্ধ মতভেদ

  • ড০ অৰুণ কুমাৰ বৰঠাকুৰ

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক)ৰ দ্বাৰা প্রত্যেক ভাৰতীয় নাগৰিকক বাক স্বাধীনতাৰ মৌলিক অধিকাৰ দিয়া হৈছে৷ এখন গণতন্ত্র অনিবার্য ৰূপে অবাধ তর্ক–বিতর্ক আৰু মুক্ত আলোচনাৰ আধাৰতহে আগবাঢ়ি যাব পাৰে, কাৰণ এখন গণতান্ত্রিক দেশত এনে বিচাৰ বা আলোচনাৰ দ্বাৰা আলোচ্য চৰকাৰী আদেশ, অধ্যাদেশ, অধিনিয়ম আৰু চৰকাৰী আঁচনি বা কার্যৰ আমূল সংশোধন হ’ব পাৰে৷বাক স্বাধীনতাৰ মৌলিক অধিকাৰক আধাৰ হিচাপে লৈ নাগৰিকসকলে যিকোনো আলোচ্য বিষয়ত তেওঁলোকৰ অভিব্যক্তি বিনাদ্বিধাই প্রকাশ কৰিব পাৰে৷ সকলো গণতান্ত্রিক দেশতে বাক স্বাধীনতাক এজন নাগৰিকৰ অন্যতম মানৱীয় অধিকাৰ বুলি গণ্য কৰা হয়৷ কিন্তু ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৯(২)ত সন্নিৱিষ্ট অধিকাৰ সাব্যস্ত কৰি চৰকাৰে ভাৰতৰ সার্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তাৰ বাবে, বিদেশী ৰাজ্যৰ লগত মৈত্রী ভাব বা শিষ্টাচাৰ আৰু নৈতিকতা বা আইন আৰু ব্যৱস্থা বজাই ৰাখিবৰ কাৰণে অথবা কোনো ব্যক্তিক মানহানি কৰা, ন্যায়ালয়ক অৱমাননা বা অৱজ্ঞা কৰা, অথবা কোনো অপৰাধ কৰিবলৈ প্রৰোচনা কৰা আদি কার্যত প্রতিবন্ধ লগাবৰ কাৰণে যুক্তিযুক্তভাৱে যথোপযুক্ত যিকোনো আইন প্রণয়ন কৰি বাক স্বাধীনতাত লেকাম লগাব পাৰে৷

ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া এলানি ৰায়ত এইবুলি ঘোষণা কৰে যে বাক স্বাধীনতাক লেকাম লগাবলৈ প্রণয়ন কৰা অধিনিয়ম বা অধিসূচনাবা আদেশ সমস্যাৰ সমাধানৰ কাৰণে যুক্তিযুক্ত reasonable) হ’ব লাগিব, কার্যবাহী উপায় বা প্রতিকাৰ সমস্যা সমাধানৰ বাবে সমানুপাতিক proportional) হ’ব লাগিব৷ প্রতিকাৰৰ উপায় অত্যধিক হ’ব নালাগিব৷ লর্ড কেনেথ ডিপ্লকৰ ভাষাত,‘You must not use a steam hammer to crack a nut, if a nut cracker would do.’ উচ্চতম ন্যায়ালয়ে মডার্ন ডেণ্টেল কলেজ এণ্ড ৰিছার্চ চেণ্টাৰ বনাম মধ্যপ্রদেশ, নামৰ মোকর্দমাৰ ৰায়ত এইবুলি কয় যে মাত্র সর্বজনীন হিত আৰু অন্যান্য লোকৰ অধিকাৰ ৰক্ষাৰ উদ্দেশ্যতহেভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৯(২)ৰ অধীনত বাক স্বাধীনতাকযুক্তিযুক্ত্ পৰিসীমিত কৰিব পাৰি আৰু এনে পৰিসীমা বান্ধোতে এজন নাগৰিকৰ বাকস্বাধীনতাৰ লগত অন্যান্য নাগৰিকৰ ব্যক্তিগত অধিকাৰৰ যথোপযুক্ত সন্তুলন থকাটো সাংবিধানিক দৃষ্টিত বাঞ্ছনীয়৷ গতিকে বাক স্বাধীনতা নিৰংকুশ নহয়৷ এজন নাগৰিকে বাক স্বাধীনতাৰ মৌলিক অধিকাৰ বজাই ৰাখিবলৈ হ’লে ওপৰত লিখা সংবিধানৰ অনুচ্ছেদ ১৯(২)ৰ পৰিসীমাটো মানি চলাটো অপৰিহার্য৷ এজন দায়বদ্ধ নাগৰিকে কোনো বিষয়ত তেওঁৰ টিপ্পনীবা অভিব্যক্তি দিওঁতে তাৰ পৰা হ’বলগীয়া প্রতিক্রিয়াৰ উত্তৰ দায়িত্ব লোৱা আৱশ্যক৷ ভাৰতৰ সংবিধানে কাকো কোনো নিৰংকুশ অধিকাৰ দিয়া নাই কাৰণ আমি সকলো এখন আপেক্ষিক জগতৰ বাসিন্দা কাৰো জীৱন স্বেচ্ছাচাৰী বা চর্তহীন নহয়৷ সামাজিক প্রাণী হিচাপে মানুহে ইজনে সিজনৰ ওপৰত বহু কথাত নির্ভৰ কৰিবলগীয়া হয়৷ আমি প্রকাশ কৰা কথাই সমাজৰ আন এজন ব্যক্তিক বা কোনো এক জনগোষ্ঠীৰ বা সংগঠনৰ ব্যক্তিক বা বেলেগ ধর্মীয় লোকক বিৰক্ত বা বিক্ষুব্ধ কৰিব পাৰে৷ কেতিয়াবা আমাৰ অবিমৃশ্যকাৰী খোলা অভিব্যক্তিৰ দ্বাৰা হয়তো সমাজত প্রতিক্রিয়া হৈ উত্তেজনাৰ সৃষ্টি হ’ব পাৰে কাৰোবাৰ মানহানি হ’ব পাৰে আমি প্রকাশ কৰা কথাদেশৰ স্বার্থৰ প্রতিকূলে যাব পাৰে৷ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪–কৰ অধীনত যি ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে লিখিত বা মৌখিক কথাৰদ্বাৰা জনমানসত চৰকাৰৰ প্রতি ঘৃণা বা অৱমাননাৰ সৃষ্টি কৰে, বা চৰকাৰৰ বিৰুদ্ধে অসন্তোষ বা বিদ্রোহ উদ্রেক কৰে, তেনে কর্মক ৰাজদ্রোহ অপৰাধ Sedition) বুলি গণ্য কৰা হৈছে৷ সেইদৰেই ধাৰা ১৫৩–কৰ অধীনত যি ব্যক্তিয়ে লিখিত বা কথিত শব্দৰে বা সংকেত বা ইংগিতেৰে কোনো এক ধর্মৰ বা জনগোষ্ঠীৰ বা জাতিগোষ্ঠীৰ নামত বা জন্মস্থান বা মাতৃ ভাষাৰ নামত বিভিন্ন ধর্মীয় লোকৰ মাজত বা জনগোষ্ঠীৰ বা জাতি–গোষ্ঠীৰ মাজত বা বিভিন্ন ভাষা বা আঞ্চলিক জনগোষ্ঠীৰ মাজত পৰস্পৰ অসন্মতি বা বিৰোধ, শত্রুতা বা ঘৃণাৰ উদ্বেগৰ সৃষ্টি কৰে, তেনে কর্মক অপৰাধ Promoting enmity between different groups of people, etc.) সাব্যস্ত কৰা হৈছে৷ যি ব্যক্তিয়ে লিখিত বা মৌখিক শব্দৰ দ্বাৰা বা সংকেত বা দৃশ্যমান উপস্থাপনৰ দ্বাৰা ৰাষ্ট্রৰ অখণ্ডতাৰ প্রতিকূলে কোনো আৰোপ, অভিযোগ বা বিবৃতিৰে কোনো ধর্মীয় জনগোষ্ঠীৰ বা জাতিগোষ্ঠীৰ বা ভাষাগোষ্ঠী ইত্যাদিৰ বিৰুদ্ধে আৰোপ কৰে বা প্রচাৰ কৰে তেনে ব্যক্তিয়ে ধাৰা ১৫৩–খৰ অধীনত অপৰাধ Offence against national integration, etc.) কৰিব৷  ঠিক সেইদৰেই যিকোনো লিখিত বা মৌখিক শব্দৰে, সংকেতেৰে বা ইংগিতেৰে অন্য এজন ব্যক্তিৰ বিৰুদ্ধে কোনো আৰোপ বা অভিযোগ কৰে আৰু তাৰ দ্বাৰা তেনে ব্যক্তিৰ সুনাম বা প্রতিষ্ঠাৰ হানি হ’ব বুলি জানিও তেনে আৰোপ অসৎ উদ্দেশ্যেৰে প্রচাৰ কৰে তেনে ব্যক্তিয়ে ধাৰা ৪৯৯ৰ অধীনত মানহানিৰ অপৰাধ Defamation) কৰিব আৰু ধাৰা ৫০০ৰ অধীনত দণ্ডনীয় হ’ব ৷

এই পটভূমিত আহক এতিয়া আমি আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত (১৮৬১–১৮৬৫) ঘটা এটা প্রাসংগিক সত্য কাহিনী আলোচনা কৰোঁ৷ ক্লেমেণ্ট ৱালানডিঘাম নামৰ এজন লোকে তেওঁ দিয়া এটা ভাষণত আমেৰিকান গৃহযুদ্ধখনক এক ‘নীতিহীন’, ‘নৃশংস’ আৰু  ‘অনাৱশ্যক’ বুলি টিপ্পনী কৰে আৰু তেতিয়াৰ যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি আব্রাহাম লিংকনক বেলট বক্সৰ দ্বাৰা ৰাষ্ট্রপতি পদৰ পৰা ওফৰাই পেলাবলৈ প্রৰোচনা কৰে৷ মার্কিন সেনাই তেওঁক ততালিকে গ্রেপ্তাৰ কৰে৷ পিছত পাঁচ সদস্যৰে গঠিত মিলিটেৰী কমিছনে তেওঁক আনুগত্যহীন ভাষণ দি মার্কিন যুক্তৰাষ্ট্রৰ চৰকাৰৰ অবৈধ বিদ্রোহ দমন কৰা প্রচেষ্টাক দুর্বল কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি যুদ্ধৰ সময়ছোৱাত কাৰাদণ্ড দিয়ে৷ তেওঁক কাৰাদণ্ড দিয়াত ক্ষুব্ধ হৈ কেতবোৰ নাগৰিকে প্রতিবাদ কৰে আৰু কিছু লোকে বাতৰিকাকতত লেখা প্রকাশ কৰি সমালোচনা কৰে৷ ফলস্বৰূপে ৰাষ্ট্রপতি লিংকনে কাৰাদণ্ডতকৈ নির্বাসন মানৱীয় দৃষ্টিত কম অপ্রীতিকৰ বুলি সংগতি দি ৱালানডিঘামৰ কাৰাদণ্ড হ্রাস কৰি তেওঁক নির্বাসন দণ্ড দিয়ে৷ তথাপি ১৯৬৯ চনত আমেৰিকান যুক্তৰাষ্ট্রৰ উচ্চতম ন্যায়ালয়ে ব্রেণ্ডেনবার্গ বনাম ওহাইও নামৰ এখন মোকর্দমাত ঘোষণা কৰে যে অবৈধ আচৰণৰ পৰা কোনো হিংসা বা আতংক আসন্ন নহ’লে চৰকাৰে তাত প্রতিবন্ধ লগাব নোৱাৰিব৷ কিন্তু ৯/১১ৰ আতংকবাদীৰ আক্রমণত নিউয়র্কৰ ওৱর্ল্ড টাৱার্ছ ধ্বংস হোৱাৰ পিছত এই দৃষ্টিভংগীৰ আমূল পৰিৱর্তন হৈছে বুলি ধাৰণা কৰিব পাৰি৷ এই সন্দর্ভত আমেৰিকাৰ তৎকালীন এটর্নী জেনেৰেল জন এশক্রফটে তেওঁৰ টিপ্পনীত কয় যে ‘যি বিলাকে স্বাধীনতা হেৰুৱা বুলি সমাজত মায়া মূর্তি বা ভূতৰ ফেণ্টম সৃষ্টি কৰি সাধাৰণ জনতাক ভীতি দর্শাইছে, তেওঁলোকৰ প্রতি মোৰ বার্তা হ’ল এইটো তোমালোকৰ কৌশলে মাত্র আতংকবাদীক সহায় কৰিছে, কাৰণ তেনে আচৰণে আমাৰ ৰাষ্ট্রীয় সংহতি ক্ষুণ্ণ কৰিছে আৰু আমাৰ সংকল্পক দুর্বল কৰিছে৷ তোমালোকে আমেৰিকাৰ শত্রুক গুলী–বাৰুদ যোগাইছা ৷’

এতিয়া ঘৃণাবাচক hate speech) আৰু দেশদ্রোহী seditious) কথালৈ আহঁো৷ ২০০১ চনৰ ডিচেম্বৰৰ ২৩ তাৰিখে দুজন কাশ্মীৰী ব্যক্তি, আফজল গুৰু আৰু চৌকৎ হুছেইন, তিনিটা পাকিস্তানী সন্ত্রাসবাদী অর্থাৎ মহম্মদ মাছুদ আজাৰ, গাজী বাবা আৰু তাৰিক আহমেদৰ লগহৈ ভাৰতৰ প্রধানমন্ত্রী, উপ–ৰাষ্ট্রপতি, কেন্দ্রীয় মন্ত্রী, ৰাজ্যসভা আৰু লোকসভাৰ সদস্যবৃন্দক হত্যা কৰাৰ অভিসন্ধিৰে ভাৰতৰ পার্লামেণ্ট হাউছ আক্রমণ কৰে৷ সিহঁতে ৯জন পুলিচ আৰু নিৰাপত্তা অধিকাৰীক গুলী মাৰি হত্যা কৰে আৰু ১৬জনক গুৰুতৰভাৱে ঘাইল কৰে৷ শেষত উচ্চতম ন্যায়ালয়ে আফজল গুৰুক ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ অপৰাধত Waging war against the Indian Government) ধাৰা ১২১ৰ অধীনত মৃত্যুদণ্ড দিয়ে আৰু পিছত কেন্দ্রত কংগ্রেছ চৰকাৰৰ দিনত তেওঁক ১২ ফেব্রুৱাৰী ২০১৩ তাৰিখে ফাঁচি দিয়া হয়৷ কেন্দ্রত ২০১৪ চনৰ মে’ মাহত বিজেপি চৰকাৰ গঠন হয়৷ আৰু তাৰ পাছৰ পৰাই আফজল গুৰুৰ ফাঁচিৰ কথা লৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উমৰ খালিদ নামৰ কাশ্মীৰী ছাত্র এজনে সেই বিশ্ববিদ্যালয়ৰে ছাত্র সভাৰ সভাপতি কণ্হয়া লাল কুমাৰৰ লগ লাগি আফজলৰ হৈ কেতবোৰ অপপ্রচাৰ কৰিবলৈ আৰম্ভ কৰে৷ কণ্হয়ালাল এজন গোডা কমিউনিষ্ট ভাৱধাৰাৰ ছাত্র আছিল আৰু তেওঁক কমিউনিষ্টকে ধৰি আন কিছু ৰাজনৈতিক দলে প্রত্যক্ষভাৱে প্রোৎসাহ দি আহিছে৷ তেওঁলোকৰ অন্তর্নিহিত উদ্দেশ্য আছিল প্রধান মন্ত্রী নৰেন্দ্র মোদীৰ নতুন কেন্দ্রীয় চৰকাৰখনৰ স্থিৰতাত ব্যাঘাত জন্মোৱা৷ এখন ছাত্র সভাৰ মিটিঙত তেওঁলোকেএইবুলি শ্লোগান গায়– ‘ভাৰত তেৰে টুকডে  টুকডে হোংগে, ইনশাল্লাহ ইনশাল্লাহ৷ আফজল তেৰে খুনছে, ইনকিলাব আয়েগা আফজল হম শর্মিন্দা হাই, তেৰে কাতিল জিন্দা হঁাই৷ আল্লা হো আকবৰ, নাৰা–ই–তাকবীৰ হমক্যাচাহতে, আজাদি,  আজাদি৷’ এই নাৰা বা শ্লোগানবিলাক  দেখদেখকৈৰাষ্ট্রদ্রোহ্ seditious) আৰু কোনো চৰকাৰে বা সজাগ সমাজে এনে আচৰণ অৱজ্ঞা কৰিব নোৱাৰে৷ তাৰ পিছত ২০১৯ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ পার্লামেণ্টে নাগৰিক আইন (সংশোধনী) অধিনিয়মখন পাৰিত কৰে৷ এই সংশোধনৰ দ্বাৰা যিবিলাক ভাৰতীয় মূলৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্চী আৰু খ্রীষ্টান ধর্মাৱলম্বী ব্যক্তি আফগানিস্তান, বাংলাদেশ, আৰু পাকিস্তানৰ পৰা ৩১ ডিচেম্বৰ ২০১৪ তাৰিখলৈকে ভাৰতলৈ আহি বসবাস কৰি আহিছে, তেনে লোকক নাগৰিকত্ব আইনৰ ধাৰা ৬ৰ অধীনত প্রাকৃতিককৰণ নাগৰিকত্ব দিয়াৰ প্রাৱধান কৰা হয়৷ এইটো জলজল–পটপট যে এই আইনৰ দ্বাৰা ভাৰতীয় মুছলমানসকলৰ কোনো হানি নহয় ইয়াৰ দ্বাৰা কোনো ভাৰতীয় মুছলমানে নাগৰিকত্ব নেহেৰুৱায়৷ তদসত্ত্বেও কংগ্রেছ, এন চি পি, কমিউনিষ্ট, তৃণমূল, আম আদমী, সমাজবাদী, বহুজন সমাজবাদী আদি দলবিলাকে তেওঁলোকৰ অল্পসংখ্যক তুষ্টিকৰণ পলিচী Minority Appeasement Policy)ৰ আধাৰত আছাদুদ্দিন ঔৱেছিৰ অল ইণ্ডিয়া মজলিছ–ই–ইত্তেহাদুল্ মুছলিমিন পার্টীৰ লগ লাগি ভাৰতৰ মুছলিমসকলক মিছা ভীতি দেখুৱাই অযথা প্রৰোচিত কৰি নাগৰিকত্ব আইনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ উদগাই দিয়ে৷ তেওঁলোকৰ অন্তর্নিহিত উদ্দেশ্য হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰখনৰ স্থিৰতাত ব্যাঘাত জন্মোৱা৷ফলত মুছলিমসকলে অনাহকত ৰাস্তালৈ ওলাই আহি আৰু শাহীনবাগ আদি ঠাইত দিনে–নিশাই জুম বান্ধিবহি অৱস্থান বিক্ষোভ আৰম্ভ কৰে আৰু তেনে জন–সমাগমতবহু তথাকথিত নেতাই অহর্নিশে জনউত্তেজক ভাষণ দি এক বিস্ফোৰক আলোডনৰ সৃষ্টি কৰে৷ বিক্ষোভকাৰীসকলে দুমাহতকৈও বেছি সময় এটা অত্যাৱশ্যকীয় ৰাজপথ, অর্থাৎ কালিন্দী কুঞ্জৰ পৰা  দিল্লী–‘ন’ইডা’ Noida) সংযোগ কৰা ছই লেইনৰহাইওৱে  নং ১৩, জি দি বিৰলা মার্গত নেৰানেপেৰা ধর্ণা দি অৱৰোধ কৰি সেই পথেৰে দিনৌ  অহা–যোৱা কৰা এক লাখতকৈও অধিক যান–বাহনৰ ৰাস্তা বন্ধ কৰি ৰাখিছে ফলত অনেক নাগৰিকৰ অযথা কষ্ট আৰুবহুত নগুৰ–নাগতি হৈছে তেওঁলোক বিৰক্ত আৰু বিক্ষুব্ধ হৈ পৰিছে ৷

এনে এক কা–বিৰোধী জন–সমাগমত শার্জিল ইমাম নামৰ জৱাহৰলাল বিশ্ববিদ্যালয়ৰ এজন ছাত্রই এক অত্যন্ত জন–উত্তেজক বিস্ফোৰক ভাষণ দি কয় যে ভাৰতৰ মুছলিমবিলাকৰ এটা বিৰাট গোট অসম আৰু উত্তৰ–পূব প্রান্তক ভাৰতৰ মূল ভূখণ্ডৰ লগত সংযোগ কৰা ‘চিকেন নেক’ ক্ষেত্রলৈ গৈ ৰে’লৱেলাইন আৰু ৰাস্তা–পথ বিলাক উঠাইভাঙি চ্ছিন্ন–বিচ্ছিন্ন কৰি পেলাব আৰু অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য সীমান্তৱর্তী ৰাজ্যবিলাকক ভাৰতৰ পৰা বিচ্ছিন্ন  কৰি পেলাব, অর্থাৎ ‘টুকডে টুকডে’ কৰি পেলাব, আৰু সীমান্তলৈ যোৱা ভাৰতীয় সেনাৰ ৰাস্তা বন্ধ  কৰি দিব৷ জনসমাগমৰ আগত কৰা এনেবোৰ সাংঘাতিক বিস্ফোৰক অভিব্যক্তি দেখদেখকেই ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতাৰ বিপর্যয়কাৰী৷ ড০ হীৰেন গোহঁাইৰ টুলুঙা ভাষ্যৰ দৰে এনে আচৰণক যৌৱনৰ উন্মাদনা বুলি ক’লে এটা মাৰাত্মক ভ্রম হ’ব৷ ঠিক সেইদৰেই মুম্বাইৰ এটা মুছলিম মুল্লাৰ সংগঠনৰ এজন উত্তেজিত প্রৌঢ় নেতাই নাগৰিকত্ব সংশোধনী আইনখন বিৰোধ কৰি আডম্বৰপূর্ণ ভাষাত আঙুলি জোকাৰি জোকাৰি এটা টি ৱি চেনেলৰ আগত কয় যে সকলোৱে হেনো জানে যে ভাৰতৰ প্রধানমন্ত্রী আৰু গৃহ মন্ত্রী দুনিয়াৰ ভিতৰত এক নম্বৰ মিথ্যাবাদী৷ আমি জানো যে এই আইন মনুবাদী আৰু গোলৱালকাৰবাদী বিচাৰধাৰাৰ ওপৰত পাৰিত কৰা হৈছে৷ আমি মুছলমান মানুহ বেলেগ মাল–মছলাৰ মানুহ, আমি হিন্দুস্তানলৈ আহি ইয়াৰ ইতিহাসবদলাই দিলোঁ ইয়াৰ নজৰেই প্রচণ্ডভাৱে পৰিৱর্তন কৰি দিলোঁ৷ আমি ইয়াত কৰা কাম চাবলৈ দুনিয়াৰ মানুহ হিন্দুস্তানলৈ আহে৷ তেওঁ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘক সকীয়নি দি কয়– তহঁতৰ দপ্তৰবিলাক আতংকবাদীৰ ঘাটি৷ প্রধানমন্ত্রীক সকীয়নি দি কয় যে যদি সংশোধনী অধিনিয়মখনবাতিল নকৰে, তেতিয়াহ’লে চাই থাকি বা ভাৰতৰ মুছলমান সম্প্রদায়ৰ মানুহে অনুসূচিত আৰু পিছপৰা জাতিৰ লগত মিলি ১৯৪৭ চনৰ পুনৰাবৃত্তি কৰিব৷ মতভেদৰ নামত এনে বিস্ফোৰক অভিব্যক্তি কেতিয়াও দায়বদ্ধ হ’ব নোৱাৰে৷ মার্ক এণ্টনীৰ ভাষাত ক’বলৈ হ’লে, Now let it work. Mischief, thou art afoot, Take thou what course thou wilt.’ এনেপ্রকাৰৰ সাংঘাতিক অভিযোগ আৰু টিপ্পনীবিলাকে হিন্দু  সম্প্রদায়ৰ  মাজত আলোডনৰ সৃষ্টি কৰাটো স্বাভাৱিক৷ স্বামী বিবেকানন্দই কৈছিল, ‘তোমাৰ ঘৰৰ সন্মুখত যদি কোনোবাই আহি তোমাক অবাইচ গালি পাৰে আৰু তুমি যদি ‘অহিংসা পৰমো ধর্ম’ বুলি কৈ ঘৰত লুকাই থাকা তেনে তুমি এটা ভীৰু কাপুৰুষ৷’ এনে অবৈধ আৰু বিচাৰহীন আচৰণৰ পৰা হিংসা আৰু আতংকৰ সৃষ্টি হোৱাটো আসন্ন আৰু এনে সমাজৰ বিপর্যয়কাৰী অভিব্যক্তি আৰু কার্যকলাপ নিঃসন্দেহে সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদে দিয়া বাক স্বাধীনতাৰ ঊর্ধ্বত৷ এনে কথাই হিন্দু আৰু মুছলমান ধর্মৰ লোকৰ মাজত অসংগতি, শত্রুতা বা ঘৃণাৰ ভাব উদ্রেক কৰাটো স্বাভাৱিক৷ গতিকে আমাৰ বিচাৰত সংশ্লিষ্ট চৰকাৰে এইসকল লোকৰ বিৰুদ্ধে ফৌজদাৰী আইনৰ অধীনত তৎকাল কার্যবাহী ব্যৱস্থা লোৱাটো উচিত আছিল আৰু শাহীনবাগ আদি ঠাইত অহর্নিশে ধর্ণা দি আলোডন সৃষ্টি কৰা জুমবিলাকক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৪১ আৰু ১৪৪ৰ অধীনত হুকুম জাৰি কৰি ছত্রভংগ কৰিব লাগিছিল৷ তেওঁলোকে অবৈধভাৱে ধর্ণা দি অৱৰোধ কৰি ৰখা জি দি বিৰলা মার্গ ৰাজপথটো খুলি দিয়াটো উচিত আছিল৷ ঠিক সময়ত যথোপযুক্ত কার্যবাহী ব্যৱস্থা লোৱাহেঁতেন হয়তো ২৫ ফেব্রুৱাৰীত সংঘটিত অত্যন্ত ভয়াৱহ আৰু দুর্ভাগ্যজনক ঘটনাবিলাকৰ উদ্ভৱ নহ’লহেঁতেন ৷

 

Email : [email protected]

ফোনঃ ৮৪০৮৮–১৯৫৮৮

You might also like