গুজৰাট টাইটানছৰ বিপক্ষে জয় পঞ্জাব কিংছৰ, দুর্দান্ত শ্রেয়াছ, বিস্ফোৰক শশাংক
নিউজ ডেস্ক, ২৬ মাৰ্চঃ পঞ্জাব কিংছে জয়েৰে চলিত আইপিএলত অভিযান আৰম্ভ কৰিছে৷ আহমেদাবাদত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত পঞ্জাবে গুজৰাট টাইটানছক ১১ ৰানত পৰাস্ত কৰে৷ মেচখনত পঞ্জাবে জয়ৰ বাবে বান্ধি দিয়া ২৪৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ ছাই সুদর্শনৰ চমকপ্রদ ৭৪, জ’ছ বাটলাৰৰ ৫৪, শ্বেৰফান ৰাডাৰফ’ডৰ দুর্দান্ত ৪৬ আৰু অধিনায়ক শুভমন গিলৰ ৩৩ ৰানৰ সহায়ত গুজৰাট টাইটানছে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৩২ ৰান কৰিবলৈ সক্ষম হয়৷ পঞ্জাব কিংছৰ হৈ অর্শদীপ সিঙে সর্বাধিক ২টা উইকেট লাভ কৰাৰ লগতে মার্কো জানছেন আৰু গ্লেন মেক্সৱেল উভয়ে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক শ্রেয়াছ আয়াৰৰ দুর্দান্ত অপৰাজিত ৯৭ আৰু শশাংক সিঙৰ বিস্ফোৰক অপৰাজিত ৪৪ ৰানৰ সহায়ত পঞ্জাব কিংছে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৪৩ ৰান কৰে৷ দলীয় স্ক’ৰ ২৮ ৰানতে অ’পেনাৰ প্রভছিমৰন সিঙক (৫) হেৰুৱায়৷ অৱশ্যে আনগৰাকী অ’পেনাৰ প্রিয়াংশ আর্যই শ্রেয়াছৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৬১ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ প্রিয়াংশে ৪৭ ৰান কৰি বিদায় লয় যদিও শ্রেয়াছে ৪২টা বলত ৫টা চাৰি আৰু ৯টা ছয়েৰে ৯৭ ৰান কৰি অপৰাজিত হৈ থাকে৷ ইফালে, শশাংকই ১৬টা বলত ৬টা চাৰি আৰু ২টা ছয়েৰে ৪৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ শ্রেয়াছ আৰু শশাংকই ষষ্ঠ উইকেটত অপৰাজিত ৮১ ৰান সংগ্রহ কৰে৷ মেক্সৱেলে কোনো ৰান নকৰাকৈ বিদায় লয়৷ গুজৰাটৰ হৈ ছাই কিশোৰে সর্বাধিক ৩টা উইকেট লাভ কৰে৷