নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ নগাঁৱত চাঞ্চল্যকৰ ঘটনা। বিবাহ ঘৰত উদ্ধাৰ বিবাহিত যুৱকৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন হল নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙলু আৰক্ষী চকীৰ এলেকাধীন নিবুকালি নৱজ্যোতি গাঁৱৰ ৰিতু মুৰা নামৰ ৩০ বছৰীয়া যুৱক। গাঁওখনৰ পৰা প্ৰায় ২ কিলোমিটাৰ নিলগৰ নগাঁও-কাৰ্বি আংলং সীমান্তৰ শিলপেটা গাঁৱত সংঘটিত হৈছে এই ঘটনা। শিলপেটাৰ সঞ্জয় টেৰাঙৰ ঘৰৰ বিবাহ অনুষ্ঠানলৈ গৈছিল ৰিতু মুৰা। নিশা বিবাহস্থলীৰ চোতালত তেজেৰে লুটুৰী পুতুৰী অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। ইতিমধ্যে যুৱকজনৰ পৰিয়ালে বিবাহ অনুষ্ঠিত কৰা পৰিয়ালটোৰ বিৰুদ্ধে ৰাঙলু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক কনক হাজৰিকা