নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত কেইবাকোটি টকাৰ হেৰোইন জব্দ, পলাতক নুৰ ইছলামক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। সোনাপুৰ, বেকৰদোবা গাঁৱৰ নুৰ ইছলামনামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰৰ পৰা কিছুদিন পুৰ্বে কেইবা কোটি টকাৰ হেৰাইন দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষীয়ে জব্দ কৰিছিল। নুৰ ইছলামৰ পত্নীক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল যদিও মুল অভিযুক্ত নুৰ ইছলামে আৰক্ষীৰ চকুত ধুলি দি পলাব লৈ সক্ষম হৈছিল। ঘটনা সন্দৰ্ভত মানকাচৰ আৰক্ষী থানাত কেছ নং ০৯/২০২৫ ইউ/এছ ২১(চি)/২৯ এন ডি পি এছৰ অধীনত পঞ্জীয়ন কৰা এই গোচৰটো মণিপুৰৰ পৰা জিলাখনলৈ উৎপত্তি হোৱা নিচাযুক্ত দ্ৰব্যৰ পথৰ সৈতে পোনপটীয়াকৈ জড়িত। ধাৰাবাহিকভাৱে সুসমন্বিত অভিযান চলোৱা হৈছিল। যাৰ ফলত শেষত নুৰ ইছলামক মানকাচৰ মইশালডাঙাৰ এটা পৰিত্যক্ত ঘৰৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তগৰাকীক এতিয়া জিম্মাত থকাৰ সময়তে পৰৱৰ্তী গুৰুত্বপূৰ্ণ পৰ্যায়ত মণিপুৰৰ পৰা জিলাখনলৈ হেৰ’ইনৰ চালান সৰবৰাহৰ বাবে দায়বদ্ধ ড্ৰাগছ ছিণ্ডিকেটৰ সম্পূৰ্ণ মোডাছ অপাৰেণ্ডি উন্মোচন কৰিবলৈ তেওঁক বিশদ জেৰা অব্যাহত ৰাখিছে। সমগ্ৰ নেক্সাছটো ভাঙি পেলাব লাগিব, আৰু ইয়াৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলাই আছ।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like