পদূলিমুখত ৰঙালী, ৪০০ৰো অধিক ঢোল যোগান ধৰিবলৈ সাজু বাৰপূজীয়াৰ বিনোদ ডেকা
বিশেষ বাৰ্তা, ২৬ মাৰ্চ : সন্মুখত ৰঙালী বিহু সমাগত। নাচনী, ঢুলীয়াৰ ব্যস্ততাৰ অন্ত নাই। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। শিশুৰ পৰা আৰম্ভ কৰি জাক জাক ডেকা গাভৰুৰ বিহুনৃত্যত মুখৰিত বিহু কৰ্মশালা। বসন্তৰ আগমনে হাত বাউলি মাতিছে অসমীয়া চেনেহৰ ৰঙালী বিহুটিক। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আগন্তুক ৰঙালী বিহুৰ উপলক্ষে চলি আছে বিহু নাচ, বিহু নাম, ঢোল, পেঁপা, গগনা, তাল আদি বাদ্য-বাদনৰ কৰ্মশালা। এই সময়তে ব্যস্ততা বাঢ়িছে ৰহাৰ বাৰপুজীয়াৰ মিকিৰগাঁৱৰ বিনোদ ডেকাৰ বাদ্য নিৰ্মাণ প্ৰতিষ্ঠানত।বিগত ২৪ বছৰৰ দৰে এইবছৰো তেওঁ চাৰি-পাঁচজন সহযোগীৰ সৈতে দিনে নিশাই সাজি আছে সৰু বৰ বিভিন্ন ঢোল। ইতিমধ্যে তেওঁ চৰাইদেউ, গোলাঘাট আৰু যোৰহাটলৈ ৫০টাতকৈ অধিক ঢোল নিৰ্মাণ কৰি যোগান ধৰিছে। আৰু ৩৫০ ঢোল তেখেত নিৰ্মাণৰ বাবে অহোৰাত্ৰি ব্যস্ত হৈছে কিয়নো নগাঁও-মৰিগাঁও আদি জিলাৰ উপৰিও উজনি অসমৰ ঢুলীয়াৰ হাতত ব’হাগ বিহুৰ পূৰ্বেই তেওঁ তুলি দিব লাগিব সৰু বৰ ঢোল।বিনোদ ডেকাই জানিবলৈ দিয়া মতে,সৰু ঢুলীয়াৰ বাবে সৰু ঢোল আৰু কিশোৰচামৰ বাবে মধ্যমীয়া আৰু যুৱকসকলৰ বাবে ডাঙৰ ঢোল সাজি আছে তেওঁৰ শিল্পীসকলে।তেওঁ জানিবলৈ দিয়া অনুসৰি, নগঞা পাতি ঢোল আৰু যোৰহটীয়া ঢোল তেওঁৰ সাধাৰণতে প্ৰস্তুত কৰে যদিও আগন্তুক ৰঙালী বিহু উপলক্ষে যোৰহটীয়া ঢোল যোগানৰহে তেওঁ প্ৰস্তাৱ পাইছে। কঁঠাল কাঠৰ খোলাৰে উন্নত চামৰাৰে প্ৰস্তুত কৰা এটা ঢোল ৬-৮ হাজাৰ টকাত বিক্ৰী হয়। ঢোলৰ আকাৰ অনুযায়ী দামৰো তাৰতম্য হয়। যোৱা ২৪ বছৰ ধৰি তেওঁ বাৰপূজীয়া তিনিআলিত থকা ‘সেৱাশ্ৰী বাদ্য ভাণ্ডাৰ’ত প্ৰায় ৮০০০ সৰু বৰ ঢোল নিৰ্মাণ কৰিছে। ‘সেৱাশ্ৰী বাদ্য ভাণ্ডাৰ’ত তেওঁ অকল ঢোলেই নহয় সকলো চামৰাৰ বাদ্যই তেওঁ নিৰ্মাণ কৰে। বিশেষকৈ খোল, তবলা, ঢুলুকী,নেগেৰা আদি বাদ্যবোৰো প্ৰস্তুত কৰে ডেকাই। ৰঙালী বিহুৰ প্ৰায় দুমাহ মান পূৰ্বৰেপৰাই ঢোল নিৰ্মাণৰ বাবে অপাৰ ব্যস্ত হৈ পৰে ডেকা আৰু তেওঁৰ প্ৰতিষ্ঠানৰ সহযোগীসকল। যেনেকৈ ব’হাগত ঢোল তেনেদৰে ভাদ-আহিন মাহৰ পৰা ৰাসৰ সময়লৈ খোল, নেগেৰা আৰু অন্য চামৰাৰ বাদ্য প্ৰস্তুত কৰে বিনোদ ডেকাই।আৰ্থিক দুৰবস্থাৰ বাবে ডেকাই হাইস্কুলীয় শিক্ষা শেষ কৰিব নোৱাৰিলে। বাৰপুজীয়াতে থকা তেতিয়া কাৰ্তিক বাদ্যকাৰ নামৰ এজন বঙালী সম্প্ৰদায়ৰ মিস্ত্ৰীৰ বাদ্য দোকানত তেওঁ সহযোগী হিচাপে সেৱা আগবঢ়াই ভালেখিনি কাম তাতে শিকাৰ পাছত মৰিগাঁও আৰু অন্য ঠাইত গৈ তেওঁ এই বিষয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।ইয়াৰ পাছত তেওঁ বাৰপুজীয়ালৈ আহে আৰু ২০০০ চনৰ পৰা নিজে ‘সেৱাশ্ৰী বাদ্য ভাণ্ডাৰ’ নামৰ প্ৰতিষ্ঠানটো গঢ়ি নিজৰ ঘৰ-সংসাৰ চলোৱাৰ লগতে আন পাঁচজন সহযোগী ক্ৰমে ৰঞ্জিত ডেকা,সোণাৰাম ডেকা, পাৰ্থ বৰদলৈ, লাটু ৰাজবংশী আৰু মন ডেকাৰ আত্ম-সংস্থানৰ বাটো মুকলি কৰিছে।বৰ্তমান ডেকাৰ জ্যেষ্ঠ দুহিতাই স্নাতক ডিগ্ৰী লাভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰি আছে আৰু কনিষ্ঠ পুত্ৰই এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেওঁ জনোৱা মতে, দেববাদ্য নিৰ্মাণকে ব্ৰত হিচাপে লৈ তেওঁৰ জীৱনৰ পৰৱৰ্তী সময়ছোৱা এনেদৰেই বাদ্য সাজি যাব আৰু অসমীয়া সংস্কৃতি এজন পূজাৰী হৈ সেৱা আগবঢ়াই যাব।
প্ৰেৰক কনক হাজৰিকা