নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল জাগুনত বিগত কেইবাবছৰৰ পৰা ধন দাবী আৰু অপহৰণেৰে একপ্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰি অহা আলফা (স্বা) য়ে ২০২৪ চনৰ ১৮ ডিচেম্বৰত জাগুন ৯ মাইলৰ কৃষ্ণ চেত্ৰীৰ এটি শিল ভঙা উদ্যোগৰ পৰা শ্ৰমিক প্ৰকাশ ছেত্ৰীক দিন দুপৰতে অপহৰণ কৰি নিছিল। এক বৃহৎ মুক্তিপণ দাবী কৰা আলফাই যোৱা তিনি মাহতকৈ অধিক সময় ম্যানমাৰস্থিত শিবিৰত আৱদ্ধ কৰি ৰাখিছিল প্ৰকাশ চেত্ৰী নামৰ যুৱকজনক। অৱশেষত সম্পূৰ্ণ তিনি মাহ দহ দিনৰ অন্তৰালত আলফাৰ দ্বাৰা অপহৃত যুৱক প্ৰকাশ ছেত্ৰীৰ মুক্তি দিয়াত স্বস্তিৰ নিশ্বাস পেলাইছে দুৰ্ভগীয়া পৰিয়ালটিয়ে। ভাৰত ম্যানমাৰ সীমান্তৰ ঘন অৰণ্যত মুক্ত কৰি দিয়া অপহৃত প্ৰকাশ ছেত্ৰীক ভাৰতীয় সেনা বাহিনীৰ তত্ত্বাৱধানত উদ্ধাৰ কৰি তথা অসম আৰক্ষীৰ সৈতে দীৰ্ঘ সময় ধৰি জেৰা চলোৱাৰ পাছত নিজ পৰিয়ালৰ হাতত চমজাই দিয়া হয়।
প্ৰেৰক হেমন্ত গগৈ