🔹 ১২ দিনীয়াকৈ অনুষ্ঠিত বিনামূলীয়া বিহুনাচ-বিহুবাদ্যৰ প্ৰশিক্ষণ
নিয়মীয়া বার্তা, ৬ এপ্ৰিল : বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ঢোল-পেঁপাৰ মাতত গুঞ্জৰিত চৌদিশ। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দিনে-নিশাই চলিছে বিহু নাচৰ অনুশীলন। ৰঙালী বিহুৰ প্ৰাকক্ষণত ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ঢকুৱাখনাৰ ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰি। টাকুৰি ঘূৰাদি ঘূৰিছে নাচনীৰ কঁকাল, উঠিছে ঢোলৰ ৰগৰ। ফাটবিহু সমিতিৰ উদ্যোগত ম’হঘুলি চাপৰিৰ ঐতিহাসিক ফাটবিহুৰ বাকৰিত অনুষ্ঠিত হৈ আছে ১২দিনীয়াকৈ বিনামূলীয়া বিহুনাচৰ লগতে ঢোলবাদন আৰু পেঁপাবাদনৰ কৰ্মশালা। কিশোৰ-কিশোৰীসকলৰ বিহু সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু বিহুনাচ-ঢোলৰ ছেও যাতে শুদ্ধকৈ প্ৰতিষ্ঠা হয়, সেই উদ্দেশ্যৰে আয়োজন কৰা এই কৰ্মশালাত অংশ লৈছে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক কণ কণ শিশু, কিশোৰী নাচনীৰ পৰা আৰম্ভ কৰি বিহুৱতী নাচনীলৈকে। কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত কণমানিগৰাকীৰ পৰা আৰম্ভ কৰি গাভৰুলৈকে এতিয়া ফাটবিহু বাকৰিত ঢোল-পেঁপাৰ লহৰত কঁকাল ভাঙি শিকিছে নাচিবলৈ, শিকিছে বিহুনাম জুৰিবলৈ। কণমানি ঢুলীয়াৰ সুতীব্ৰ চাপৰত কঁপি উঠিছে সমগ্ৰ বিহু বাকৰি। প্ৰশিক্ষাৰ্থীসকলৰ সুললিত বিহুনাম, বাঁহী, ঢোল আৰু পেঁপাৰ উত্তাল মাতত ৰজনজনাই উঠা ঐতিহাসিক ফাটবিহু বাকৰিৰ বিহু আখৰা চাবলৈ ভিৰ কৰিছেহি শ শ বিহুপ্ৰেমী আৰু অভিভাৱকে। উল্লেখ্য যে বিহু নাচ, নাম আৰু বাদ্যক সঠিক ৰূপত উপস্থাপনৰ বাবে নতুন চামক প্ৰশিক্ষণ প্ৰদানৰ বাবে যোৱা তিনিটা বছৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ফাটবিহু সমিতিয়ে।