নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ধুবুৰীৰ তেতুলতলাস্থ বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। বিজেপি আৰু অসম গণ পৰিষদ (অগপ)ৰ সেই যৌথ সাংগঠনিক সভাখনত আগন্তুক পঞ্চায়ত নিৰ্বাচনত ধুবুৰী জিলাত অগপ-বিজেপিৰ মাজত আসন ভাগ-বাটোৱাৰ বিষয়টো লৈ এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উক্ত বৈঠকখনত জিলা বিজেপি আৰু অগপৰ স্থানীয় নেতৃবৃন্দৰ উপৰিও অগপৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি প্ৰশান্ত কুমাৰ বৰুৱাও উপস্থিত আছিলউল্লেখ্য যে, জিলাখনৰ বিলাসীপাৰা সমষ্টিক লৈ ইতিমধ্যে এক মীমাংসাত উপনীত হৈছে দল দুটাই। সেই অনুসৰি সমষ্টিটোৰ জিলা পৰিষদৰ আসন কেইখন মিত্ৰদল বিজেপিক এৰি দিয়াৰ বিপৰীতে আঞ্চলিক পঞ্চায়ত আৰু গাওঁ পঞ্চায়ত সদস্যৰ আসনৰ ক্ষেত্ৰত ৪০-৬০ শতাংশৰ বুজাবুজিৰ সমীকৰণৰ সিদ্ধান্ত লৈছে দল দুটাই। জানিব পৰা মতে, ধুবুৰী আৰু গৌৰীপুৰ বিধানসভা সমষ্টিৰ আসন কেইখনক লৈ অগপ-বিজেপিৰ বিশেষ মতভেদ নাই যদিও গোলকগঞ্জ বিধানসভা সমষ্টিৰ আসন ভাগ-বাটোৱাৰাক কেন্দ্ৰ কৰি সহমতত উপনীত হ’ব পাৰা নাই দল দুটাৰ স্থানীয় নেতৃত্বই। অৱশ্যে, দীৰ্ঘম্যাদী মিত্ৰতাৰ স্বাৰ্থত কিছু এৰা-ধৰাৰ মাজেৰে সমষ্টিটোত অগপৰে মিমাংসা কৰিবলৈ বিজেপিৰ স্থানীয় নেতৃত্বক মন্ত্ৰী পাটোৱাৰীয়ে নিৰ্দেশ দিয়া বুলি প্ৰকাশ। তাৰেই পৰিপ্ৰেক্ষিতত আজি বিয়লি ভিতৰত ধুবুৰী জিলাত অগপ-বিজেপিৰ মাজত পঞ্চায়তৰ নিৰ্বাচনৰ আসন ভাগ-বাটোৱাৰাৰ বিষয়টো চূড়ান্ত ৰূপ লোৱাটো প্ৰায় নিশ্চিত। ইয়াতে উল্লেখনীয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত অগপৰে মিত্ৰতা কৰাৰ দায়িত্বত আছে মন্ত্ৰী পাটোৱাৰী।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী