নিশা ১২.৩০ বজালৈ খোলা থাকিব বাৰ–ৰেষ্টুৰেণ্ট
নির্দিষ্ট কিছু ব্রেণ্ডৰ বিয়েৰ–সুৰাৰ দাম হ্রাস, ১ মে’ৰ পৰা হ’ব কার্যকৰী
বটলত ৩২০ টকাৰ পৰা ৯ টকালৈ হ্রাস পাব দাম
এতিয়াৰে পৰা দেশীয় সুৰা বিপণীয়েও বিলাতী সুৰা বিক্রীৰ বাবে অনুমতি পাব
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্রিলঃ এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত সুৰাৰ বিপণীসমূহ নিশা ১১ বজালৈ আৰু বাৰসমূহ নিশা ১২.৩০ বজালৈ খোলা থাকিব৷ অসম ৰাজপত্রযোগে আবকাৰী বিভাগে এই কথা সদৰী কৰিছে৷ ৰাজপত্রযোগে সদৰী কৰা এই সিদ্ধান্ত তৎকালীনভাৱে কার্যকৰী হ’ব৷ আবকাৰী বিভাগৰ সিদ্ধান্ত অনুসৰি গুৱাহাটী পৌৰ নিগম এলেকাত এতিয়াৰে পৰা বিলাতী সুৰাৰ বিপণী আৰু দেশীয় সুৰাৰ বিপণীসমূহ নিশা ১১ বজালৈ খোলা থাকিব৷ সেইদৰে গুৱাহাটী পৌৰ নিগম এলেকাত থকা বাৰ, ৰেষ্টুৰেণ্টসমূহ নিশা ১২.৩০ বজালৈ খোলা থাকিব৷ পূর্বতে বিলাতী সুৰাৰ বিপণী আৰু দেশীয় সুৰাৰ বিপণীসমূহ গুৱাহাটী মহানগৰীত নিশা ১০ বজালৈ খোলা আছিল৷ আবকাৰী বিভাগৰ নতুন সিদ্ধান্ত অনুসৰি এতিয়া বিলাতী সুৰাৰ বিপণী আৰু দেশীয় সুৰাৰ বিপণী খোলা ৰখাৰ সময় এঘণ্টাকৈ বৃদ্ধি পালে৷ সেইদৰে মহানগৰীত একাংশ বাৰ, ৰেষ্টুৰেণ্ট নিশা ১২ বজালৈ বা ১২ বজাৰ পিছলৈ খোলা ৰখাৰ অনুমতি আছিল যদিও বহু বাৰ খোলা ৰখাৰ নিশা ১০ বজালৈহে অনুমতি আছিল৷ কিন্তু এতিয়াৰে পৰা মহানগৰীৰ সকলো বাৰ–ৰেষ্টুৰেণ্ট নিশা ১২.৩০ বজালৈ খোলা ৰাখিব পাৰিব৷ আনহাতে, এতিয়াৰে পৰা দেশীয় সুৰাৰ বিপণীত বিলাতী সুৰা বিক্রীৰ বাবে আবকাৰী বিভাগে নতুনকৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি বর্তমানৰ দেশীয় সুৰাৰ বিপণীসমূহে বিলাতী সুৰা বিক্রীৰ বাবে অতিৰিক্তভাৱে প্রয়োজনীয় আবেদন মাচুল জমা দি আবেদন কৰিব লাগিব৷ তেনেধৰণৰ আবেদন লাভৰ পাছত জিলা প্রশাসনে দেশীয় সুৰাৰ বিপণীসমূহক বিলাতী সুৰা বিক্রীৰ অনুমতি প্রদান কৰিব৷ আনহাতে, আবকাৰী বিভাগে নির্দিষ্ট কেতবোৰ ব্রেণ্ডৰ বিয়েৰ, সুৰাৰ দামো হ্রাস কৰিছে৷ বিদেশৰ পৰা অহা ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ একোটা বটলৰ ক্ষেত্রত কমেও ৯ টকা দাম হ্রাস পাব৷ সেইদৰে বিদেশৰ পৰা অহা সুৰা, যাৰ ৭৫০ মিলিলিটাৰৰ বটল এটাৰ দাম তিনি হাজাৰৰ অধিক টকা, তেনে বটলত ১৭৫ টকা পর্যন্ত হ্রাস পাব৷ একেদৰে তিনি হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকা দামৰ ৭৫০ মিলিলিটাৰৰ বটল এটাত ১৯০ টকা পর্যন্ত দাম হ্রাস পাব৷ অনুৰূপ ধৰণে ৫ হাজাৰ টকাৰ অধিক তথা ১০ হাজাৰ টকাৰ কম দামৰ ৭৫০ মিলিলিটাৰৰ বটল এটাৰ ক্ষেত্রত দাম ২২০ টকা পর্যন্ত হ্রাস পাব৷ ১০ হাজাৰ টকাতকৈ অধিক দামৰ ৭৫০ মিলিলিটাৰৰ বটল এটাৰ দাম কমেও ৩২০ টকা হ্রাস পাব৷ বিদেশৰ পৰা অহা ৱাইনৰ ক্ষেত্রত ৭৫০ মিলিলিটাৰৰ বটল এটাৰ দাম ৩৫ টকা পর্যন্ত হ্রাস পাব৷ অৱশ্যে দামৰ ক্ষেত্রত নির্ধাৰণ কৰা এই নতুন নিৰিখ অহা ১ মে’ৰ পৰা কার্যকৰী হ’ব বুলি আবকাৰী বিভাগে ৰাজপত্রিত জাননীখনত উল্লেখ কৰিছে৷