নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ এপ্ৰিলত গৃহভূমি জয়পুৰত ৰাজস্থান ৰয়েলছৰ অভিযান, মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক গ’ল্ডেন টিকট উপহাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ এপ্ৰিলঃ ৰাজস্থান ৰয়েলছে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ইতিমধ্যে পাঁচখন মেচ খেলিছে যদিও গৃহভূমি জয়পুৰত দলটোৱে অভিযান আৰম্ভ কৰিবলৈ আগ্ৰহৰে অপেক্ষা কৰি আছে৷ ১৩ এপ্ৰিলত দলে চাৱাই মানসিং ষ্টেডিয়ামত আই পি এল-২০২৫ ৰ প্ৰথমখন ঘৰুৱা মেচত অৱতীৰ্ণ হ’ব৷ আৰ চি বিৰ বিৰুদ্ধে খেলিব লগা এই মেচখন দিনৰ ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ ইতিমধ্যে আৰ আৰ দল জয়পুৰত আহি উপস্থিত হৈছে৷
এইবাৰ ৰয়েলছে জয়পুৰত পিংক প্ৰ’মিছ মেচসহ মুঠ পাঁচখন খেল খেলিব৷ চাৱাই মানসিং ষ্টেডিয়ামত হ’বলগা পাঁচোখন আই পি এল মেচলৈ আৰ আৰে বিশেষ অতিথিৰূপে আমন্ত্ৰণ জনাইছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক৷ ৰাজস্থান ৰয়েলছৰ মুখ্য মালিক মনোজ বাদাল আৰু দলটোৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে মুখ্যমন্ত্ৰী শৰ্মাক ‘গ’ল্ডেন টিকট’ উপহাৰ দি জয়পুৰৰ আটাইকেইখন মেচলৈ আমন্ত্ৰন জনাইছে৷ মুখ্যমন্ত্ৰীৰ বাসগৃহত হোৱা আলোচনাত জয়পুৰৰ মেচৰ সফল আয়োজনক লৈয়ো বাৰ্তালাপ কৰা হয়৷
উল্লেখ্য যে ৰয়েলছে আৰ চি বিৰ লগতে জয়পুৰত লক্ষ্ণৌ, গুজৰাট, মুম্বাই আৰু পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব৷ ইতিমধ্যে প্ৰতিখন মেচৰ টিকট বুকমাই শ্ব’ত মুকলি কৰাৰ লগতে যোৱা সাত এপ্ৰিলৰ পৰা ষ্টেডিয়াম চৌহদত টিকট কাউণ্টাৰ মুকলি কৰা হৈছে৷ অহা এক মে’ত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ‘পিংক প্ৰমিজ’ মেচ বিশেষ আকৰ্ষনীয়৷
আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ প্ৰথম দুখন মেচতে পৰাস্ত হৈ হতাশাৰে ছিজনৰ আৰম্ভনি কৰে যদিও গুৱাহাটী আৰু চণ্ডিগড়ত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়৷ কিন্তু দলটো গুজৰাটৰ বিৰুদ্ধে পুনৰ পৰাস্ত হয়৷ ৰয়েলছে পাঁচখন মেচৰ দুখনত জয়ী হৈ চাৰি পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে৷
You might also like