নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমনিত যুৱকৰ আত্ম*হত্যাৰ অভিযোগত আৰক্ষী বিষয়া জোনালী দেৱীসহ দুই কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : আগমনি থানাৰ কেজ ডায়েৰী লিখা দেৱানন্দ দাসে আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগত থানা খনৰ আৰক্ষী বিষয়া জোনালী দেৱী, আৰক্ষী কনিষ্টবল ক্ৰমে আছিফ আহমেদ আৰু শ্যামল দাসক ৰিজাৰ্ভ ক্লজ কৰিলে ধুবুৰী জিলা আৰক্ষী অধীক্ষকে। উল্লেখ যে  আৰক্ষী  উপ পৰিদৰ্শক বিবাহিত জোনালী দেৱীৰ লগত কেচ ডায়েৰী লিখা অস্থায়ী কৰ্মী দেৱনন্দ দাসৰ অবৈধ সম্পৰ্ক আছিল।

📌 ড্ৰামাৰৰ ৰূপত ধিং এক্সপ্ৰেছ হিমা দাস। 📌 ধিঙৰ বিহুমঞ্চত প্ৰিয়ংকা ভৰালীৰ গীতৰ তালে তালে দৌৰবিদ হিমা দাসৰ ড্ৰামবাদন।

সিহঁতৰ মাজত তেনে অবৈধ সম্পৰ্ক থকাৰ উপৰিও প্ৰায় দেৰমাহ  পূৰ্বে আন এগৰাকী লৰাৰ লগত আৰক্ষী উপ পৰিদৰ্শক জোনালী দেৱীৰ বিয়া হৈছিল। কিন্তু বিয়াৰ পিছতো থানা খনৰ ডায়েৰী লিখক দেৱানন্দ দাসৰ লগতো ৰাখিছিল অবৈধ সম্পৰ্ক। কিন্তু  যোৱা ১৬ এপ্ৰিলৰ নিশা প্ৰায় দহ বজাত থানা খনৰ ভিতৰতে দুয়োজনৰ মাজত কাজিয়া হৈছিল । কাজিয়াৰ পিছত দেৱনন্দই কালি নিজ ঘৰত গৈ আত্মহত্যা কৰে। অৱশ্যে জোনালী দেৱীৰ কাৰণে, ক্ৰমে আছিফ আহমেদ, আৰু  শ্যামল দাস নামৰ দুগৰাকী কণিষ্ঠবলে  প্ৰহাৰ কৰে বুলি খুড়াকৰ মোবাইলত মেছেজ হিচাবে চুইছাইড নোটত লিখিছিল যদিও কালি পুৱতিনিশা নিজ গৃহতে চিপ লৈ আত্মহত্যা কৰে দেৱনন্দ দাসে। ঘটনা সন্দৰ্ভত মৃত দেৱানন্দ দাসৰ খুড়া নৃত্যৰঞ্জন দাসে জোনালী দেৱী, আছিফ আহমেদ আৰু শ্যামল দাসৰ বিৰুদ্ধে আগমনি থানাত এজাহাৰ দাখিল কৰে। ইপিনে আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ago 62/ 2025 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like