নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰগঞ্জত জিঅ’ বেগৰ সংস্থাপনৰ কামত ব্যৱহৃত নাও দুৰ্ঘটনাগ্ৰস্ত, আহত দুই

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ অজি পুৱা দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যৱহৃত নাও এখন নৈখনত বুৰ যোৱাৰ ফলত কথমপি কেইবাগৰাকী লোকৰ প্ৰাণৰক্ষা পৰা বুলি জানিব পৰা গৈছে। অৱশ্যে, নাওখনেৰে গৰাখহনীয়া প্ৰতিৰোধী জিঅ’ বেগৰ সংস্থাপনৰ কাম কৰি থকাৰ সময়ত অকষ্মাতে সংঘটিত হোৱা সেই দূৰ্ঘটনাটোত আহত হোৱা দুজন লোকক অঞ্চলটোৰ ফকিৰগঞ্জ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতদ্বয় গোৱালপাৰা জিলাৰ চুনাৰীৰ দুলাল আলী আৰু সৰিফুল ইছলাম বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like