নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছপা মাধ্যমৰ সাংবাদিকৰ সংগঠন নগাঁও প্ৰিণ্ট মিডিয়া গঠন 

কনক হাজৰিকা সভাপতি, চন্দনজ্যোতি বৰা, নাজিম উদ্দিন আহমেদ যুটীয়া সম্পাদক

বিশেষ বাৰ্তা, ২১ এপ্ৰিল : নগাঁও সদৰস্থ ছপা মাধ্যমৰ সাংবাদিকসকলক একত্ৰিত কৰাৰ উদ্দেশ্যৰে আৰু শেহতীয়াকৈ ছপা মাধ্যমৰ প্ৰতি অহা বিভিন্ন ধৰণৰ জটিলতাক প্ৰতিহত কৰাৰ ভাবে নগাঁও সদৰস্থ বিভিন্ন ছপা মাধ্যমৰ সাংবাদিক সকল একত্ৰিত হৈ আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। নগাঁও চহৰৰ নেহৰু যুৱক কেন্দ্ৰৰ সভাগৃহত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জীতেন বৰকটকীয়ে ভাষণ দি কয় যে,ছপা মাধ্যমৰ গুৰুত্ব অনাদি কালৰে পৰা আছে। আৰু আগলৈ থাকিব।

সংবাদ প্ৰতিষ্ঠানৰ নিজস্ব চিন্তাৰ লগত সংপৃক্ত হ’বলগীয়া হয়।ছপা মাধ্যমৰ ক্ষেত্ৰত নতুনত্ব আনিব লাগিব বুলি উল্লেখ কৰি তেওঁ লগতে আৰু কয় ,”আমি আত্মসমালোচনা কৰাৰ লগতে সময়কেন্দ্ৰিক চিন্তাৰে আগবাঢ়িব লাগিব।” তেওঁ ছপা সাংবাদিক সকল তিষ্ঠি থাকিবলৈ নিজস্ব শৈলী সৃষ্টি কৰিব লাগিব বুলি মন্তব্য কৰে। সভাত ভাষণ দি জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াই কয় যে, সময়ৰ লগে লগে সংবাদ ক্ষেত্ৰখনৰ পৰিৱৰ্তন আহিছে। সেই পৰিৱৰ্তনৰ লগত খোজ মিলাই ছপা মাধ্যমৰ সাংবাদিক সকলক নিজৰ গুৰুত্ব অনুধাৱন কৰিব লাগিব। তেওঁ কেৱল সংগঠন গঠনৰ স্বাৰ্থত সংগঠন নকৰি ছপা মাধ্যমৰ সাংবাদিক সকলৰ সামগ্ৰিক সুৰক্ষাৰ স্বাৰ্থত সংগঠন এখন গঠন কৰিবলৈ আহ্বান জনায়।

সভাত জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসে কয় যে, বিভিন্ন কাৰণত সমগ্ৰ ৰাজ্য খনতে বাতৰি কাকতৰ প্ৰচলন পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। কিন্তু ছপা মাধ্যম কিম্বা বাতৰি কাকতৰ গুৰুত্ব কমা নাই।গুৰুত্ব যদি কমিছে একাংশ সাংবাদিকৰ গুৰুত্বহে কমিছে। অৱশ্যে ইয়াৰ বাবে কম বেছি পৰিমাণে জগৰীয়া সাংবাদিক সকল নিজেই।ছপা মাধ্যমৰ সাংবাদিকৰ সকলৰ গতিশীলতাত যেন কৰবাত কৰবাত কিছু যটি পৰিছে।

সাংবাদিক দাসে লগতে আৰু কয় যে, এতিয়াও কাকতত কিবা নিউজ ওলালে ৰাজনৈতিক নেতা সকল জাঙুৰ খাই উঠে।ইয়াৰ অৰ্থ কাকতৰ গুৰুত্ব এতিয়াও আছে।এই গুৰুত্ব খিনি ধৰি ৰাখিব পাৰিব লাগিব।নিজৰ কৰ্মৰ জৰিয়তে।

সভাত জ্যেষ্ঠ সাংবাদিক অজয় মাহাতু, অসীম কুমাৰ ভাৱাল, মুৰুলী বৰুৱা, ছফিকুৰ ৰহমান, হৰেশ্বৰ বৰা, ভাস্কৰ জ্যোতি মেধি আদিয়ে ছপা মাধ্যমৰ সাংবাদিক সকল‌সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু ইয়াৰ পৰা মুক্ত হোৱা উপায়ৰ ওপৰত বক্তব্য প্ৰদান কৰে।লগতে  অনাগত সময়ত অনুসন্ধান মুলক বাতৰি পৰিৱেশনৰ জৰিয়তে প্ৰতিযোগিতামুলক মনোভাৱে আগবাঢ়ি যাবলৈ ছপা মাধ্যমৰ সাংবাদিকৰ সকলৰ প্ৰতি আহ্বান জনায়। নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি যাদৱ শইকীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক পলাশ প্ৰতীম হাজৰিকা, ফাইজুৰ ৰহমান, মিজু বৰা সুনিল ৰায়কে প্ৰমুখ্যে কৰি নগাঁও সদৰস্থ ছপা মাধ্যমৰ প্ৰায় সকলো সাংবাদিক উপস্থিত থকা সভাখনতে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক সকলক আহ্বায়ক মণ্ডলীৰ তৰফৰ পৰা এখনি বিহুৱানেৰে সম্বৰ্ধনা জনোৱা হয়।

সভাখনি সামগ্ৰিক ভাৱে আঁত ধৰাৰ লগতে সভাৰ আৰম্ভনিতে উদ্দেশ্য ব্যাখ্যা কৰে অন্যতম আহ্বায়ক চন্দন জ্যোতি বৰাই।এই সভাখনতে ছপা মাধ্যমৰ নগাঁও সদৰস্থ সাংবাদিক সকলক সামৰি”নগাঁও প্ৰিন্ট মিডিয়া” নামৰ এক সাংবাদিক সংগঠন গঠন কৰি এখন তদৰ্থ কমিটি গঠনৰ প্ৰস্তাৱ লোৱা হয়।

সেই অনুসৰি জ্যেষ্ঠ সাংবাদিক যাদৱ শইকীয়া, শৈলেন শইকীয়া, অসীম ভাৱাল, গুৰমাইল সিং, জিতেন বৰকটকী, পলাশপ্ৰতীম হাজৰিকা, অজিত মহেশ্বৰী, বৈদ্যনাথ শ্বাহানী, ছফিকুৰ ৰহমান আৰু ফাইজুৰ ৰহমানক উপদেষ্টা, কনক হাজৰিকাক সভাপতি,হেমেন কুমাৰ দাসক কাৰ্যকৰী সভাপতি,মুৰুলী বৰুৱা, অজয় মাহাতু, হৰেশ্বৰ বৰা আৰু বিৰিঞ্চি ডেকাক উপ সভাপতি, চন্দনজ্যোতি বৰা আৰু নাজিম উদ্দিন আহমেদক যুটীয়া সম্পাদক ভাস্কৰ জ্যোতি মেধি আৰু ভাস্কৰ জ্যোতি শইকীয়াক সহকাৰী সম্পাদক, ৰাজজ্যোতি দাস আৰু সূৰজ বৰাক প্ৰচাৰ সম্পাদক, জে পি সিং, মিজু বৰা আৰু ওৱাহিদুজ জামানক সাংগঠনিক সম্পাদক, মিন্টু দাস, মহিবুল্লাহ, গোপাল ৰয়, প্ৰসেনজিৎ মণ্ডল, সুনিল ৰায়, মাধুৰ্য ডেকাক সদস্য হিচাপে লৈ তদৰ্থ সমিতিখন গঠন কৰা হয়।

প্ৰেৰক কনক হাজৰিকা

You might also like