ষ্টাফ ৰিপৰ্টাৰ, দৰং, ২১ এপ্ৰিলঃ মঙলদৈ চহৰৰ ৪নং ৱাৰ্ড বিষ্ণুনগৰ নিবাসী তথা অসম চৰকাৰৰ সমবায় বিভাগৰ অৱসৰী কৰ্মচাৰী যোগেন চহৰীয়াৰ বিয়ালৈ গৈ মৃত্যুক সাৱটি লোৱাত মঙলদৈত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। পৰিয়াল সূত্ৰে প্ৰকাশ যে, কালি দিনৰ ভাগত পৰিয়ালৰ সৈতে চহৰীয়া ওৰাঙৰ সম্পৰ্কীয় লোকৰ বিবাহ অনুষ্ঠানলৈ গৈছিল। বিয়াৰ নিমন্ত্ৰন ৰক্ষা কৰি বিয়লি বিবাহস্থলীত উপস্থিত হৈ চাহ খাই থকা অৱস্থাতে ঢলি পৰে। তেওঁক পুত্ৰ সহ পৰিয়ালে লগে লগে তেজপুৰ মেডিকেল কলেজ হস্পিতেলত ভৰ্তি কৰোৱায় যদিও চিকিৎসকে মৃত ঘোষনা কৰে।মঙলদৈ সনাতন ধৰ্মসভাৰ আজীৱন সদস্য, মঙলদৈ নগৰ সমবায় বেংকৰ প্ৰাক্তন সঞ্চালক, মঙলদৈ শ্ৰীশ্ৰীকৃষ্ণ ৰাসোৎসৱৰ প্ৰাক্তন উপ সভাপতি তথা জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত চহৰীয়াৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে সমগ্ৰ মঙলদৈতে শোকৰ ছাঁ পৰে। আজিপুৱা মঙলদৈ বৰুৱাপাৰাস্থ বাসভৱনত তেওঁৰ মৃতদেহ অনাৰ পিছতে অগনন গুনমুগ্ধই ভীৰ কৰে মঙলদৈৰ বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফুলেন্দ্ৰ নাথ চহৰীয়া, মঙলদৈ চৰকাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি মদন দত্ত, দৰং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, মঙলদৈ সনাতন ধৰ্মসভাৰ সভাপতি পঞ্চানন শৰ্মা, মঙলদৈ উকিল সন্থাৰ প্ৰাক্তন সভাপতি হৰিৰাম চহৰীয়া, মঙলদৈ বনিক সন্থাৰ উপ সভাপতি অমৰজিৎ (পংকুল) শাণ্ডিল্য, উত্তৰ মঙলদৈ উন্নতি সাধিনী সভাৰ সম্পাদক পুৰন চমুৱা,বিষ্ণুনগৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গোলোক শইকীয়া,বিশিষ্ট ব্যৱসায়ী কৈলাস পাটোৱাৰী,মঙলদৈ ৰাসোৎসৱ উদযাপন সমিতিৰ সাধাৰন সম্পাদক ৰূপমজিৎ চহৰীয়া আদিয়ে নিজা বাসভৱলৈ গৈ প্ৰয়াত চহৰীয়াৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী অনুপমা চহৰীয়া, দুই পুত্ৰ নিপদত্ত চহৰীয়া আৰু উজ্বল জ্যোতি চহৰীয়াৰ লগতে একমাত্ৰ কন্যা মাজনী চহৰীয়াক ইহ সংসাৰত এৰি থৈ যায় ।
প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা