নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ তেজপুৰ দেৱী সিং ঘাটত অঘটন। হোটেল মেনেজমেন্টৰ ছাত্ৰৰ সলিল সমাধি। তেজপুৰ বিন্দুকুৰীৰ ছাত্ৰগৰাকীৰ নাম অভিষেক চাওৰা। সহপাঠীৰ লগত পিকনিক খাবলৈ আহিছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ দেৱী সিং ঘাটত। ফুটবল খেলি থকা অৱস্থাত বলটো পানীত পৰাত বল আনিবলৈ পানীত জাপ দিছিল অভিষেকে। ডেকাৰ গাঁৱৰ Don Bosco socio-technical Institution, Hotel managementৰ ছাত্ৰ আছিল অভিষেক। এচ ডি আৰ এফ, তেজপুৰ আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে দেৱী সিং ঘাটত বনভোজ খোৱাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে প্ৰশাসনে। ফলকো অৰা আছে ঘাটত
প্ৰেৰক সমীৰ কৰ