নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ অৰ্ধশতাধিক নেতা-কৰ্মীৰ অশোক সিংহলৰ উপস্থিতিত বিজেপিত যোগদান

🔹 পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ঢেকীয়াজুলিত কংগ্ৰেছত মোক্ষম আঘাত

বিশেষ বাৰ্তা, ২২ এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ কংগ্ৰেছ দলৰ অৰ্ধশতাধিক নেতা-কৰ্মীয়ে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত আজি বিজেপি দলত যোগদান কৰাৰ লগতে আটছাৰ শোণিতপুৰ জিলাৰ উপ-সভাপতি সুনীল তাঁতি, আটছা কৰ্মী বিপুল তাঁতি, গৌৰৱ বাগ,আছা কৰ্মী চন্দন পাইক, আক্ৰাছুৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক ভৱেশ কোচ, বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত কনকা ভিলেজ ৰিজৰ্টৰ স্বতাধিকাৰীদ্বয় প্ৰণৱজ্যোতি নাথ, মনময়ূৰী দেৱীৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সহকাৰী সাধাৰণ সম্পাদক যতীন নাথ, আঞ্চলিক কংগ্ৰেছ ঢেকীয়াজুলিৰ উপ-সভাপতি সমৰ আলী, মিজিবাৰী মণ্ডলৰ উপ-সভাপতি প্ৰবীণ নাথ, মিজিবাৰী মণ্ডলৰ সম্পাদক কিশোৰ ঠাকুৰ, ভোটপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি ৰমেশ চুব্বা, ডুমডুমা মণ্ডল কংগ্ৰেছৰ উপ-সভাপতিদ্বয় আব্দুল চবন, ৰফিকুল ইছলাম, যুৱ কংগ্ৰেছৰ সম্পাদক ৰণ বাহাদুৰ লামা, ডুমডুমা পঞ্চায়তৰ প্রাক্তন ৱাৰ্ড সদস্য কংগ্ৰেছৰ কৰ্মী ক্ৰমে প্রেমা নাথ, অনন্ত নাথ, সদানন্দ বৰা, গৌতম দেউৰী, পদ্ম দাস, কোষেশ্বৰ দাস, দীপক ৰজক, মতিবুৰ ৰহমান, বিজয় টাছায়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত চলা চৰকাৰৰ প্ৰতি আপ্লুত হৈ আজি বিজেপি দলত কেবিনেট মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত যোগদান কৰে । বিজেপি দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰাৰ লগতে বিভিন্ন ৰাজনৈতিক দল নেতা তথা সমাজকৰ্মীয়ে আজি বিজেপি দলত যোগদান কৰা সন্দৰ্ভত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমত জনায়- অনাগত দিনত কংগ্ৰেছৰ এটা বৃহৎ দলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত ঢেকীয়াজুলি সমষ্টিৰ ১৭খন পঞ্চায়তৰ ভিতৰত ১৩খন আঞ্চলিক পঞ্চায়ততে বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থীসকল জয়ী হৈছে৷ আনহাতে, ৪খন জিলা পৰিষদৰ ভিতৰত পাণবাৰী জিলা পৰিষদতো বিজেপি প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে । গতিকে বাকী থকা যিকেইখন আসনত বিজেপি প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰিব, সমূহ বিজেপি প্ৰাৰ্থীয়েই অনায়াসে জয়লাভ যে কৰিব, তাত কোনো সন্দেহ নাই ৷ স্বচ্ছ আৰু নিকা চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপি দলে যিদৰে কৰ্মপন্থা হাতত লৈছে, ৰাইজৰ মাজত বিজেপি দলৰ প্ৰতি ব্যাপক উৎসাহ-উদ্দীপনা আছে। ঢেকীয়াজুলি সমষ্টিৰ বিভিন্ন পঞ্চায়তত যাওঁতে ৰাইজে যথেষ্ট সঁহাৰি আগবঢ়াইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি ৰাইজ এতিয়া বিজেপি আৰু এনডিএৰ পক্ষত ভোট দিবলৈ সাজু হৈ আছে। অহা নিৰ্বাচনত কংগ্ৰেছ দল ঐতিহাসিক পৰাজয়ৰ দিশত আগবাঢ়ি আছে। বিভাজিত কংগ্ৰেছে বিজেপি আৰু এনডিএ সমৰ্থিত কোনো প্ৰাৰ্থীক কোনোধৰণৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেবিনেট মন্ত্ৰী অশোক সিংহলে। বিভাজিত কংগ্ৰেছ দলে না ৰাইজৰ সঁহাৰি পাই আছে না কংগ্ৰেছ কৰ্মীৰ সঁহাৰি পাই আছে। কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ বিভিন্নগৰাকী বিজেপিৰ সম্পৰ্কত আছে আৰু বিজেপিত যোগদান কৰিবলৈ বিচাৰি আছে। পঞ্চায়ত নিৰ্বাচনৰ সময়লৈকে কংগ্ৰেছ কৰ্মীৰ বিজেপি দলত যোগদান অব্যাহত থাকিব বুলি মন্তব্য কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like