নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত পৃথক অভিযানত ড্ৰাগছ জব্দ, মহিলাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। আজি পৃথকে পৃথকে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী সহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত ধিঙৰআটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এক মহিলা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ মহিলা সৰবৰাহকাৰীটোৰ নাম হুজেৰা খাতুন। ধৃত মহিলা ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৭০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু ৫৬৮০০টকা জব্দ কৰে। আনহাতে মূল ড্ৰাগছ সৰবৰাহকাৰী জহিৰুল ইছলাম পলায়ন কৰিবলৈ সক্ষম হয়। ইফালে আন এক অভিযানত লাহৰীঘাটৰ বৰবড়ীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মোস্তাফা মহম্মদ আব্দুল্লাহ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰেৰক আবুল কালাম

You might also like