নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীয়কত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ, যোৰহাটত জুনত পাব লাখপতি বাইদেউৰ ধন

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : আজি মৰিয়নি সমষ্টিৰ অন্তৰ্গত টীয়কত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ প্ৰথম ৰাইজক বিহুৰ ওলগ জ্ঞাপন কৰে। উক্ত সভাত প্ৰথমে ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে পেহেলগ্ৰামৰ নৰকীয় কাণ্ডৰ দোষীক কঠোৰ শাস্তিৰ দাবীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আহ্বান জনায়।এই সন্দৰ্ভত অসমবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ব্যক্তিগতভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। ইপিনে ছেপ্তেম্বৰ মাহৰ ভিতৰত গৌৰৱ গগৈ ১৫ দিন ভাৰত চৰকাৰক নজনোৱাকৈ পাকিস্তানত থাকি আহিছে সেয়া প্ৰমাণিত কৰিব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি কৰে। ইপিনে অসমত বিজেপি চৰকাৰৰ আগমন ২০১৬ চনত হোৱা পৰাই ৰাজ্যত উন্নয়নৰ এক নতুন যুগ আৰম্ভ হৈছে। ২০১৬ ৰ আগত কংগ্ৰেছৰ শাসনত অংগণৱাড়ী কেন্দ্ৰৰ চাকৰি লাভৰ বাবেও ঘূৰণীয়া টকা লাগিছিল বুলি অভিযোগ উঠিছিল। কংগ্ৰেছৰ সময়ত APSC চাকৰি বিক্ৰীৰ বাবেও ডেৰ কোটি টকা লোৱা কথাও উত্থাপন হৈছে। তেতিয়াৰ ৰাজনৈতিক পৰিস্থিতিৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিকালি চৰকাৰী চাকৰি, নিযুত মাইনা আঁচনি, PMAYৰ ঘৰ, বা স্কুলত নামভৰ্তিৰ ক্ষেত্ৰত একো মাচুল দিব লগা নহয়। লগতে তেওঁ কয় যে টীয়ক, মৰিয়নি, যোৰহাট, তিতাবৰ আদি অঞ্চলত মে শেষ বা জুন মাহত মহিলাৰ গোটক ১০,০০০ টকাৰ অৰ্থসাহায্য প্ৰদান কৰা হ’ব আৰু উক্ত অঞ্চলৰ ৰাইজৰ বাবে ৪০০০ অতিৰিক্ত অৰুণোদয়ৰ প্ৰদান কৰা হব।সেয়ে ৰাজ্যৰ প্ৰগতি তথা উন্নয়ন অক্ষুণ্ণ ৰাখিবলৈ লুঙী দল কংগ্ৰেছক ৰাইজে বিচাৰেনে নে বিভিন্ন আঁচনিৰে ৰাইজক উপকৃত কৰা বিজেপিক বিচাৰে তাক চিন্তা কৰি উন্নয়নৰ পক্ষত বিজেপিক ভোটাধিকাৰ সাৱস্ত কৰিবলৈ সকলোকে আহ্বান জনায়।
প্ৰেৰক দিলীপ দত্ত 
You might also like