নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : ভগৱান ৰামৰ নাম জপ কৰিছে নেকি? জম্মু-কাশ্মীৰৰ পহলগাঁৱত জংগী আক্ৰমণত বহু পর্যটকৰ মৃত্যু হৈছে। আহতৰ সংখ্যা বহুতো। কালি পেহেলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত ঘটনাৰ সময়ত শিলচৰৰ অধ্যাপক দেবাশীষ ভট্টাচার্যৰ পৰিয়াল উপস্থিত আছিল। শিলচৰৰ শিৱালিক পাৰ্কৰ বাসিন্দা অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্য তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে পেহেলগামলৈ গৈছিল।
জানিব পৰা মতে, বন্দুকৰ মুখত কলিমা জনা বাবেই পেহেলগামৰ উগ্ৰপন্থী আক্ৰমণৰ পৰা ৰক্ষা পৰে অসমৰ পৰিয়াল। কলিমা গাই শিলচৰৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যৰ পৰিয়ালৰ প্ৰাণৰক্ষা পৰে। জানিব পৰা মতে, অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যৰ পৰিয়ালে ছুটি কটাবলৈ পেহেলগামৰ বৈছাৰণ উপত্যকালৈ গৈছিল। ঘটনাস্থলীত তেওঁলোক উপস্থিত হোৱাৰ পাঁচ মিনিট মান সময়ৰ পিছত উগ্ৰপন্থী দলৰ কেইজনমানে দেৱাশীষ ভট্টাচাৰ্যৰ পত্নীক বন্দুকেৰে ধমক দিয়ে। তদুপৰি কলিমা পঢ়িবলৈ কয়। তেওঁ কলিমা জানিছিল আৰু দুইশাৰী গাই দিয়াৰ পিছত তেওঁলোকক এৰি অইন মানুহৰ ওচৰলৈ যায়।
বৰ্তমান শ্ৰীনগৰৰ এখন হোটেলত আশ্ৰয় লোৱা তেওঁলোকে জনোৱা মতে, দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত হয় এই আক্রমণ। উগ্ৰপন্থীবাদীয়ে নির্বিচাৰ গুলীচালনা কৰাৰ লগতে ওচৰৰ পৰা গুলী চলোৱাৰ পূৰ্বে কেইবাজনো পর্যটকৰ ধৰ্ম পৰীক্ষা কৰিছিল। আক্রমণ সংঘটিত হোৱাৰ সময়ত তেওঁলোক ওচৰতে আছিল। আক্রমণ সংঘটিত হোৱাৰ সময়ত তেওঁলোক ঘটনাস্থলীৰ ওচৰতে আছিল। পৰিয়ালৰ এজন সদস্যই স্মৰণ কৰি কয় যে, আমি দূৰৈত বন্দুকৰ গুলী শুনিছিলো। আমি আমাৰ গাইডক সুধিলে তেওঁ কৈছিল যে হয়তো চিকাৰীয়ে পেলেট বন্দুক ব্যৱহাৰ কৰি জীৱ-জন্তুক ভয় খুৱাইছে।
আমি নাজানিছিলো যে আমি সন্ত্রাসবাদী আক্রমণৰ মুখামুখি হৈছো। ঘটনাস্থলীৰ কাষ চাপি অহাৰ লগে লগে বতাহৰ মাজেৰে নিৰ্বিচাৰে গুলী উৰিবলৈ ধৰিলে। আনৰ সৈতে পৰিয়ালটোৱে ধৰা নপৰাৰ বাবে গছ-গছনিৰ আঁৰত আত্মগোপন কৰে। কিন্তু অতি সোনকালেই তেওঁলোকৰ আত্মগোপন স্থানত উগ্ৰপন্থী দলটো উপস্থিত হয়। তেওঁলোক সশস্ত্ৰ উগ্ৰপন্থীৰ সৈতে মুখামুখি হৈছিল আৰু বন্দুকৰ গুলীত কলিমা আবৃত্তি কৰিবলৈ কোৱা হৈছিল আৰু তেওঁলোকে ভগৱান ৰামৰ নাম জপ কৰিছে নেকি বুলিও প্রশ্ন কৰিছিল।তেওঁলোকে কয়, মুছলমান চুবুৰীত ডাঙৰ-দীঘল হোৱাৰ বাবে আমি কলিমাৰ সৈতে পৰিচিত আছিলো।
আমি আবৃত্তি কৰিছিলো, আৰু সেইটোৱে হয়তো আমাৰ জীৱন ৰক্ষা কৰিছিল।এক চাঞ্চল্যকৰ বিৱৰণীত তেওঁলোকে কয় যে কলিমা আবৃত্তি কৰিব নোৱাৰা আন এজন পর্যটকক থিতাতে গুলীয়াই হত্যা কৰা হয়। সকলো স্থান তেজেৰে লুতুৰি পুতুৰি হৈছিল। আমি জীৱনত এনেকুৱা একো দেখা নাই আৰু কেতিয়াও ভবা নাছিলো। ঘটনাৰ পিছত বন্দুকৰ গুলীত হুয়াদুয়া পৰিস্থিতিৰ সৃষ্টি হয়।। ওচৰৰ এখন দেৱালৰ আৰে আৰে পৰিয়ালটোৱে কোনোমতে উপত্যকাৰ পৰা খোজ কাঢ়ি গৈ মূলপথত উপস্থিত হয়। পিছত তেওঁলোকে পোৱা এখন বাহনেৰে শ্ৰীনগৰলৈ লৰালৰিকৈ গুচি আহে। তেওঁলোকে কয়, কোনো ধৰণৰ আঘাত পোৱা নাই। কিন্তু আমি এতিয়াও সহজ হ’ব পৰা নাই। জীৱনত কেতিয়াবা এনেকুৱা কিবা ঘটনা সংঘটিত হ’ব বুলি কল্পনা কৰা নাছিলো।বৰ্তমান তেওঁলোক বহু আতঙ্কত ভুগিছে বুলি জানিবলৈ দিয়ে।
ইপিনে জানিব পৰা মতে,প্ৰতিশোধ লবলৈ সাজু ভাৰতীয় সেনা। ঘটনাৰ পিছতেই সেনাই অভিযান আৰম্ভ কৰে। পেহেলগামত ড্ৰোণ হেলিকপ্টাৰেৰে শক্তিশালী ৰূপত অভিযান চলায় ভাৰতীয় সেনাই। বৃহৎসংখ্যাক ভাৰতীয় সেনাৰ জোৱানক মোতায়ন কৰা হৈছে। এতিয়ালৈ কাশ্মীৰৰ বাৰামুল্লাত দুই সন্ত্রাসবাদীক হত্যা কৰা হৈছে।
প্ৰেৰক গৌতম তালুকদাৰ